কেন্সাৰ মানেই কেম’থেৰাপি বাধ্যতামূলক? এতিয়াৰ পৰা আৰু নহয়— দাবী দুই গৱেষণাত

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : কেন্সাৰ মানেই কেম’থেৰাপি আৰু তাৰ পিছত ৰেডিয়েচন। এনে ধাৰণাই আছে বহুতৰ মনত। কিন্তু বহু কেন্সাৰ আক্রান্তৰেই কষ্ট হয় ৰেডিয়েচনৰ কঠিন পদ্ধতিৰ বাবে। এইবাৰ দুটা গৱেষণাৰ ৰিপর্টে আশাৰ পোহৰ দেখুৱাইছে। দাবী কৰা হৈছে যে, সকলো কেন্সাৰ ৰোগীকে ৰেডিয়েচন নিদিলেও চলিব। কিছু কিছু ক্ষেত্রত অস্ত্রোপচাৰৰ পিছত কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপি নকৰালেও চলিব। কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপি অনেকৰেই শৰীৰে সহ্য কৰিব নোৱাৰে। কষ্ট বঢ়াই দিয়ে বহু কেন্সাৰ আক্রান্তৰ। সেয়ে এইবাৰ গৱেষকসকলে বুজাৰ চেষ্টা কৰিছে, কোনবোৰ ৰোগীক কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপি লাগিব, আৰু কোনবোৰ ৰোগীৰ ক্ষেত্রত সেয়া ইমান প্রয়োজন নহয়। এক নতুন গৱেষণাই কৈছে যে, কলন কেন্সাৰত আক্রান্তসকললৰ ক্ষেত্ৰত ইমান জৰুৰী নহয় এই দুটা থেৰাপি। আৰু এটা গৱেষণাই কৈছে যে, স্তন কেন্সাৰৰ ক্ষেত্রতো অস্ত্রোপচাৰৰ পিছত আৰু নালাগিবও পাৰে ৰেডিঅ’থেৰাপি। এই গৱেষণাক লৈ আলোচনা হৈছে American Society of Clinical Oncologyৰ এক বৈঠকত। কলন কেন্সাৰ সংক্রান্তীয় গৱেষণাৰ ৰিপর্ট ইতিমধ্যেই New England Journal of Medicineত প্রকাশ হৈছে। বি‌ভিন্ন দেশৰ চিকিৎসকৰ বক্তব্য— এই গৱেষণাই আশা দেখুৱাইছে। কাৰণ ইয়াৰ পিছৰ পৰা যাক কেম’থেৰাপি আৰু ৰেডিয়েচনৰ প্রয়োজন, তেওঁলোকৰফালেই বিশেষভাৱে নজৰ দিয়া হ’ব। কলন কেন্সাৰ সংক্রান্তীয় আলোচনাত জনা গৈছে যে, বহু ৰোগীক অস্ত্রোপচাৰৰ পিছত কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপি দিয়া হয়। কিন্তু তেওঁলোক হয়তো ইতিমধ্যেই সুস্থ হৈ গৈছে। থেৰাপিৰ পিছত বমিভাব, মাথা ঘূৰোৱা, স্মৃতিশক্তি দুর্বল হৈ যোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে। কিন্তু ইয়াৰ পিছত যদি জনা যায় যে, কোন ৰোগীক আৰু সেইবোৰ থেৰাপি নালাগে, তেতিয়াহলে অনেক কষ্ট কম হ’ব পাৰে কিছু কেন্সাৰ আক্রান্তৰ। ৪৫৫ জন ৰোগীক লৈ কৰা হৈছিল এই পৰীক্ষা। অস্ত্রোপচাৰৰ পিছত এক তেজ পৰীক্ষা কৰা হয়। দেখা যায় যে, অনেকৰ ৰিপর্টে কৈছে যে, একেবাৰেই কেন্সাৰমুক্ত হৈছে তেওঁলোক। সেই ক্ষেত্রত তেওঁলোকক আৰু অন্য কোনো থেৰাপি দিয়াৰ প্রয়োজন নাই। চিকাগো বিশ্ববিদ্যালয়ৰ এক গৱেষকৰ বক্তব্য— এই দুটা ধাপ বাদ দিলে অনেক কেন্সাৰ আক্রান্তৰ জীৱন সলনি হৈ যাব। স্তন কেন্সাৰৰ ক্ষেত্রত কানাডাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দেখিছে যে, ৰেডিয়েচন দিয়া আৰু নিদিয়াৰ মাজত জীৱন যাপনৰ মানৰ অনেক পাৰ্থক্য আছে। ৫০০ গৰাকী স্তন কেন্সাৰত আক্রান্ত মহিলাৰ ওপৰত পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে, অস্ত্রোপচাৰৰ পিছত কেমথেৰাপি আৰু ৰেডিঅ’থেৰাপি অবিহনেও দুই-তিনি বছৰৰ ভিতৰত আৰু কোনো কেন্সাৰৰ কোষ উভতি অহা নাই তেওঁলোকৰ শৰীৰলৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More