কৃষিক্ষেত্ৰত  ‘আলোড়ন ‘-এ তুলিছে জোৱাৰ 

আলোড়ন কৃষি গোট এতিয়া হ'ল প্ৰাইভেট কোম্পানী 

0 166

মুক্তাৰ আলী

 ‘আলোড়ন’- অসমৰ কৃষি ক্ষেত্ৰৰ এটি চিনাকি নাম। আলোড়নৰ উৎপাদিত কোমল চাউল, চিৰা, হালধি, উখোৱা চাউল, তিল, সৰিয়হৰ তেল, ভজা চাউল ইত্যাদি এতিয়া বজাৰত সুলভ । অসমৰ পৰিধি নেউচি বহিঃৰাজ্যৰ বজাৰতো উপলব্ধ হৈছে আলোড়নৰ খাদ্য সামগ্ৰী। জৈৱিক উৎপাদনৰ বাবে বিখ্যাত আলোড়ন জিৰ’ৰ পৰা হিৰ’ হোৱা এটা কোম্পানী। তেৰজন নিম্ন মধ্যবিত্ত পৰিয়ালৰ উচ্চ শিক্ষিত যুৱকৰ চিন্তা আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফচল এই আলোড়ন এগ্ৰো প্ৰাইভেট লিমিটেড কোম্পানী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অনগ্ৰসৰ দক্ষিণাঞ্চলৰ বহুপথাৰ গাঁৱত পোনতে ২০১৬ চনত এটি তেৰজনীয়া কৃষি গোট হিচাপে আত্মপ্ৰকাশ কৰা আলোড়নে দোপদদোপে উন্নতিৰ জখলাৰে বগাই ২০২১ চনত আলোড়ন এগ্ৰো প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে প্ৰতিষ্ঠিত হয়।কৃষি গোটৰ পৰা আলোড়ন এফ পি চি লৈ উন্নীত হোৱাৰ সময়তে কৃষি ক্ষেত্ৰত ব্যৱহৃত মৰণা মৰা মেচিন, কঠীয়া ৰুৱা মেচিন, টেক্টৰ আদিকৈ ভালেবোৰ যন্ত্ৰ গোটাই অঞ্চলটোৰ কৃষক ৰাইজক ন্যূনতম মূল্যত সেৱা আগবঢ়াইছিল। পোনতে ৫০ বিঘা মাটিত বৰোধানৰ খেতিৰে যাত্ৰা আৰম্ভ কৰা আলোড়নে প্ৰথমৰ পৰাই গুৰুত্ব দিছিল সামগ্ৰীৰ প্ৰকৃত মূল্যৰ ওপৰত।সেইমৰ্মে ধানৰ পৰিৱৰ্তে চাউল, গোটা হালধিৰ পৰিৱৰ্তে গুৰি হালধি, সৰিয়হৰ পৰিৱৰ্তে সৰিয়হৰ তেল আদি প্ৰস্তুত কৰি সেইবোৰ বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিছিল। এনেদৰে নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ ফলত আলোড়ন ৰূপান্তৰ হ’ল এটা কোম্পানীলৈ। সম্প্ৰতি আলোড়নে বিদেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি সেইমৰ্মে কৃষকসকলক বিভিন্ন খেতিত মকৰল কৰাইছে যদিও যাৱতীয় নথি-পত্ৰৰ অসম্পূৰ্ণতাৰ বাবে একান্ত ইচ্ছাৰ পিছতো কাংক্ষিত লক্ষ্যত উপনীত হ’ব পৰা নাই। আলোড়নৰ খাদ্য সামগ্ৰীৰ গুণগত মানৰ প্ৰশংসা কৰি কোম্পানীটোলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে অলেখ শুভাকাংশীয়ে।কোম্পানীটোৰ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰি সন্তুষ প্ৰকাশ কৰি যোৱা ১৪ মে’ত প্ৰখ্যাত অভিনেতা প্ৰাঞ্জল শইকীয়া আহি বিভিন্ন গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। আলোড়নৰ মূল বৈশিষ্ট্য হৈছে চিইঅ’ৰ পৰা অধ্যক্ষলৈকে প্ৰতিজন কৰ্মকৰ্তাৰ কৰ্মদক্ষতা।সকলোৱে পথাৰত নামি একেলগে কাম কৰে।উৎপাদনৰপৰা পেকেজিঙলৈকে সকলোবোৰ কামতে সকলোৱে সমান আন্তৰিকতাৰে শ্ৰেণী বিভাজন নৰখাকৈ দলৱদ্ধ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবেই হয়তো আলোড়ন খুৱ কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠিত হোৱা বুলি মত ব্যক্ত কৰিছে অধ্যক্ষ সৰ্বানন্দ বৰুৱা আৰু পৰিচালন সঞ্চালক (চি ই অ )সমীৰ দুৱৰাই। বৰ্তমান আলোড়নৰ দহজন ৱাৰ্ড সদস্যৰ লগতে প্ৰায় তিনিশজন কৃষক কৰ্মত নিয়োজিত হৈ আছে। বিগত বৰ্ষত ১৫০ বিঘা মাটিত সৰিয়হৰ খেতি কৰা আলোড়ন’এ এইবাৰ ২০০বিঘালৈ ক্ষেত্ৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰাৰ লগতে এইবাৰ কৃষকৰ সংখ্যাও ৫০০জনলৈ বৃদ্ধি কৰিব বুলি জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More