কাঁটাতাঁৰ পাৰ হৈ ভাৰত পালেহি পাকিস্তানী প্ৰেমিকা

প্ৰেমে নামানে ভাৰত-পাকিস্তান

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : “প্ৰেমত ফুলিছে শতদল/প্ৰেমত ঘূৰিছে ভূমণ্ডল।”— তাহানিতে সাহিত্যৰথীয়ে লিখি যোৱা কবিতা। পৃথিৱীত সঁচাকৈয়ে প্ৰেমৰ ফান্দ আছে, কোনে জানে ক’ত ধৰা পৰে! এই পৃথিৱীত কোনে কাৰ প্ৰেমত পৰিব সেয়া কোৱাটো অসম্ভৱ। প্ৰেমৰ বাবেই মানুহ সাঁতুৰি পাৰ হয় সাগৰ, কৰে অসাধ্য সাধন। এই কাহিনীটোও ইয়াতকৈ বৰ বেছি ব্যতিক্ৰম নাছিল। প্ৰেমৰ বাবেই কাঁইটীয়া তাঁৰৰ বাধা আওকাণ কৰি সুমইলাই সুদূৰ পাকিস্তানৰ পৰা ভাৰতীয় মাটিত ভৰি দিছে। জালন্ধৰৰ কমল কল্যাণৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে যুৱতীগৰাকীৰ সকলো আইনী জটিলতা অতিক্ৰম কৰিছে। জানিব পৰা মতে কোভিডৰ বাবে সকলো পৰিকল্পনা থকাৰ পিছতো তেওঁলোকৰ বাবে একত্ৰিত হোৱাটো সম্ভৱ নাছিল। তদুপৰি ভিছা লাভৰ জটিল প্ৰক্ৰিয়াটোৰ বাবে সুমইলাই বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। শেষত পাকিস্তানী যুৱতীগৰাকীয়ে সকলো বাধা অতিক্ৰম কৰি ৬ জুলাই বুধবাৰে আটাৰী সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে। কাহিনীৰ নায়িকাক গ্ৰহণ কৰিবলৈ সাজু হৈছিল ভবিষ্যতৰ স্বামী কমল আৰু তেওঁৰ পৰিয়াল। সুমইলাৰ ভাষাত— “সকলোৱে মোক বোৱাৰী হিচাপে নহয়, ছোৱালী হিচাপেহে সম্ভাষণ জনাইছিল। দেখাত বৰ ভাল লাগিছে। মই যেন নিজৰ পৰিয়ালৰ লগত আছোঁ। কোনো অচিনাকি মানুহ নহয়। সকলো মোৰ ওচৰৰ।” সুমইলাই আৰু কয়— “বিয়াখন ঘৰৰ মানুহে ঠিক কৰি দিছিল। গতিকে কেতিয়াবা দুয়োজনে কথা পাতিছিলোঁ। ভিডিঅ’ চাট হৈছিল।” লাহোৰৰ বাসিন্দা সুমইলা আৰু পঞ্জাৱৰ জলন্ধাৰৰ বাসিন্দা কমল। কমলৰ গাড়ী ডিলাৰশ্বিপ আছে। যদিও ২০১৬ চনত ভিডিঅ’ কলৰ জৰিয়তে তেওঁলোকৰ এংগেজমেণ্ট সম্পূৰ্ণ হৈছিল, তথাপি ২০২০ চনত সামাজিক বিবাহ হোৱাৰ কথা আছিল। কিন্তু কোভিডৰ বাবে দীঘলীয়া টাগ অফ ৱাৰৰ পিছত অৱশেষত ২০২২ চনত তেওঁলোকে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। ইফালে সুমইলাই কয় যে, তেওঁ বাৰে বাৰে ভাৰতলৈ ভিছাৰ বাবে আবেদন কৰিছিল যদিও লাভ কৰা নাই। সুমইলাৰ পৰিয়ালৰ বহু সদস্যই বিয়াত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱপৰ নহয়। পঞ্জাৱৰ কাদিয়ানৰ বাসিন্দা চৌধুৰী মকবুল আহমেদে সুমইলাক ভাৰতলৈ অহাত সহায় কৰিছিল। সুমইলা আৰু মকবুলে ভিছা প্ৰক্ৰিয়া সৰল কৰাৰ বাবে আবেদন জনাইছে যাতে কাঁটা তাঁৰে দুয়োজনৰ পুনৰ মিলনত বাধাৰ সৃষ্টি নকৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More