কাটাৰত ‘ৰেমোছৰ হেট্ৰিক নিশা’, পৰ্তুগাল অন্তিম আঠত

ফিফা বিশ্বকাপৰ মেচ ৰিপৰ্ট, পৰ্তুগাল বনাম ছুইজাৰলেণ্ড : এই নিশাটো ৰেমোছৰ। তেওঁৰ দুভৰিৰ পৰাই ওলাল এইবাৰ বিশ্বকাপৰ প্ৰথম হেট্ৰিক। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দ্বিতীয়টো গ’ল। খেলখনৰ ৬৭ মিনিটত ৰেমোছে হেট্ৰিক সম্পূৰ্ণ কৰে। প্ৰথম সুযোগতে বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক! ২০০৬ চনৰ বিশ্বকাপত মিৰ’স্লাভ ক্ল’জৰ পিছত ৰেমোছে এই নজিৰ গঢ়িলে। আৰু ৰোনাল্ডো?

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিতেম্বৰ : কাৰ বিষয়ে অধিক চিন্তা বা চৰ্চা কৰা উচিত? ৰোনাল্ডো নে তেওঁৰ সলনি প্ৰথম একাদশত স্থান পোৱা গনকালো ৰেমোছ! এই বিশ্বকাপত অতি কম সংখ্যক দলেই সকাহ লৈ বিৰতিলৈ যাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত পৰ্তুগাল অন্যতম। শেষ ষোল্লৰ মেচখনত চুইজাৰলেণ্ডৰ বিৰুদ্ধে ২-০ গ’লত অগ্ৰগতি লাভ কৰি পৰ্তুগালে বিৰতিলৈ গৈছিল। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ অবিহনেও! দলটোৰ হৈ প্ৰথমটো গ’ল কৰিলে এজন যুৱ ফুটবলাৰে। ৰোনাল্ডোৰ ঠাইত গনকালো ৰেমোছক আৰম্ভণি একাদশত অন্তৰ্ভুক্ত কৰা হৈছিল। দ্বিতীয়টো গ’ল দলৰ আটাইতকৈ বয়সীয়াল ফুটবলাৰ পেপেই কৰে। অভিজ্ঞতা আৰু যৌৱনৰ মিশ্ৰণ। তাৰকা অবিহনে কেনেকৈ ভাল অভিনয় কৰিব পাৰি তাৰেই উদাহৰণ। ৰোনাল্ডোক আৰম্ভণি একাদশত ৰখাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। মেচৰ প্ৰিভিউ লিখা হৈছিল। শেষত সেইটোৱেই হ’ল। পৰ্তুগালৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো ছান্টোছে তেওঁৰ অবিহনে প্ৰথম একাদশ গঢ়িলে।

Goncalo Ramos celebrates his hat trick against Switzerland 1024x575 1

ক্রিষ্টিয়ানো ৰোনাল্ডো অবিহনে প্রথম একাদশ! কল্পনা কৰাটো কঠিন। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আচৰিত কথা নহয়। তেওঁক লৈ অস্বস্তিত পৰিছিল মানচেষ্টাৰ ইউনাইটেডো। ৰিজাৰ্ভ বেঞ্চৰ শক্তি মূলতঃ ব্যয় কৰিব লাগিব। তেওঁৰ আচৰণৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল। এইবাৰ দেশৰ বাবেও একেই পৰিস্থিতি। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৬৫ মিনিটত তেওঁক টেক অফ্ কৰা হয়। তেওঁৰ এই আচৰণত অসন্তুষ্ট হৈ পৰিল প্ৰশিক্ষক। গ্ৰুপ পৰ্যায়ত মাত্ৰ এটা গ’ল। সেইটোও পেনাল্টিৰ পৰা অহা। মানচেষ্টাৰ ইউনাইটেডৰ বিতৰ্কৰ পিছত ৰাষ্ট্ৰীয় দলৰ সতীৰ্থসকলৰ মাজত তেওঁৰ স্থান হেৰুৱাই পেলোৱা যেন লাগিল। কিন্তু ক্রিষ্টিয়ানো ৰোনাল্ডো এনেকুৱা মানুহ, যিকোনো পৰিস্থিতিত, যিকোনো মুহূর্ততে তেওঁ এজন নায়ক৷

