কাল ব’হাগ

0 39

ডাঃ সুৰজিত গিৰি

মৰমৰ মানুহজনীৰ নিথৰ দেহাটো চাই স্বামী ভাস্কৰে মনে মনে ভাবি আছিল..

ঘৰৰ ওচৰৰ মানুহ কেইজনে ঠিকেই কৈছিল।সাপে দংশন কৰাৰ পাছত চিকিৎসালয়লৈ গলে, মাত্ৰ কেইটামান বেজী দি পেলাই থব।সেয়াই হল।সৰ্প দংশনৰ পাছত এতিয়া ৬ ঘণ্টাত মানুহজনী দেখোন মৃত্যুৰ দুৱাৰ দলিত।এই ৬ ঘণ্টা ডাক্তৰ সকলে একো নকৰিলে দেখোন।

স্বামী ভাস্কৰে ৰাইজ/সমাজৰ কথা নুশুনা বাবে নিজকে ধিক্কাৰ দি আছিল।চিকিৎসা ব্যৱস্থাক বিশ্বাস কৰা কাৰণেই যেন ভাস্কৰে মানুহ জনীক হেৰুৱাব।

২০২২ বৰ্ষৰ পহিলা ব’হাগ
দীপামণি মোহন,২৫ বছৰ
বেতবাৰী

কেইদিনমানৰ নেৰানেপেৰা বৰষুণৰ পাছত, ব’হাগৰ প্ৰথম দিনটোতেই প্ৰকৃতিয়ে অলপ ৰূপ সলাইছিল।বহুত দিনৰ মূৰত ৰ’দজাক ওলাইছিল।দীপামণিয়ে গুৰু জনাৰ আশীৰ্বাদ,পিঠা জলপান কৰি পাকঘৰত চকী পাৰি খুৰীহতৰ লগত মেল মাৰি আছিল।

স্বামী ভাস্কৰে এইবাৰ ঘৰখন বনাই শেষ কৰা কথা আছিল,কিন্তু কিছু বিধি পথালিৰ বাবে সেইয়া সম্ভৱ নহল।ক’ৰবাত ক’ৰবাত মাটিৰ গাত আছিল।পাকঘৰটোৰ শুকান মাটি কেইটা ফাটি গাঁত হৈছিল।সেই গাঁততেই এডাল ফেঁটী সাপ আছিল।দীপামণিহতে মেল মাৰি থাকোতে সাপডালো খাদ্যৰ সন্ধানত গাঁতৰ পৰা ওলাইছিল।দীপামণিহঁতৰ ঘৰত এন্দুৰ আছিল।

ফেঁটী সাপৰ প্রিয় খাদ্য এন্দুৰ।দীপামণিৰ বাওঁ ভৰি টোৰ ওচৰত সাপডাল আহি ৰৈ আছিল।কোনোবা সময়ত দীপামণিৰ ভৰিটো লৰচৰ হোৱাত, সাপডালে বাওঁ ভৰিত দংশন কৰে।সাধাৰণতে সাপে স্থিৰ বস্তুক দংশন নকৰে।যিহেতু দীপামণিৰ ভৰিটো লৰচৰ হৈছিল,সাপডালে কিবা বিপদ বুলি ভাবি দংশন কৰে।

কিহেনো কামুৰিলে বুলি তললৈ চাওঁতে দীপামণিয়ে এডাল ফেঁটী সাপ প্রত্যক্ষ কৰে।তৎক্ষণাত হুৱাদুৱা লাগি যায়।ভৰিটোৰ বিষ আৰু ভয়ত দীপামণি কান্দিবলৈ আৰম্ভ কৰে।তৎক্ষণাত গাঁৱৰ বহুত মানুহ গোট খাই যায়।কোনোবাই ভৰিটো বান্ধিছে, কোনোবাই বেজ মাতিবলৈ যা-যোগাৰ কৰিছে আৰু কোনোবাই মেডিকেলৰ কথা কৈছে,কোনোবাই ব্লেডেৰে খোটা অংশটোত কাটি তেজ উলিয়াব কৈছে ইত্যাদি ইত্যাদি।

