কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো সংঘটিত হৈছিল যোৱা ৩১ডিচেম্বৰৰ নিশা৷অঞ্চলটোৰ এগৰাকী মহিলাৰ তিনি সন্তান ঘৰত নথকাত মহিলা গৰাকী ঘৰত অকলশৰে থকাৰ বাবে কাষৰীয়া পৰিয়াল এটাৰ কিশোৰীগৰাকীক নিশা অকলশৰে থকা মহিলাগৰাকীৰ ঘৰত থাকিবৰ বাবে মাতি নিয়ে৷কিশোৰীৰ পিতৃক মহিলাগৰাকীয়ে কৰা অনুৰোধমৰ্মেই কিশোৰীক মহিলাগৰাকীৰ লগত থাকিবলৈ পঠিয়াই দিয়ে আৰু ৩০ডিচেম্বৰৰ নিশা কিশোৰীগৰাকী তাত থকাৰ পাছত ৩১ডিচেম্বৰতো মহিলাগাকীৰ স’তে থাকিবলৈ যায়৷কিন্তু সেই নিশা মহিলাগৰাকীৰ বৰপুত্ৰ চানু গুৰুং(২৬)ঘৰলৈ আহে আৰু নিশা কিশোৰীগৰাকীক বলাৎকাৰ কৰে৷এই বিষয়ে কিশোৰীৰ পৰিয়ালে জানিব পাৰি দুই জানুৱাৰীত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ইপিনে জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই অভিযুক্ত চানুৱে পলায়ন কৰে৷আনহাতে অভিযোগ লাভ কৰাৰ পাছতে পীড়িতা কিশোৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত বিভিন্ন স্হানত অভিযান চলাই৷আৰক্ষীয়ে চলোৱা অভিযানত পাছত পলাতক চানুক চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা ৩/২৩ নম্বৰ গোচৰ অনুসৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত চানুক তেজপুৰস্হিত সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷আৰক্ষীয়ে সদৰি কৰা অনুসৰি কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাত তেওঁ এই বৰ্বৰ কাণ্ডৰ বলি হোৱাটো নিশ্চিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More