কৃতজ্ঞতা জনোৱাটো এক সৌজন্য

0 105

বিমল বৰগোহাঁই
আমাৰ জীৱনটো অকল নিজৰ বাবেই নহয় বুলি ব্যক্তিগত ভাবে বিবেচনা কৰোঁ। আমি প্রত্যেকেই জীৱন কালত এনে কিছু ব্যক্তি লগ পাইছো বা দেখিছো, যি সকলৰ বিভিন্ন ইতিবাচক কৰ্মৰাজি বা চিন্তাধাৰাৰ বাবে আমাৰ সমাজৰ বহু অসহায় বা অভাৱী লোক উপকৃত হৈছে। এগৰাকী অসহায় ব্যক্তিক কৰা অকণমান সহায়ৰ বাবে যদি তেওঁৰ মুখত হাঁহি বিৰিঙব পাৰে, তেন্তে তাতকৈ আনন্দৰ বা সুখৰ বতৰা কি হব পাৰে! এনেবোৰ কৰ্মই সহায় কৰোতাজনৰ অন্তৰত লুকাই থকা সঁচা আন্তৰিকতাৰ প্রকৃত ছবিখনৰ পৰিচয় দাঙি ধৰে। আমাৰ সমাজৰ এনে এচাম মানুহৰ মহৎ কৰ্মই আমাৰ প্রত্যকৰে মন আৰু হৃদয় নিশ্চয়কৈ চুই যায়। ইয়াৰ উপৰি সেই সহায় কৰা ব্যক্তি গৰাকীয়ে আমাৰ সকলোৰে দৃষ্টিত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয়। এজন ব্যক্তিৰ কৰ্মই যে তেওঁৰ চৰিত্রৰ প্রতিফলন ঘটায়, সেইটো এটা ধ্ৰুৱ সত্য কথ।| আমি বহুতেই ভগৱানৰ আশিস পাবলৈ বিভিন্ন নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, আদিলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰোঁ একমাত্ৰ নিজৰ মঙ্গলৰ বাবে। কিন্তু, সমাজৰ মঙ্গলৰ বাবে আমি কিমান জনে চিন্তা কৰোঁ! ভগৱানৰ প্ৰতি ভক্তি থকাটো খুব ভাল কথা। সকলোৰে থকাটোও প্ৰয়োজন। কিন্তু, অগাধ ভক্তি দেখুৱাই আনৰ অনিষ্ট কৰা বা মনৰ ভিতৰত বেয়া চিন্তা লৈ থকা লোকো আমাৰ সমাজত নথকা নহয়। মই, ভাবো বেছিকৈ ধাৰ্মিক হোৱাতকৈ মানুহক বা আর্তজনক সেৱা কৰাটোহে প্রকৃত ধৰ্ম। মোৰ বোধেৰে মানৱ ধৰ্মই হৈছে উত্তম ধৰ্ম।

এতিয়া আহো মূল কথাটোলৈ। আজি শিৰোনামৰ মূল বিষয় বস্তু হল ” কৃতজ্ঞতা”। আমাৰ সমাজত এটা পৰম্পৰা আছে যে, কোনোবাই যদি আপোনাক বা মোক বিপদৰ সময়ত বা প্রয়োজনৰ সময়ত অকণমান সহায় কৰিছে বা আপোনাৰ কাষত থিয় দিছে, তেন্তে আমি তেওঁক আন্তৰিকতাৰে কৃতজ্ঞতা জনোৱা উচিত বা তেওঁ কৰা সহায়ৰ বাবে তেখেতক ধন্যবাদ জনোৱাটো এটা সৌজন্য আৰু নৈতিক দায়িত্ব বুলি ভাৱো। কিন্তু, আজিকালি যেন সেই নৈতিকতা, সৌজন্য, ভদ্রতা আদি শব্দ সমূহ আমাৰ সমাজৰ এচাম স্বাৰ্থপৰ লোকৰ বাবে অচিনাকি হৈ পৰিছে। নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এইচাম লোকে আপোনাৰ বা মোৰ ওচৰ চাপিবলৈ একো কুন্ঠাবোধ নকৰে আৰু নিজৰ কাম আদায় হোৱাৰ পাছত কৃতজ্ঞতা প্রকাশ কৰাটো দূৰৈৰ কথা, তেওঁলোকে ওলোটাই আপোনাৰ বদনামহে কৰি ফুৰা দেখা যায়। এইচাম মানুহ গাখীৰ খোৱাই পোহা ফেঁটী সাপৰ দৰে। কেতিয়া খুঁট মাৰে কোনো ঠিকনা নাই। এনেবোৰ মানুহ বিষাক্ত সাপতকৈও ভয়ানক। গতিকে এই সকল লোকৰ পৰা সদায় সাৱধান হৈ থকাই জ্ঞানী লোকৰ কাম।

