কাজিৰঙাৰ নতুন ভাবুকি-আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতি

0 63

 

হৰিণাৰ মাংসই বৈৰী-ৰ দৰে এইবাৰ কাজিৰঙাৰ বৈৰীৰূপে চিনাক্ত হৈছে উদ্ভিদ। শুনিবলৈ আচহুৱা হলেও সত্য যে ২৬০০ৰো অধিক এক খড়্গযুক্ত ভাৰতীয় গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি অৱশ্যেই চোৰাং চিকাৰীৰ পৰা নহয়; বৰঞ্চ কেইবাটাও আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতিৰ পৰা, যিয়ে গঁড় আৰু অন্যান্য বন্যজীৱৰ বাসস্থান ধ্বংস কৰাৰ ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন ৰেঞ্জত পোৱা প্ৰায় ১৭টা আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতিয়ে ঘাঁহনিকে ধৰি বাসস্থানৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰকল্প ‘মেনেজমেণ্ট অৱ ইনভেছিভ স্পেচিচ’ৰ অধীনত কৰ্তৃপক্ষই পৰীক্ষামূলকভাৱে এনেবোৰ গছ-গছনি কাটিবলৈ, উভালি পেলাবলৈ আৰু গছ-গছনি গজা বন্ধ কৰাৰ বাবে অনুমতি বিচাৰিছে। এই আক্ৰমণাত্মক প্ৰজাতিবোৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পোৱা বিষয়টো আৱিষ্কাৰ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই কয়— “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল আৰু বিভিন্ন ৰেঞ্জৰলৈ ওলাই যোৱাৰ সময়ত মই আক্ৰমণাত্মক প্ৰকৃতিৰ কিছুমান বিশেষ প্ৰজাতিৰ উদ্ভিদৰ সন্মুখীন হৈছোঁ, যিবোৰৰ কিছুমানৰ বিষয়ে ইতিমধ্যে ৰিপৰ্ট কৰা হৈছে  ( বেছিভাগেই বাৰ্ষিক বনৌষধি, বহুবৰ্ষজীৱী বনৌষধি)। এইসমূহ অপতৃণ বুলি চিনাক্ত কৰা হৈছে; যিয়ে তৃণভোজী প্ৰাণীৰ বাসস্থানৰ বাবে ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰে, ঘাঁহনি অঞ্চলত গুৰুতৰ প্ৰভাৱ পেলায় আৰু পুনৰুৎপাদন বেছ আতংকজনক।” শৰ্মাই কয় যে পানীৰ তলতো বিষাক্ত প্ৰভাৱ পেলোৱা কিছুমান উদ্ভিদ আছে, যি সৰু সৰু গছবোৰত আধিপত্য বিস্তাৰ কৰে। তেওঁ প্ৰজাতিটোৰ সম্প্ৰসাৰণৰ বিপদৰ লগতে আক্ৰমণাত্মক প্ৰজাতিটোৰ পুনৰুৎপাদনৰ সৈতে মোকাবিলা কৰাৰ বাবে এক বিস্তৃত কাৰ্য পৰিকল্পনা ৰচনা কৰিছে। শৰ্মাই অৱশ্যে তেওঁৰ ক্ষেত্ৰ ভ্ৰমণৰ পৰা গম পোৱা মতে কিছুমান প্ৰজাতি অপতৃণ নহয়, বৰঞ্চ অতি অৰ্থনৈতিক চাহিদা থকা প্ৰজাতিহে। বিশ্ববিখ্যাত উদ্যানখনক জুৰুলা কৰা নতুন বিপদৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতিবোৰ পৰীক্ষামূলকভাৱে নষ্ট কৰা, কাটি পেলোৱা আৰু উভালি পেলোৱাৰ বাবে অনুমতি বিচাৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰা শৰ্মাই বোকাখাত ৰেঞ্জৰ মুখ্য কাৰ্যালয়ৰ অন্তৰ্গত ভকত, বামুণ আদি চাপৰিবোৰত ছ’লানেচিয়া পৰিয়ালৰ এবিধ বিষাক্ত উদ্ভিদ– চেষ্ট্ৰাম ডাইউৰনাম বেছ আক্ৰমণাত্মকভাৱে গজি উঠা দেখা পাইছে। তেওঁ কয়— “যদিও ই এবিধ অপতৃণ, ই উচ্চ ঔষধি মূল্যৰ, ভিটামিন ডি-৩ৰ উৎস হোৱাৰ বাবে, পূব অসমৰ অন্য ঠাইৰ পৰা অসাধু ব্যৱসায়ীয়ে চোৰাংভাৱে উলিয়াই আনিছে। ইতিমধ্যে মই ইক’-ডেভেলপমেণ্ট কমিটী (ইডিচি)ৰ জৰিয়তে এই প্ৰজাতিটোৰ বাণিজ্যিক খেতিৰ বাবে দিল্লীস্থিত এটা উৎপাদনকাৰী কোম্পানীৰ সৈতে বিষয়টো গ্ৰহণ কৰিছোঁ। প্ৰতিমাহে ১০ টন শুকান পাতৰ প্ৰয়োজন হোৱা কোম্পানীটোৰ সৈতে আমি এবাৰ মডেলিটিসমূহ চূড়ান্ত কৰিলেই এই বিশেষ অপতৃণবিধক উদ্যানৰ ওচৰত বাস কৰা লোকসকলৰ বাবে জীৱিকাৰ উন্নীতকৰণৰ বাবে সম্ভাৱ্য শস্যলৈ ৰূপান্তৰিত কৰিব পৰা যাব। যিহেতু উদ্ভিদবিধ বিষাক্ত বাবে প্ৰচুৰ পৰিমাণে উপলব্ধ নহয় বা খেতি কৰা নহয়, আনকি তৃণভোজী, গৰু আদিয়েও নাখায়।”

(শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More