কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ধেমাজিৰ খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ

0 57

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১০ জুলাই : ধেমাজি নগৰৰ নিকটৱৰ্তী এখন ঐতিহ্যপূৰ্ণ গাঁও খুৱলীয়া। গাঁওখনৰ ঐক্য-সম্প্ৰীতি আৰু বিগত বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো অনুষ্ঠিত কৰে এক অভিনন্দন অনুষ্ঠান।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা খুৱলীয়া গাঁৱৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক আজি খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।IMG20220710152005 খুৱলীয়া গাঁৱৰ পৱিত্ৰ হৰিমন্দিৰত গাঁওখনৰ ১১ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক একোখনকৈ সম্বৰ্ধনা পত্ৰৰ লগতে কিতাপৰ টোপোলা, কলম ফাইল ক’ভাৰ আদি প্ৰদান কৰা হয় । মেধাবী ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক শৈক্ষিক দিনত উৎসাহ যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটো সঞ্চালনা কৰে খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি কামেশ্বৰ গগৈয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰা কেইবাগৰাকী অভিভাৱক আৰু বিশিষ্ট ব্যক্তিয়ে মননশীল ভাষণৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ লগতে খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ পদক্ষেপক শলাগ লয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মৰিধল মহাবিদ্যালয়ৰ অধ্যাপক প্ৰণৱ কটকীয়ে ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য স্থিৰ কৰি সাহসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । ভাষণ প্ৰসংগত তেওঁ ছাত্ৰছাত্ৰীৰ নৈতিক চৰিত্ৰ, আচৰণ, ব্যৱহাৰ আৰু আধ্যাত্মিক বিষয় আলোকপাত কৰি সমাজ নামৰ দাপোণত নিজক নিজে সুস্থভাৱে প্ৰতিফলিত কৰিবলৈ আহ্বান জনায় । স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক গুণ কোঁৱৰৰ লগতে আন কেইবাগৰাকী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পালন কৰিবলগীয়া কেতবোৰ কাৰ্যাৱলী অৱগত কৰে । একেদৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেও লক্ষ্য- উদ্দেশ্য আৰু অনুভৱ ব্যক্ত কৰে। উল্লেখ্যযে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ উপৰি অৰুণোদয় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক গুণ কোঁৱৰে সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মূল্যবান গ্ৰন্থ প্ৰদান কৰে । একেদৰে ভৰত শইকীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ডালিমী গগৈ আৰু সমাজ সেৱক লম্বোদৰ গগৈয়ে একোটাকৈ কলম আৰু স্থানীয় উদীয়মান যুৱক শিৱ গগৈয়ে একোখনকৈ চাদৰ প্ৰদান কৰি উৎসাহিত কৰে । তদুপৰি আগন্তুক দিনত এনে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বিভিন্ন উপহাৰ প্ৰদান কৰিব বুলি সভাত সমবেত ব্যক্তিয়ে অৱগত কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More