কেনেকৈ মাষ্টাৰচেফ ইণ্ডিয়া হ’ল তিনিচুকীয়াৰ নয়নজ্যোতি

 গৃহ জিলাত বিপুল আদৰণি

0 45

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ এপ্ৰিল :IMG 20230401 102819 ৰাষ্ট্ৰীয় টেলিভিচন চেনেল ছ’নি টিভিৰ দ্বাৰা আয়োজিত জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ ৩১ মাৰ্চত সম্প্ৰচাৰিত ফাইনেলত বিজয়ীৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা তিনিচুকীয়া জিলাৰ গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়াক আজি গৃহ জিলা আহি উপস্থিত হোৱাৰ পাছত বিপুল আদৰণি জনোৱা হয় ৷ আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা গোবিন্দপুৰ গাঁৱৰ ৰাইজৰ লগতে নয়নজ্যোতিৰ গুণমুগ্ধ সকলে তেওঁক এখন ফুলেৰে সজোৱা খোলা গাড়ীত উঠাই প্ৰায় ৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজ গাওঁ গোবিন্দপুৰলৈ আদৰি আনে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোবিন্দপুৰ ৰেল গেটৰ পৰা গাওঁবাসীয়ে গায়ন-বায়ন, বিহু, ঝুমুইৰ আদি নৃত্যৰে আদৰি গাঁৱৰ খেলপথাৰত থকা মুকলি মঞ্চত এক অনুষ্ঠানৰ জৰিয়তে মাষ্টাৰচেফ ইণ্ডিয়াৰ খিতাপ দখলকাৰীজনক সম্বৰ্ধনা জনায় ৷ উৎফুল্লিত গঞা ৰাইজে ভোজৰো আয়োজন কৰে ৷ আদৰণি অনুষ্ঠানত জিলাখনৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল, সংগঠনে গামোচা, জাপি আদিৰে তেওঁক সম্বৰ্ধনা জনায় ৷ মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াই সাংবাদিকৰ আগত তেওঁৰ সফলতাৰ অন্তৰালত পিতৃমাতৃ আৰু ভগ্নীৰ প্ৰেৰণা থকাৰ লগতে ৰাইজৰ মৰম, স্নেহ আৰু আশীৰ্বাদৰে এয়া ফল বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে বিজয়ী নয়নজ্যোতিয়ে লাভ কৰিছে এটা সুন্দৰ ট্ৰফীৰ লগতে ছ’নি টিভিৰ পৰা ২৫ লাখ টকাৰ এখন চেক ৷ উল্লেখ্য, উক্ত ৰিয়েলিটি শ্ব’ৰ মুখ্য বিচাৰক তথা বিশ্ব পৰিচিত ভাৰতীয় চেফ, ৰেষ্টুৰেটৰ আৰু কুকবুক লেখক বিকাশ খান্নাই নয়নজ্যোতি শইকীয়াৰ ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্যৰ জুতি লৈ আপ্লুত হৈ তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ গাঁৱত বিগত বৰ্ষৰ ৪ নৱেম্বৰত হঠাতে উপস্থিত হৈছিল৷ সম্পূৰ্ণ নিজৰ প্ৰতিভাৰে এটা ৰাষ্ট্ৰীয় চেনেলৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নয়নজ্যোতি শইকীয়াৰ তিনিচুকীয়া জিলাৰ গোবিন্দপুৰৰ পিতৃ অৰূপ শইকীয়া আৰু মাতৃ তুলিকা শইকীয়াৰ গৃহত সেইসময়ত উপস্থিত হৈ ভিতৰুৱা গাঁৱৰ জীৱনধাৰা সন্দৰ্ভত বহুখিনি স্মৃতি লগত লৈ গৈছিল ৷ IMG 20230401 WA0044আনকি নগৰীয়া পৰিবেশৰ মাজত থকা জনপ্ৰিয় চেফ বিকাশ খান্নাই গোবিন্দপুৰ গাঁৱত প্ৰৱেশ কৰি নয়নজ্যোতি শইকীয়াৰ পিতৃৰ চাহ বাগিচা দেখি মুগ্ধ হৈ পৰাৰ উপৰি নয়নজ্যোতিয়ে প্ৰস্তুত কৰা সুস্বাদু ব্যঞ্জনৰ সোৱাদ লোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ৰবাব টেঙা খাই অভিভূত হৈ পৰিছিল ৷ মন কৰিবলগীয়া যে তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নয়নজ্যোতিয়ে পৰবৰ্তী সময়ত গুৱাহাটীৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিও সুস্বাদু খাদ্য প্ৰস্তুত কৰাত অতি ৰাপ থকা বাবেই ছ’নি টিভিৰ উক্ত ৰিয়েলিটি শ্ব’ৰ অ’ডিচনত নিৰ্বাচিত হ’বলৈ সক্ষম হয় ৷ ন ন সুস্বাদু খাদ্য প্ৰস্তুতত প্ৰবল ৰাপ আৰু আগ্ৰহ থকা নয়নজ্যোতি শইকীয়াই কয় যে ৰাষ্ট্ৰীয় চেনেলটোত দীৰ্ঘদিনৰ পৰা সম্প্ৰচাৰিত হৈ থকা অনুষ্ঠানত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ লগতে ৰাইজৰ মৰম, স্নেহ আৰু আশীৰ্বাদৰ বাবেই সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৷ জীৱনৰ শেষ মুহুৰ্তলৈকে মানুহক নতুন নতুন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰি সোৱাদ দিব বুলিও তেওঁ কয় ৷ কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নতুন নতুন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাত সিদ্ধহস্ত নয়নজ্যোতি শইকীয়াই নিজৰ দক্ষতা প্ৰদৰ্শনৰ জৰিয়তে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত আজি সমগ্ৰ অসম গৌৰৱান্বিত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More