কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ সভাত পৰ্ন ছবি : আই অ’ চি এলৰ মাণ্ডলিক প্ৰবন্ধক আৰু হোটেলৰ স্বত্বাধিকাৰীৰ সাক্ষ্যদান

0 22

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ মে’ : কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্যসূচীত পৰ্ন ভিডিঅ’ চলাৰ ঘটনা সন্দৰ্ভত আজি ২ জন সাক্ষীয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত সাক্ষ্যদান কৰে । উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত আই অ’ চি এলৰ এক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা এলইডি স্ক্ৰীণত পৰ্ন ভিডিঅ’ৰ দৃশ্যাংশ ভাঁহি উঠিছিল । তিনিচুকীয়াৰ মিৰানা নামৰ এখন হোটেলত আয়োজিত মিথানল মিহলি পেট্ৰলৰ (এম ১৫) উদ্বোধনী অনুষ্ঠানত সংঘটিত এই অপ্ৰত্যাশিত ঘটনা সন্দৰ্ভত তিনিচুকীয়া জিলা প্ৰশাসনে এক দণ্ডাধীশ তদন্ত ঘোষণা কৰিছিল । উল্লেখ্য যে উক্ত দিনা কেন্দ্ৰীয় মন্ত্ৰী তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰমমন্ত্ৰী কিষাণ, উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থকা অনুষ্ঠানত আই অ’ চি এলৰ এজন বিষয়াই ভাষণ দি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা প্ৰকাণ্ড এলইডি স্ক্ৰীণৰ একোণত আকস্মিকভাৱে প্ৰায় ১০ ছেকেণ্ডৰ বাবে অশ্লীল ছবিৰ দৃশ্যাংশ চলিবলৈ ধৰাত হুৱাদুৱা লাগে । অবাঞ্চিত এই ঘটনাৰ বাবে অনুষ্ঠান ব্যাহত হৈ পৰে । কিছু সময়ৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।  এই লজ্জাজনক ঘটনা সন্দৰ্ভত উচিত তদন্তৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উপায়ুক্তক নিৰ্দেশ দিছিল । আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্তই এক দণ্ডাধীশ তদন্ত ঘোষণা কৰি অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰে । তদন্তকাৰী বিষয়াই ঘটনা সন্দৰ্ভত আজি সাক্ষ্য গ্ৰহণ কৰে । আই অ’ চি এল আৰু হোটেলৰ তৰফৰ পৰা দুই ব্যক্তিয়ে সাক্ষ্য আগবঢ়াই । আই অ’ চি এলৰ মাণ্ডলীক প্ৰবন্ধক (ছেলছ্‌) আৰু হোটেল মিৰানাৰ স্বত্বাধিকাৰীয়ে আজি তদন্তকাৰী বিষয়াৰ সন্মুখত সাক্ষ্যদান কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More