বয়সস্থ এজনে উদ্দাত্ত কণ্ঠেৰে চিঞৰি কলে,

“ফেঁটী সাপ অত্যন্ত বিষাক্ত।দীপামণিৰ অত্যন্ত বিষ হৈছে।মেডিকেল গলে দুটামান বেজী দি পেলাই থব।সাৱধান।বেজৰ চিকিৎসাই দীপামণিৰ কাৰণে উত্তম চিকিৎসা।”

স্বামী ভাস্কৰৰ মগজুয়ে কাম কৰা নাছিল।কি কৰা যায়?সমাজ আৰু ৰাইজৰ এশ এবুৰি পৰামৰ্শত ভাস্কৰ দিশহাৰা হৈছিল।দিক বিদিক হেৰুৱাই পেলাইছিল।

স্বামী ভাষ্কৰো বিবুদ্ধিত পৰিল।মেডিকেল নে বেজৰ চিকিৎসা ? এইবোৰ ভাবি থাকোতে থাকোতে আধা ঘণ্টা সময় পাৰ হৈ গৈছিল।

সমাজৰ সকলো পৰামৰ্শবোৰ আওকাণ কৰি ভাস্কৰে তেওঁৰ স্ত্ৰী দিপামণিক ডিমৌ হস্পিটেলত দুপৰীয়া প্ৰায় ১:৩০ ভৰ্তি কৰে।ভৰিত কিছু বিষ/ফুলাৰ বাদে আৰু একো অসুবিধা নথকাৰ কাৰণে কৰ্ত্যবৰত চিকিৎসকে আনুসংগিক কিছু দৰৱৰ বিধান দি পয্যবেক্ষণত সৰ্প দংশনৰ আছুতীয়া কক্ষত ভৰ্তি কৰে।

খোটা ভৰিটোৰ ফটো নাৰ্চ সুবৰ্ণই আমাৰ ডিমৌ হস্পিটেলৰ হোৱাটছ এপ গ্ৰুপত পঠাই দিয়ে।যিহেতু দীপামনিয়ে সাপডাল গছকি দিয়া নাছিল আৰু বৰ্তমান বিশেষ তেনে মাৰাত্মক একো লক্ষণ নাই,মই কলো প্ৰায় ৬ ঘন্টাত বা তাৰ পাছত লক্ষণ দেখা দিব পাৰে।সকলো সতৰ্ক হৈ থাকা।

আমাৰ অসমৰ ফেঁটী সাপৰ বিহ তিনি প্ৰকাৰৰ আমি দেখিছোঁ ।

এক প্ৰকাৰৰ বিহে খোটা অংশটোত ব্যাপক অপকাৰ কৰে, খুব বিষাই, ফুলি যায় আৰু পিছলৈ ডাঙৰ ঘাঁ এটা হয়গৈ,মানুহ মাৰিব পৰা মাৰাত্মক বিহ সাপডালে নিদিবও পাৰে।সাধাৰণতে পানীৰ তলৰ দংশন বা মানুহজনক দংশনৰ কিছু সময় আগতে সাপডালে যদি কিবা খাদ্য খাইছিল বা কেতিয়াবা সাপডালে ভালকৈ মুখটো মেলিব নোৱাৰিলে,এই প্ৰকাৰৰ বিহ ঢালে।এইটো প্ৰকাৰৰ ফেঁটী সাপৰ বিহত আমি এন্টিভেনম বেজী ৰোগীক প্ৰয়োগ নকৰো।

দ্বিতীয় প্ৰকাৰৰ বিহত আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰত চকুৰ বাদু নামি যায়, উশাহ টানিব নোৱৰা হয় আৰু লাহে লাহে সম্পূৰ্ণ ৰূপে সংজ্ঞাহীন হয়।এই প্ৰকাৰৰ বিহৰ লক্ষণত তৎক্ষণাত এন্টিভেনম বেজী আৰু নেঅস্তিগ্মীন বেজী ৰোগীক প্ৰয়োগ কৰা হয়,অন্যথা মৃত্যু অনিবাৰ্য।

