ৰাজ্যত প্ৰথমবাৰৰ বাবে কৃষকে মৎস্য-পশুপালন- দুগ্ধ উৎপাদনৰ বাবে লাভ কৰিব কে চি চি ঋণ

কৃষকক সহজে কে চি চি ঋণ প্ৰদানৰ পদক্ষেপ

0 51

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ এপ্ৰিলঃ চৰকাৰে কে চি চি ঋণ পাব লগা হিতাধিকাৰীসকলক সহজে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানেৰে কে চি চি ঋণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলে ইয়াৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু সময়ত কে চি চি ঋণ প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সুবিধা হ’ব। কৃষকসকলে যাতে বেংকৰ পৰা সহজে কৃষি ঋণ লাভ কৰিব পাৰে তাৰ বাবেই চৰকাৰে ‘কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ নামৰ এই আঁচনিখন ৰূপায়ণ কৰিছে । পি এম কিষাণ আঁচনিত অৰ্ন্তভুক্ত যিসকল উপযুক্ত হিতাধিকাৰীৰ কিষাণ ক্ৰেডিট কাৰ্ড নাছিল সেইসকল হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ বিশেষ উদ্যোগ গ্ৰহণ কৰা হ’ব । লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন সংবাদমেলত জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱাই  চৰকাৰৰ এই পদক্ষেপৰ কথা সদৰী কৰে। সংবাদমেলত নাবাৰ্ডৰ ডি ডি এম অম্লানজ্যোতি তামুলী, জিলা লীড বেংক মেনেজাৰ নন্দেশ্বৰ বৰ্মন, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই অংশগ্ৰহণ কৰা সংবাদমেলত জিলা উন্নয়ন আয়ুক্তই কয় যে লখিমপুৰত পি এম কিষাণ আঁচনিত প্ৰায় ৩৩ হাজাৰ কৃষকে কৃষি ঋণ পোৱাৰ যোগ্যতা অৰ্জন কৰিছে। লখিমপুৰ জিলাত বৰ্তমান প্ৰায় ৩৩ হাজাৰ পি এম কিষাণ ক্ৰেডিট কাৰ্ডৰ হিতাধিকাৰী আছে যদিও এইসকলৰ মাজত কেৱল ২৫০০ জনৰহে কিষাণ ক্ৰেডিট কাৰ্ড আছে। যিসকল হিতাধিকাৰীয়ে এতিয়াও কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰা নাই আৰু আন কৃষকসকলেও উপযুক্ত নথি-পত্ৰ জমা কৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। গাঁওসভাত কৃষি বিভাগৰ বিষয়াৰ লগতে বেংকৰ বিষয়াসকলো উপস্থিত থাকিব বুলি তেওঁ সদৰি কৰে। উল্লেখ্য যে এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰা কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষিৰ উপৰি দুগ্ধ, মীনপালন আৰু পশুপালনৰ বাবেও বেংকৰ পৰা ঋণ লাভ কৰিব। প্ৰধানমন্ত্ৰী বীমা সুৰক্ষা যোজনা, অটল পেঞ্চন যোজনা আদিক সামৰি লৈ সজাগতা সৃষ্টি কৰা হ’ব আৰু কৃষকসকলে যাতে এই আঁচনিৰ সুবিধা লাভ কৰে তাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এনে প্ৰচেষ্টা হাতত লৈছে বুলি সংবাদমেলত উপস্থিত থকা তামুলী আৰু বৰ্মনে উল্লেখ কৰে। উল্লেখ্য যে অহা ২৪ এপ্ৰিলৰ পৰা ১ মে’লৈ লখিমপুৰত অনুষ্ঠিত হ’ব লগা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী আঁচনিৰ সজাগতা অভিযানৰ সকলো কাৰ্যসূচীত লখিমপুৰৰ কৃষক ৰাইজক অংশগ্ৰহণ কৰিবলৈ জিলা উন্নয়ন আয়ুক্তজনে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More