কাৰ্যালয়ত প্রতিদিনে শুবই লাগিব ৩০ মিনিট

চৰ্চাত বাংগালুৰুৰ এটা বেচৰকাৰী প্ৰতিষ্ঠান

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : বাংগালুৰুৰ এটা বেচৰকাৰী প্রতিষ্ঠানৰ কর্মীসকলৰ বাবে কাৰ্যালয়ত প্রতিদিনে ৩০ মিনিট শোৱাটো বাধ্যতামূলক কৰিছে। কর্মীসকলৰ শৰীৰ আৰু মন ভালে ৰখাৰ সমান্তৰালভাৱে তেওঁলোকে যাতে ভালদৰে কাম কৰিব পাৰে তাৰ বাবেই এনে সিদ্ধান্ত। ইতিমধ্যে এই লৈ চলিছে দেশজুৰি চৰ্চা। ‘ৱেকফিট ছলিউচন’ (Wakefit Solutions) নামৰ বাংগালুৰুৰ এই প্রতিষ্ঠানটোৰ সহ-প্রতিষ্ঠাতা চৈতন্য ৰামালিঙ্গেগোৱাই তেওঁৰ কাৰ্যালয়ত এনে এখন জাননী জাৰি কৰিছে। প্রত্যেক কর্মীলৈকো ই-মেইলৰ যোগেদি জাননী প্ৰেৰণ কৰা হৈছে। জাননীত কোৱা হৈছে যে, সকলো কর্মীয়ে আধাঘণ্টা অফিচত শুবই লাগিব। অৱশ্যে শোৱাৰ বাবে দৰমহা কৰ্তন কৰা নহয়। এই লৈ প্রতিষ্ঠানটোৰ অফিচিয়েল একাউণ্টৰ পৰা এটা টুইটো কৰা হৈছে। তাত প্রতিদিনে দুপৰীয়া ২ বজাৰ পৰা আঢ়ৈ বজালৈকে সকলো কর্মীকে শোৱাৰ নির্দেশ দিয়া হৈছে।

* এই সময়ত কোনো কাম কৰা নহ’ব
প্রতিষ্ঠানটোৱে জনাইছে যে, কর্মীসকলৰ আৰামদায়ক টোপনিৰ পৰিৱেশ নিশ্চিত কৰিবৰ বাবে কাৰ্যালয়ৰ ভিতৰতেই ‘কোজি নেপ পড’ আৰু ‘নীৰৱ কক্ষ’ তৈয়াৰ কৰিব কর্তৃপক্ষই। ই-মেইলত ৱেকফিট ছলিউচনৰ সহ-প্রতিষ্ঠাতা চৈতন্য ৰামালিঙ্গেগোৱাই লিখিছে— “আমি সুদীর্ঘ ছবছৰ ধৰি মানুহৰ শোৱাৰ সামগ্রী বিক্রী কৰি ব্যৱসায় কৰিছোঁ। অথচ নিজৰেই টোপনিৰ সতে সঠিক বিচাৰ কৰিব পৰা নাই। সকলোকে অলপ হ’লেও বিশ্রাম দৰকাৰ। সেই কথা ভাবিয়েই ‘আফটাৰনুন নেপ’ আৰম্ভ কৰাৰ কথা বহুদিন ধৰি চলিছিল। এইবাৰ বিষয়টাক গুৰুত্ব সহকাৰে ল’ব লাগিব। সকলোৱেই কমকৈ হ’লেও ৩০ মিনিট শুব লাগিব। কামৰ মাজত অলপ শোৱা দৰকাৰ। ইয়াৰ ফলত শৰীৰ আৰু মন ভালে থাকিব। কাম ভাল হ’ব।”

*গৱেষণাই কি কৈছে
মহাকাশ গৱেষণা সংস্থা নাছা আৰু হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষণাৰ উদ্ধৃতি দি চৈতন্য ৰামালিঙ্গেগোৱাই কয় যে, টোপনিয়ে কর্মক্ষমতা উন্নত কৰে আৰু শাৰীৰিক দুর্বলতা দূৰ কৰে। উল্লেখ্য যে, ‘ৱেকফিট ছলিউচন’ নামৰ এই প্রতিষ্ঠানটোৱে গাৰু, মেট্রেচসহ শোৱাৰ বাবে প্রয়োজনীয় সামগ্ৰী বিক্রী কৰে। আৰু এইবাৰ তেওঁলোকে নিজৰ কাৰ্যালয়তেই শোৱাৰ নিয়ম আৰম্ভ কৰিলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More