পৰ্তুগাল ৬ (ৰেমোছ ১৭’, ৫১’, ৬৭’, পেপে ৩৩’, গুয়েৰেৰো ৫৫’, লিয়াও ৯০+২’)

ছুইজাৰলেণ্ড ১ (আকানজি ৫৮’)

goncalo ramos

ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত অৱশ্যে ৰোনাল্ডোতকৈ গনকালো ৰেমোছৰ ওপৰতে অধিক শব্দ ব্যয় কৰা হ’ব। কাৰণ কাটাৰ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক তেওঁৰ নামলৈ আহিছে। প্ৰথমবাৰৰ বাবে তেওঁ আৰম্ভণিৰে পৰা আৰম্ভ কৰিছিল। সেয়াও ৰোনাল্ডোৰ স্থানত। পাৰ্ফমেন্সৰ অতিৰিক্ত হেঁচা আছিলেই। কিন্তু সেই হেঁচাই যেন আত্মবিশ্বাসহে বঢ়ালে তেওঁৰ। খেলখনৰ ১৭ মিনিটত ৰেমোছে দলক অগ্ৰগতি প্ৰদান কৰে। এনে এটা স্থানৰ পৰাই তেওঁ গ’ল দিছিল, সেয়া অবিশ্বাস্য। বক্সৰ বাওঁফালে ৰেমোছ। চুইজাৰলেণ্ডৰ গ’লৰক্ষকে কোণ সংকুচিত কৰিলে। ৰেমোছে এটা শ্বট ল’লে। বলটো গ’লৰক্ষকৰ মূৰৰ ওপৰেৰে নেটত প্ৰৱেশ কৰিলে। ইয়াৰ পিছতে পেপেই দলৰ ব্যৱধান বৃদ্ধি কৰিলে। খেলখনৰ ৩৩ মিনিটত ব্ৰুনো ফাৰ্নাণ্ডেজৰ কৰ্ণাৰত হেডাৰে গ’ল দিয়ে। বিশ্বকাপৰ নকআউট পৰ্যায়ত গ’ল দিয়া আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয় পেপে। কিন্তু এই নিশাটো ৰেমোছৰ। তেওঁৰ দুভৰিৰ পৰাই বাহিৰ হ’ল এইবাৰৰ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দ্বিতীয়টো গ’ল। খেলখনৰ ৬৭ মিনিটত ৰেমোছে হেট্ৰিক সম্পূৰ্ণ কৰে। প্ৰথম সুযোগতে বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক! ২০০৬ চনৰ বিশ্বকাপত মিৰ’স্লাভ ক্ল’জৰ পিছত ৰেমোছে এই নজিৰ গঢ়িলে। আৰু ৰোনাল্ডো?

skysports portugal switzerland 5988684

খেলখনৰ ৭৩ মিনিটত বিকল্প হিচাপে ৰোনাল্ডোক নমোৱা হয়। বিপক্ষৰ ৱালত আবদ্ধ হৈ পৰা এটা ফ্ৰী কিক্, গ’ল— কিন্তু তেওঁ অফছাইড বুলি জানিছিলেই! আৰু এটা গ’লৰ হাফ্ চাঞ্চ। পৰ্তুগালে ৬-১ গ’লত বৃহৎ ব্যৱধানত জয়লাভ কৰি শেষৰ আঠত নিজৰ স্থান নিশ্চিত কৰে। ২০০৬ চনৰ পিছত আকৌ এবাৰ কোৱাৰ্টাৰ ফাইনেলত। অন্তিম আঠত প্ৰতিদ্বন্দ্বী মৰক্কো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More