কাকৈ বনাঞ্চলত একেনিশাই অৰুণাচলী দুবৃৰ্ত্তই কাটিলে হাজাৰোধিক মূল্যবান গছ

অসম-অৰুণাচলৰ মাজত সীমা চুক্তি

0 72
  • ঘটনাস্থলীত ডি এফ অ’-আৰক্ষী অধীক্ষক
  • সীমান্তত উত্তেজনা
  • অৰুণাচলীৰ আগ্ৰাসন অব্যাহত
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা অৰুণাচলী দুবৃৰ্ত্তই হাজাৰৰো অধিক মূল্যবান গছ-গছনি কাটি তহিলং কৰা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ WhatsApp Image 2023 05 17 at 7.32.02 PMইতিমধ্যে আজি ঘটনাস্থলীত লখিমপুৰ উচ্চ পদস্থ বন বিষয়া, আৰক্ষী অধীক্ষক উপস্থিত হৈ যোৱা নিশা ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ১৬ মে’ৰ নিশা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমিত অৰুণাচলী দুবৃৰ্ত্তই প্ৰায় ১ হেক্টৰ ভূমিৰ মূল্যবান গছ-গছনি কাটি খাস্তাং কৰি অসমৰ ভূমি দখলৰ প্ৰচেষ্টা চলায়৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত তথা জহিং বন খণ্ডৰ অধীনস্থ লৱাৰ জুমিত যোৱানিশা এনেদৰে অৰুণাচলী দুবৃৰ্ত্তই মেচিনেৰে এফালৰ পৰা অসমৰ বনাঞ্চল ধবংস কৰি যায়৷ দুবৃৰ্ত্তই কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমিত থকা অসমৰ বন বিভাগে ৰোপণ কৰা মূল্যবান গছ-গছনি বিশেষকৈ গমাৰি, শিলিখা, আজাৰ, শিমলু, গন্ধসৰৈ, শলখ আদি বিভিন্ন গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰে৷ যোৱা নিশাৰ এই ঘটনাৰ খবৰ লাভ কৰি আজি উক্ত স্থানত আজি দুপৰীয়া লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ লগতে জিলা আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে লখিমপুৰৰ বন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য যে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মধ্যস্থতাত অসম-অৰুণাচলৰ মাজত সীমা চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচলী লোকে কাকৈ, দুলুং, ৰঙা, কিমিন সংৰক্ষিত বনাঞ্চলত গছ-গছনি কাটি বনাঞ্চল দখলত নামি পৰাৰ সমান্তৰালকৈ অসমৰ বন বিভাগ, প্ৰশাসনৰ লোকক ভাবুকি প্ৰদান কৰি আহিছে৷ শেহতীয়াকৈ যোৱা নিশাৰ এই ঘটনাৰ পিছত সীমান্তৱৰ্তী কাকৈত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More