অতিক্ৰম কৰা জীৱনৰ ৫৩ টা বসন্তৰ সময়খিনিত বহু ভাল-বেয়া মানুহৰ সংস্পৰ্শলৈ আহিছোঁ। বহু শুভাকাংশীৰ শুভ আশিস আৰু আনক কৰা সহায়ৰ বাবেই বোধকৰোঁ কিছু বেয়া চিন্তাধাৰা কৰা আমাৰ সমাজৰ এচাম তথাকথিত মুখা পিন্ধা ভদ্র বা নিজকে সৎ বুলি ভবা ব্যক্তিৰ কু-কৰ্মৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰিছো বুলি বিশ্বাস কৰোঁ। গতিকে মোক বিপদৰ সময়ত সহায় কৰা প্রতিগৰাকী বন্ধু-বান্ধৱী, সহকৰ্মী-বিষয়া, আত্মীয় আৰু শুভাকাংক্ষীক সদায় মনত পেলাও বা তেওঁলোকক কৃতজ্ঞতা জনাওঁ। বিপদৰ সময়ত যদি কোনোবাই কাৰোবাৰ পৰা অকনমাণ সহায় পায়, তেন্তে সেই ব্যক্তিগৰাকীয়ে কিমান মানসিক সাহস আৰু সকাহ পায়, সেইটো একমাত্ৰ তেওঁহে উপলব্ধি কৰিব পাৰে। তেনে কিছু সহায় ময়ো প্রায়েই চিনাকি-অচিনাকি, বিপদগ্রস্ত বা অসহায় লোকক নিজৰ সামৰ্থ অনুযায়ী সহায় কৰিবলৈ প্ৰায়ে চেষ্টা কৰোঁ। মই কেতিয়াওঁ সহায় কৰাৰ বাবদ প্রতিদান বিচৰা নাই। কিন্তু কেতিয়াবা অকস্মাৎ লগ পোৱা এগৰাকী অচিনাকি ব্যক্তিয়ে মই কৰা কিবা সহায়ৰ বাবে যেতিয়া আন্তৰিকতাৰে কৃতজ্ঞতা জনায়, তেতিয়া মনত এটা মানসিক আত্মসন্তুষ্টি অনুভৱ কৰোঁ হয়তো মই কেতিয়া আৰু কিদৰে তেওঁক সহায় কৰিছিলো, সেই কথা মই পাহৰিয়েই পেলালো। অন্যহাতে, এনে বহু আপোনাৰ বা মোৰ অতি ঘনিষ্ঠ চিনাকি লোক আছে, যি সকলে প্রয়োজনৰ বা বিপদৰ সময়ত সঘনাই আমাৰ ওচৰ চাপে, কিন্তু নিজৰ কাম সিদ্ধি হোৱাৰ পাছত ফৰিং চিটিকা দিয়ে। কৃতজ্ঞতা জনোৱাটো দূৰৰে কথা, মাত এষাৰ দিবলৈও যেন তেওঁলোকৰ সময়ৰ অভাৱ। প্রকৃতাৰ্থত এইসকল লোকক স্বাৰ্থপৰ বা সুবিধাবাদী বুলি কলেও বঢ়াই কোৱা নহয়।  এনেকুৱা বহু ব্যক্তিৰ সংস্পৰ্শলৈ আহিছোঁ। কেতিয়াবা এইবোৰ কথা ভাবিলে মনত বৰ দুখ লাগে। যিকি নহওঁক, আমি একেখন সমাজতে বসবাস কৰোঁ। বিপদৰ সময়ত ইজনে-সিজনক সহায় কৰাটো আমাৰ প্রত্যেকৰে এটা নৈতিক আৰু সামাজিক দায়িত্ব বুলি মই বিবেচনা কৰোঁ। ইয়াৰ উপৰি আমি প্রত্যেকেই সহায় কৰোতাজনৰ প্রতি অকণমান কৃতজ্ঞতা বা ভদ্রতা প্রৰ্দশন কৰাটো সৌজন্যৰ পৰিচয় হিচাপে গ্রহণ কৰিব লাগে। কিবা এটা কাম কৰি দিয়াৰ বিনিময়ত সহায় কৰোতা জনৰ প্রতি যদি আমি কৃতজ্ঞতা বা ধন্যবাদ এটাও নজনাওঁ, তেন্তে সেয়া আপোনাৰ-মোৰ ফালৰ পৰা এটা অভদ্রামী বুলিয়েই কব লাগিব। গতিকে আমি “কৃতজ্ঞতা”ৰ এই বান্ধোনডাল যদি কটকটীয়া কৰি ৰাখো, তেন্তে দেখিব আপোনাৰ মোৰ বিপদৰ সময়ত, সহায় কৰিবলৈ বা মাত এষাৰ দিবলৈ আমাৰ সমাজত মানুহৰ অভাৱ নাথাকিব।

(লেখকৰ ঠিকনাঃ বৰবিল নং-২, ডিগবৈ, তিনিচুকীয়া, ফোন নং: ৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More