কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ :  তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক ৰাইজে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চাহুৱে কয় যে এই বিদ্যালয়খন হৈছে নখৰাই চাহ বাগিছাৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো চাহ বাগিছা ক্রমে মাজবাৰী, দীঘলীজান, নলনি, ৰঙাগড়া, দিনজান, ডিপুট লাইন, পৰশুৰাম নৰ্থ আৰু ছাউথ বাগিছাৰ এক বৃহৎ অঞ্চলৰ শ্ৰমিক ৰাইজৰ শিশুসকলৰ শিক্ষাগ্ৰহণৰ এক অন্যতম শিক্ষানুষ্ঠান ৷ শ্ৰমিক ৰাইজৰ শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যেৰে কেইজনমান ব্যক্তিৰ প্রচেষ্টাত ১৯৯৫ চনত এই বিদ্যালয়খন গঢ় লৈ উঠিছিল। বৰ্তমানলৈকে এই কেঁচাসোণা বিদ্যালয়খন উক্ত অঞ্চলৰ শ্ৰমিক ৰাইজৰ অশেষ চেষ্টা আৰু দান-বৰঙনিৰে চলাই থকা হৈছে । কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাজ্য চৰকাৰে যোৱা ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক নিৰ্দেশনাযোগে ৰাজ্যৰ আন ১০৫ খন বিদ্যালয়ৰ লগতে এই বিদ্যালয়খনৰো অন্তৰ্ভুক্তি তথা স্বীকৃতি বাতিল কৰা হৈছে ৷ ইয়াৰ ফলত বাবে বৃহত্তৰ নখৰাই অঞ্চলৰ লগতে কাষৰীয়া চাহ বাগিছা তথা গাঁও অঞ্চলৰ দৰিদ্ৰ শ্ৰমিক ৰাইজৰ পৰিয়াল লৰা-ছোৱালীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যি সময়ত ৰাজ্যৰ বিজেপি চৰকাৰখনে চাহ বাগিছাৰ উঠি অহা শ্ৰমিক ৰাইজৰ লৰা-ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰি চাহ বাগিছাত আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰি আছে সেই সময়ত কেঁচাসোণাৰ দৰে এখন পূৰ্ণাংগ বিদ্যালয় বন্ধ কৰি দিয়াৰ নিৰ্দেশনাক চাহুৱে দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ উক্ত বিদ্যালয়খন বন্ধ হ’লে বা স্বীকৃতি বাতিল হ’লে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল দুৰণিবটীয়া বিদ্যালয়লৈ যাব ল’গা পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু দৰিদ্ৰ পৰিয়ালসমূহে অভাৱনীয় মুল্যবৃদ্ধিৰ সময়ত অধিক ব্যয় বহন কৰিবলৈ বাধ্য হ’ব ৷ আনহাতে যিসকলে অধিক বহন কৰিব নোৱাৰিব তেওঁলোকৰ সন্তান শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব ৷ সেয়েহে অসম চৰকাৰে জাৰী কৰা নিৰ্দেশনা অতি সোনকালে বাতিল কৰি শ্ৰমিক ৰাইজৰ স্বাৰ্থত কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গঢ় দিবলৈ দাবী জনোৱা হয় ৷ আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ প্ৰেৰণ কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More