কামৰূপত বন্যাৰ্ত-ভূমিস্খলন আক্ৰান্তৰ শিবিৰত চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 18

দিছপুৰ, ১৫ জুন: কামৰূপ (মহানগৰ) জিলাত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলন সৃষ্ট পৰিস্থিতিৰ হেতু জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহায্য় তথা আশ্ৰয় শিবিৰত তাৎক্ষণিক ভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়ক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা এনে আশ্ৰয় তথা বানসাহায্য় শিবিৰত আজিৰে পৰাই দিনে নিশাই ভূমিস্খলন আৰু বান-দুৰ্গত লোকসকলক চিকিৎসা সেৱা আগঢ়োৱাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল নিয়োজিত কৰাৰ দায়িত্ব ন্যস্ত কৰিছে। স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ আধাৰত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে আজি জাৰি কৰা নিৰ্দেশটোত শিবিৰাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় ঔষধ আদি বিনামূলীয়াকৈ উপলব্ধ কৰাবলৈও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়কসকললৈ নিৰ্দেশনা আগবঢ়োৱা হৈছে। প্ৰয়োজন সাপেক্ষে শিবিৰসমূহত অতিৰিক্ত সংখ্যক চিকিৎসক-স্বাস্থ্যকৰ্মীও নিয়োজিত কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্দেশ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More