কিমান সাৰ্থক হ’ব বিশৃংখল তিনিচুকীয়াৰ ১৩০.৬৫ বর্গ কি.মি. এলেকাত মাষ্টৰ প্লেন ৰূপায়ণৰ প্ৰস্তুতি

0 30

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ : তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা, ২০৪১ (তিনিচুকীয়া মাষ্টৰ প্লেন, ২০৪১) সন্দৰ্ভত আলোচনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) হিতাধিকাৰীৰ মাজত সজাগতাৰ বাবে আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এখন সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰাকৃতিক গেছ, পেট্ৰ’লিয়াম, শ্ৰম ও নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ মুখ্য অতিথি ৰূপে উপস্থিত থকা সভাখনত উপায়ুক্ত নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁইৰ উপৰি প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু অন্যান্য ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে, অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ নির্দেশনাত আৰু সঞ্চালকৰ কাৰ্য্যালয়, নগৰ ও গাওঁ পৰিকল্পনা, দিছপুৰ, অসমৰ সহযোগিতাত নগৰ ও গাওঁ পৰিকল্পনা বিভাগৰ ডিব্ৰুগড় কাৰ্য্যালয়ে তিনিচুকীয়া নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ গ্ৰাম্য এলেকা সামৰি প্রায় ১৩০.৬৫ বর্গ কি.মি. মাটি কালি সাঙুৰি তিনিচুকীয়া সর্বাঙ্গীন পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিছে ৷ জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি আৰু নগৰীকৰণৰ বিভিন্ন ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ ৷ এই সর্বাঙ্গীন পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত ৰাইজক গঠনমূলক মতামত আৰু দিহা-পৰামৰ্শ আগবঢ়াবৰ বাবে আহ্বান জনোৱা হৈছে। ৰাইজে এই সর্বাঙ্গীন পৰিকল্পনা সন্দৰ্ভত নিজৰ মতামত লিখিতভাবেও জমা দিব পাৰিব ৷ আজিৰ সভাত নগৰ ও গাওঁ পৰিকল্পনা বিভাগৰ ডিব্ৰুগড় কাৰ্য্যালয়ৰ উপসঞ্চালক বিশ্বজিৎ ভূঞাই উক্ত পৰিকল্পনা সন্দৰ্ভত এক পাৱাৰপইণ্ট প্ৰেজেণ্টেছন আগবঢ়াই ৷ কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়াৰ সৰ্ব্বাঙ্গীন বিকাশৰ বাবে পৰিকল্পনাৰ যি খচৰা প্ৰস্তুত কৰিছে তাক কাৰ্য্যকাৰী কৰিবৰ বাবে ৰাইজৰ গঠনমূলক দিহা-পৰামৰ্শ নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰি তিনিচুকীয়াৰ স্থানীয় ৰাইজক সু-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় ৷ উপায়ুক্ত নৰসিং পৱাৰে এখন নগৰ বা চহৰৰ উন্নয়নৰ বাবে এক সুপৰিকল্পনা অতিকৈ গুৰুত্বপূৰ্ণ বুলি ব্যক্ত কৰি তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা, ২০৪১ সন্দৰ্ভত ৰাইজৰ কিবা পৰামৰ্শ তথা অভিযোগ থাকিলে লিখিতভাবে জনাবলৈ কয় ৷ ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া নগৰখনৰ উন্নয়নৰ বাবে এই মাষ্টৰ প্লেন তৈয়াৰ কৰা হৈছে বুলি উল্লেখ কৰি নগৰবাসী সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে নগৰখনৰ এক সুপৰিকল্পনা অতিকৈ প্ৰয়োজন বুলি কয় ৷ তেওঁ এইক্ষেত্ৰত ৰাইজৰ গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে ৷ উল্লেখ্য যে সততে বিশৃংখল আৰু লেতেৰা চহৰ ৰূপে পৰিচিত তিনিচুকীয়া চহৰখনৰ পদপথৰ পৰা আৰাম্ভ কৰি বাটপথ সকলোতে বহিৰাগতৰ বেদখল বিদ্যমান ৷ সমগ্ৰ চহৰখনত অবৈধ নিৰ্মাণৰ পয়োভৰ ৷ এইবোৰৰ বিষয়ে সময়ে সময়ে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰি আহিছে যদিও জিলা প্ৰশাসন কিম্বা পৌৰসভাই আজি পৰ্য্যন্ত বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ তেনেস্থলত তিনিচুকীয়া নগৰ আৰু ইয়াৰ উপকণ্ঠৰ প্রায় ১৩০.৬৫ বর্গ কি.মি. মাটি সাঙুৰি প্ৰস্তুত কৰা মাষ্টৰ প্লেন প্ৰকৃতাৰ্থত কিমান সাৰ্থক হ’ব সেয়া সময়েহে ক’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More