তৃতীয় প্ৰকাৰৰ বিহে খোটা ঠাইত কেতিয়াবা অলপ আৰু কেতিয়াবা ব্যাপক অপকাৰ কৰাৰ লগতে, মানুহ মাৰিব পৰা মাৰাত্মক লক্ষণবোৰ দেখা দিব পাৰে।এই প্ৰকাৰৰ বিহ সাপডালে বিহ দিওঁ নিদিওকৈ যদি দিয়ে, বিশেষ কষ্ট যদি নাপায়, তেতিয়া ঢালিব পাৰে।এই প্ৰকাৰৰ বিহত মানুহ মাৰিব পৰা মাৰাত্মক লক্ষণ বোৰ চাৰিৰ পৰা ছয় ঘণ্টাত দেখা দিব পাৰে।দীপামণিৰ ক্ষেত্ৰত ফেঁটী সাপডালে এই তৃতীয় প্ৰকাৰৰ বিহ ঢালিছে বুলি আমি অনুমান কৰিছিলোঁ।কাৰণ দীপামণিয়ে সাপডাল গচকি দিয়া নাছিল,সাপডালেও কষ্ট পোৱা নাছিল আৰু সম্ভৱ সাপডালেও বিহ দিওঁ নিদিওকৈ দিছে।

ফেঁটী সাপৰ বিহ বিভিন্ন প্ৰটিনৰ সংমিশ্ৰণ।যদি ফেঁটী সাপ ডালক গছকি দিয়া হয়,সি খঙত একো নাই হৈ মাত্ৰাধিক বিহ ঢালিব পাৰে আৰু তৎক্ষণাত চিকিৎসা নললে আধাৰ পৰা এক ঘণ্টাৰ ভিতৰত ভুক্তভুগি জনৰ মৃত্যু হব পাৰে।বিহ কিমান ঢালিছে বা কোনটো প্ৰকাৰৰ বিহ ঢালিছে সেইয়া জানিবলৈ আমাৰ ওচৰত কোনো যন্ত্ৰ নাই।সেইয়েহে আমি ৰোগীৰ লক্ষণৰ ওপৰত নিৰ্ভৰশীল।

আমি প্ৰায়ে ভুক্তভুগিজনক কেনেকৈ দংশন কৰিছিল, তাৰ পৰাও আমি কিছু কথা জানিব পাৰো।গতিকে দীপামণিৰ দংশনৰ বিৱৰণিৰ পৰা আমি নিশ্চিত হৈছিলোঁ যে ফেঁটী সাপডালে বিহ দিছে, কিন্তু বৰ বেছি দিয়া নাই।মাৰাত্মক লক্ষণ দেখা দি মৃত্যু ঘটাব পৰা বিহ সাপডালে দিছে নে নাই আমি নাজানো।যদি সেই প্ৰকাৰৰ বিহ দিছে তেনেহলে ৬ ঘণ্টাত লক্ষণ দেখা দিব।৬ ঘণ্টাৰ পাছত আৰু সেইবোৰ লক্ষণে দেখা নিদিয়ে।

আমি সকলোৱে মনত ৰখা উচিত যে বাকী বিভিন্ন বেমাৰ বোৰ ধৰা পেলাবলৈ যেনেদৰে আমাৰ ওচৰত পৰীক্ষা কৰিবলৈ বিভিন্ন টেষ্ট আছে,সাপে দংশন কৰাৰ পাছত দেহত বিহ ঢালিছে নে নাই, সেয়া জানিবলৈ আমাৰ ওচৰত একো টেষ্ট বা কীট নাই।আমি সম্পূৰ্ণৰূপে ৰোগীৰ লক্ষণৰ ওপৰতহে নিৰ্ভৰশীল।মাৰাত্মক লক্ষণবোৰ নাথাকিলে আমি এন্টিভেনম বেজী প্ৰয়োগ নকৰোঁ।

