কাৰ পকেটত সোমাল শ্ৰমিকৰ বাবে ১৯০৪ টা ঘৰ সাজিবলৈ দিয়া ধন

অসম চাহ নিগমৰ বাগিছাত সংঘটিত অবাধ দুৰ্নীতিৰ তদন্তৰ দাবী শ্ৰমিক নেতা ইজৰাইল নন্দৰ

0 6
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৮ জুলাইঃ অসম চাহ নিগমৰ ১৫ চাহ বাগিছাৰ ১২ খন চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তক নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে আদৰণি জনাইছে। ইউনিয়নৰ সৰ্ব ভাৰতীয় উপ-সভাপতি ইজৰাইল নন্দই এক বিবৃতিত কয় যে অসম চাহ নিগমৰ বাগিছাসমূহ আৰু এশ বছৰ চলাই থাকিলেও বাগিছাৰ শ্ৰমিকসকলৰ উন্নয়ন আশা কৰিব নোৱাৰি । অসম চাহ নিগমত ইমানেই ডাঙৰ-সৰু ফুটা আছে যে ইমান সোনকালে এই ফুটাসমুহ বন্ধ কৰা সহজ নহয় বুলি উল্লেখ কৰি নন্দই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে যি চিন্তা কৰিছে সেয়া প্ৰশংসনীয় । কিন্তু চাহ নিগমৰ লীজত দিয়া বাগিছাসমূহৰ ক্ষেত্ৰত স্থানীয় চাহ কোম্পানীক অগ্ৰাধিকাৰ দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বাহিৰাগত পুঁজিপতিক গটালে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰা হ’ব বুলিও ইজৰাইল নন্দই স্পষ্ট কৰি দিয়ে । ইয়াৰোপৰি তেওঁ বিগত ২০২০ চনত চৰকাৰে চাহ শ্ৰমিকৰ বাবে ১৯০৪ টা নতুন ঘৰ সাজিবলৈ যি পুঁজি মোকলাই দিছিল সেই টকাৰে মাত্ৰ তিনিখনমান বাগিছাত ঘৰ সজা হ’ল যদিও বাকী টকা কাৰ পকেটত সোমাল তাৰ এক তদন্তৰ দাবী কৰে। অসম চাহ নিগমৰ বাগিছাসমূহত সংঘটিত অবাধ দুৰ্নীতিৰ তদন্ত হ’বই লাগিব বুলি নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ সৰ্ব ভাৰতীয় উপ-সভাপতি ইজৰাইল নন্দই উল্লেখ কৰে। তেওঁ কয় যে এই দুৰ্নীতিৰ কুফল ভূগিবলগীয়া হৈছে চাহ শ্ৰমিকসকলে। এতিয়াও চাহ শ্ৰমিকৰ ভৱিয্যনিধিৰ ৫০০ কোটি টকা জমা দিবলৈ বাকী আছে । অসম চাহ নিগমৰ বৰ্তমানৰ চেয়াৰমেন ৰাজদীপ গুৱালা আৰু ভাইচ চেয়াৰমেন শিৱ ভদ্ৰা দুয়োজনেই চাহ শ্ৰমিকৰ সন্তান হোৱা হেতুকে এই দুয়োজন নেতাই চাহ শ্ৰমিকক প্ৰতাৰণা নকৰে বুলি নন্দই বিবৃতিটোত আশা ব্যক্ত কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More