কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

0 17

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ মে’ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ২২ জনীয়া প্ৰথমখন তালিকা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। তেওঁ কয় যে কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। বাকী চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাৱে অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ ফলাফল ভাল হ’ব। এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে বুলি তেওঁ উল্লেখ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা তালিকা অনুসৰি দুৱৰআমলা সমষ্টিত বিজয় টেৰন, আমৰি সমষ্টিত জেনিচন টেৰন, চিনথং সমষ্টিত ৰূপচিং বংৰুং, ৰংখাং সমষ্টিত সিং টেৰন, বিথুং সমষ্টিত খেংবুৰা হানচা, কপিলি সমষ্টিত কাৰেং ফাংচপি, হামৰেনত ৰূপেশ বে, আমেং সমষ্টিত এলাইচ ইংতিপি, হাওৰাঘাট সমষ্টিত চন্দ্ৰ সিং টেৰন, লাংফাৰ সমষ্টিত পূৰ্ণিমা ৰংহাংপি, ফুলনি সমষ্টিত দৰচিং চিংনাৰ, লাংহিন সমষ্টিত ৰাজেন্দ্ৰ বসুমতাৰী, ককান্ঠি সমষ্টিত চাৰজেং ইংতি, মহামায়া সমষ্টিত বিদ্যা সিং ৰংপি, নামতি সমষ্টিত অশোক টেৰন, চচেং ধেংতা সমষ্টিত ৰ‍জেশ টিমুং, লুমবাজং সমষ্টিত ৰাতুল টেৰন, সিংশাসন সমষ্টিত প্ৰদীপ সিংনাৰ, বৰজান সমষ্টিত সুৰেন্দ্ৰ সিংনাৰ, দেউপানী সমষ্টিত জয়চম জেচিম ৰেংমা, নিলিপ সমষ্টিত ছামছং ইংতি আৰু দুৰাবাগৰি সমষ্টিত ৰাজেন ইংতিক প্ৰ‍াৰ্থিত্ব দিয়া হৈছে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্ত আৰু কাৰ্বি আংলঙৰ কংগ্ৰেছৰ সভাপতি চুমু ৰংহাঙকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More