ভুক্তভুগি ৰোগীক ফেঁটী সাপে দংশন কৰিলেও আমি বিহৰ লক্ষণ দেখা দিলেহে এন্টিভেনম বেজী প্ৰয়োগ কৰো।যদি তেজত বিহ নাথাকে তেনেহলে এন্টিভেনম দিলে কেতিয়াবা হিতে বিপৰীত হব পাৰে।কেতিয়াবা ৰোগীজনৰ মৃত্যুও হব পাৰে।এন্টিভেনমবোৰ আমি সচৰাচৰ দেখি থকা বেজীৰ নিচিনা নহয়।

এন্টিভেনম বোৰক সহস্ৰাধিক সৈনিক হিচাবে তেজত মিহলি হৈ থকা বিহক অকামিলা কৰিবলৈ ৰোগীৰ শৰীৰৰ ৰক্ত কেশীকাত এৰি দিয়া হয়।এন্টিভেনমৰ লক্ষ্য সাপৰ বিহ।যদি বিহ নাথাকে,তেনেহলে এন্টিভেনম ৰূপী সশস্ত্ৰ সৈনিকবোৰে কাৰ লগত যুদ্ধ কৰিব?এই সৈনিকবোৰ ৰোগীৰ তেজত গৈ এনেই আৰাম কৰি ৰৈ নাথাকে।ৰোগী জনৰ তেজত যদি কোনো বিষাক্ত সাপৰ বিহ ৰূপী শত্ৰুৰ উপস্থিতি নাপায়, তেনেহলে এন্টিভেনমবোৰে তৰ্জন গৰ্জন কৰি যধে মধে আমাৰ শৰীৰৰ বিভিন্ন কোষ বিলাকত আক্ৰমণ কৰি আমাৰ বিভিন্ন পাৰ্শ্ব ক্ৰিয়া কৰিব পাৰে,কেতিয়াবা মৃত্যুও ঘটাব পাৰে।ৰোগীজনৰ তেজত সাপৰ বিহ থাকিলেও,এন্টিভেনমে কেতিয়াবা পাৰ্শ্ব ক্ৰিয়া কৰিব পাৰে,কিন্তু বিহ নথকা শৰীৰত যিমান পাৰ্শ্ব ক্ৰিয়া কৰে,তাতোতকৈ বহুগুণে কম পাৰ্শ্ব ক্ৰিয়া বিহ থকা শৰীৰত কৰে।সেইবাবে আমি যধে মধে এন্টিভেনম বেজী প্ৰয়োগ নকৰো।

যি কি নহওঁক দীপামণিক তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হল।

আমাৰ কথাবোৰ প্ৰমাণ কৰি ৰাতি প্ৰায় ৭-১৫ মিনিট মানত দীপামণিৰ মাৰাত্মক লক্ষণবোৰ দেখা দিব আৰম্ভ কৰে।উশাহ টানিব নোৱাৰা হয়,চকুৰ বাদু নামিব আৰম্ভ কৰে,থু গিলিব নোৱাৰা হয়।তৎক্ষণাত অতি ক্ষিপ্ৰতাৰে কৰ্তব্যৰত চিকিৎসক ডাঃ গৌৰৱ চৌধুৰীয়ে ১০ টা এন্টিভেনম বেজী আৰু নিঅস্তিগমিন বেজী প্ৰয়োগ কৰে।

