কাইলৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

0 29

শতাব্দ প্ৰতিনিধি তেজপুৰ ১২ অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় পল’ফিল্ডত অহা ১৩ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ১১ দিনীয়াকৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ তেজপুৰৰ পল’ফিল্ডত  কাইলৈৰ পৰা হ’বলগা এই ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক বঁটা হিচাপে তাৰিণী ভূঞা সোঁৱৰণী চেম্পিয়ন হিচাপে ১ লাখ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক ৰাণাৰ্চ আপ ট্ৰফীৰ লগত ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷ উল্লেখ্য যে, প্ৰতিযোগিতাৰ প্ৰত্যেকখন খেলত প্ৰেম ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰা হ’ব৷ এই প্ৰতিযোগিতাত চিকিম একাদশ, শ্বিলং একাদশ, আচাম ৰাইফলছ, অইল ইণ্ডিয়া, অসম পুলিচ, এ এছ ই বি, গ্ৰীণ ভেলী, মৰাণ টাউন ক্লাব, বঙাইগাঁও একাদশ, সঞ্জীৱন সমাজ আদি দেশ আৰু ৰাজ্যৰ আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে জানিবলৈ দিয়াৰ লগতে ফুটবল প্ৰেমী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More