কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি

শিক্ষাৰ্থীৰ মাজত প্ৰবল ইচ্ছাশক্তিক জাগ্ৰত কৰক--ড° প্ৰাঞ্জল বুঢ়াগোহাঁই

0 138

WhatsApp Image 2024 12 15 at 6.28.27 PM e1734269674804শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ প্ৰৱল ইচ্ছা শক্তি নাথাকিলে শিক্ষাৰ্থী প্ৰকৃতাৰ্থত সফল হ’ব নোৱাৰে।  পৰম্পৰাগত শিক্ষা ব্যৱস্থাত সফল ছাত্ৰৰ ক্ষেত্ৰত প্ৰতিভা মেধা, বুদ্ধি আদিক গুৰুত্ব দিয়া হয় যদিও ইচ্ছাশক্তি অবিহনে প্ৰকৃতাৰ্থত একোজন শিক্ষাৰ্থী সফল হ’ব নোৱাৰে।— এই ভাষ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ। আজি লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ মূল সভাত  নিৰ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰি শিক্ষাবিদ বুঢ়াগোহাঁয়ে এইদৰে কয়। পৰম্পৰাগত শিক্ষা ব্যৱস্থাত থকা বুদ্ধি, প্ৰতিভা, মেধা আদিৰ বিপৰীতে শিক্ষাৰ্থীৰ মাজত প্ৰবল ইচ্ছাশক্তিক জাগ্ৰত কৰিবলৈ শিক্ষক তথা অভিভাৱকক অনুৰোধ জনায়।দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তীৰ আজি দ্বিতীয় তথা অন্তিম দিনা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।WhatsApp Image 2024 12 15 at 5.14.22 PM e1734269865108 শোভাযাত্ৰাত জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ দুৱৰীয়ে অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, স্থানীয় ৰাইজে শোভাযাত্ৰাত অসমীয়া সংস্কৃতিৰ বিভিন্ন দৃশ্যপট পৰিৱেশন কৰে। পুৱা বিদ্যালয়ৰ “হীৰক জয়ন্তী স্মাৰক বৃক্ষ”ৰ পুলি ৰোপণ কৰে জয় গগৈয়ে। বিয়লি ২ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি পদ্ম বৰাৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই মুকলি কৰা সভাত বিদ্যালয়খন স্থাপন কৰা তিনি ভূমিদাতা পৰিয়ালৰ নিকটাত্মীয় কৌশল্যা গগৈ, চন্দ্ৰমা বৰুৱা আৰু নিৰ্মল চন্দ্ৰ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াই বিদ্যালয়ৰ চমু ইতিহাস আলোকপাত কৰি আদৰণি ভাষণ দিয়া সভাত সন্মানীয় অতিথিৰূপে বিশিষ্ট বিজ্ঞান লেখক ড° অমিয়া ৰাজবংশীয়ে কয়- বিজ্ঞান আৰু প্ৰযুক্তিয়ে দিয়া আহিলাসমূহৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাব আছে। কেৱল মানসিক শক্তি আৰু সংযমেৰেহে শেহতীয়া আহিলাৰ প্ৰকৃত সুফল লাভ কৰিব পাৰি। বিশ্বৰ প্ৰখ্যাত মনিষীসকলৰ একাধিক উদাহৰণ দাঙি ধৰি তেঁও কয়- এখন বিদ্যালয় তেতিয়াহে সফল হয়, যেতিয়া বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰই সমাজৰ প্ৰগতিত বিশিষ্ট বৰঙণি আগবঢ়ায়। এডিনবৰা বিশ্ববিদ্যালয়ত প্ৰাক্তন খ্যাতানামা ছাত্ৰৰ প্ৰতিকৃতি স্থাপন কৰি থোৱা আছে বুলিও তেঁও সদৰী কৰে।WhatsApp Image 2024 12 15 at 5.13.19 PM e1734270011520সভাত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া জীৱন চন্দ্ৰ দত্তই পুৰণা শিক্ষা পদ্ধতিৰ আৰু নতুন শিক্ষানীতিৰ তুলনা কৰি ন ন আঁচনি আৰু কৌশল সন্দৰ্ভত আলোকপাত কৰে। বিশিষ্ট অতিথিৰূপে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই লখিমপুৰত প্ৰায় ১ লাখ ২০ হাজাৰ নিবনুৱা আছে বুলি সদৰী কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বৃত্তিমুখী শিক্ষা প্ৰদানত প্ৰাক্তন শিক্ষাৰ্থীক পদক্ষেপ লবলৈ আহ্বান জনায়। তেঁও লগতে লখিমপুৰত জাপানী ভাষা শিক্ষা প্ৰদানৰ ব্যৱস্থাও গঢ়ি উঠিছে মন্তব্য কৰে। সভাত প্ৰাক্তন অধ্যক্ষা বীণা দত্তই হীৰক জয়ন্তীৰ দৰে অনুষ্ঠানে বিদ্যালয়লৈ নতুনত্ব আনি দিয়ে বুলি ভাষণত কয়। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কতিক কাৰ্যসূচীৰে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সমাৰোহৰ সামৰণি পেলোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More