লাহে লাহে দীপামণি সম্পূৰ্ণ অজ্ঞান হৈছিল।স্বামী ভাস্কৰে দীপামণিৰ নিথৰ দেহাটো কোলাত থৈ সমাজ আৰু ৰাইজৰ কথা নুশুনাৰ কাৰণে নিজকে মনে মনে ধিক্কাৰ দি আছিল।মৰমৰ মানুহজনীক হেৰুৱাৰ দুখত ভাস্কৰ মৰ্মাহত আছিল।কিন্তু কোনো স্বাস্থ্য কৰ্মীৰ লগত দন কাজিয়া কৰা নাছিল।তৰ্জন গৰ্জন কৰি থকা নাছিল।সকলো স্বাস্থ্য কৰ্মীক ভাস্কৰে সম্পূৰ্ণৰূপে সহযোগ কৰিছিল।৩ বছৰীয়া ল’ৰাটোৱেও মাক দীপামণিৰ নিথৰ দেহটোৰ ওচৰত মা মা বুলি কৈ ফেঁকুৰি আছিল।

আমাৰ স্বাস্থ্য কৰ্মী সকলোও এৰি দিয়াৰ ভকত নাছিল।নাৰ্চ মিনতিয়ে ৰোগীৰ ওচৰতে বহি দিয়ে।প্ৰটকল মতে এন্টিভেনম বেজী আৰু নিঅস্তিগমিন বেজী প্ৰয়োগ কৰা হয়।আমাৰ স্বাস্থ্য কৰ্মীৰ নেৰা নেপেৰা চেষ্টাত দীপামণিৰ লাহে লাহে স্বাস্থ্যৰ উন্নতি হৈছিল।প্ৰায় দুঘন্টাৰ যুদ্ধত আমাৰ স্বাস্থ্য কৰ্মী সকল জয়ী হৈছিল।

কিন্তু দিন বাগৰাৰ লগে লগে দীপামণিৰ দংশন কৰা ভৰিটোত লাহে লাহে কলা পৰি গেলিব আৰম্ভ কৰে।আমি প্ৰত্যেক দিনা দীপামণিৰ স্বাস্থ্য পৰীক্ষা কৰিব গলে, তাইৰ চকুত ক্ষোভ,হতাশা আৰু অবিশ্বাসহে দেখা পাইছিলো।মোৰ লগতে কিয় এনে হল? গেলি যোৱা ভৰিটো ভাল নোহোৱাৰ অবিশ্বাস,আমাৰ চিকিৎসাৰ ওপৰত অবিশ্বাস আদি যেন দীপামণিৰ চকুত ভাঁহি আছিল।ভৰিটোক সম্পূৰ্ণৰূপে ভৰ নিদিবলৈ আমি পৰামৰ্শ দিওঁ। শৰীৰৰ ভৰ ভৰিডালে সহিব নোৱাৰাৰ বাবে স্বামী ভাস্কৰে দিপামণিক কোলাত তুলি তুলি বাথৰুম যোৱাত সহায় কৰে।

সময় বাগৰাৰ লগে লগে দীপামণিৰ দ্ৰুত আৰোগ্য হব আৰম্ভ কৰে। আমাৰ স্বাস্হ্য কৰ্মী পোনা দাই ৬০ দিন নিষ্ঠাৰে ড্ৰেছিং কৰি কৰি দীপামণিৰ ভৰিটো ভাল কৰে।

আমাৰ স্বাস্থ্যকৰ্মী সকলৰ এক সন্মিলিত প্ৰয়াসত এখন সমাজৰ সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰচলিত ধাৰণাবোৰ ভুল বুলি প্ৰমাণিত কৰা হয়।দীপামণিৰ ভৰিটোৰ কোনো হানি বিঘিনি নোহোৱাকৈ আজি স্বামী ভাস্কৰ আৰু ল’ৰাটোৰ লগত সুখেৰে জীৱন অতিবাহিত কৰি আছে।আমি আমাৰ স্বাস্থ্য কৰ্মীক লৈ অত্যন্ত গৌৰাম্বিত।

মনত ৰাখিব সৰ্প দংশনত প্ৰচলিত সমাজৰ কু- সংস্কাৰৰ বিৰুদ্ধে আমি দলগত ভাবে কাম কৰিলেহে আমি জয়ী হম।

80%
Awesome
  • Design
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More