কা – এন এইছ পি চিৰ বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা অখিল গগৈৰ

মই মৰি গলেও বিজেপিত যোগদান নকৰো : লখিমপুৰত অখিল গগৈ

0 29

শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১২ মেঃ লখিমপুৰত আজি উপস্থিত হৈ কা আৰু এন এইছ পি চি ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে অখিল গগৈয়ে। লখিমপুৰত উপস্থিত হৈয়ে অখিল গগৈয়ে আজি এই হুংকাৰ দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা এন এইছ পি চিৰ বিৰুদ্ধে অন্তিম সকীয়নি দিয়ে। নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে নামনি সোৱণশিৰি জল জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আৰম্ভ হব প্ৰতিবাদ বুলি মন্তব্য কৰে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কেতিয়াও সম্পূৰ্ণ কৰিবলৈ দিয়া নহব বুলি লখিমপুৰৰ পৰা অখিল গগৈয়ে এই হুংকাৰ দিয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ প্ৰত্যেকজন লোক দুখীয়া হৈ গৈছে বুলি অভিযোগ কৰি সকলো প্ৰকাৰে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ দলত যোগদান কৰিব পাৰে কিন্তু অখিল মৰি গলেও বিজেপিত যোগদান নকৰে বুলি স্পষ্ট কৰে । লখিমপুৰত উপস্থিত হৈ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ কাৰ্যালয়ত বিজেপি, জাতীয় পৰিষদ, অসম গণ পৰিষদ আৰু গণশক্তি দলৰ পৰা ২৬ জনে যোগদান কৰিলে ৰাইজৰ দলত। এই যোগদান সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে। দলীয় যোগদান সভাত উপস্থিত হৈ কয় যে, অসমৰ অৱস্থা শ্ৰীলংকা দৰে হৈ পৰিছে অৰ্থনৈতিক ক্ষেত্ৰত শ্ৰীলংকাৰ দৰে হবলৈ নিদিয়াৰ আহ্বান অসম চৰকাৰক । অখিলৰ মন্তব্য হিমন্তৰ বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত জনসাধাৰণক অৰ্থনৈতিক ভাবে দুৰ্বল কৰি পেলাইছে ।।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More