কেবিনেটত অনুমোদিত ৩৮৫ কোটি টকীয়া সোৱণশিৰি নদীৰ ‘ঘূনাসুঁতি দলঙ’ক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

ৰাজহুৱা সভাত গদাধৰ সিংহৰ দিনীয়া পুৰণি ঢকুৱাখনা-লখিমপুৰ সংযোগী পথত দলংখন নিৰ্মাণৰ দাবী

0 140
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৩০ জুনঃ বহু প্রত্যাশিত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’ব লগা ২.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘুনাসুঁতি দলংখনক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কর্তৃপক্ষই দুটা স্থানেৰে দলংখনৰ নিৰ্মাণৰ সন্দৰ্ভত চাৰ্ভে অব্যাহত ৰখাত ৰাইজ বিভ্ৰান্তত পৰিছে। উল্লেখ্য যে লখিমপুৰ জিলাৰ মহাইজানৰ সমীপৱৰ্তী ঘাগৰ ঘাটত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি দলংখন নিৰ্মাণ হ’ব লাগে বুলি ৰাইজে দীর্ঘদিনৰ পৰা দাবী জনাই আহিছে। শেহতীয়াকৈ ঢকুৱাখনা-লখিমপুৰ সংযোগী এই পুৰণি পথতে দলংখন নিৰ্মাণৰ বাবে অসম চৰকাৰে চাৰ্ভে কৰি শেহতীয়া অসম বিধান সভাত এই দলং নিৰ্মাণৰ বাবে ৩৮৫ কোটি টকা অনুমোদন জনায়। কিন্তু বৰ্তমান পুৰণি পথটোৰ বিপৰীতে আন এটা পথেৰে দলংখন নিৰ্মাণৰ বাবে চৰকাৰে চাৰ্ভে কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। দীৰ্ঘদিনৰ পৰা ঘুনাসুঁতি দলং নিৰ্মাণৰ বাবে ৰাইজে ঘাগৰ ঘাটকে দাবী জনাই অহাৰ পিছত চৰকাৰে উজাই দলংখন নিৰ্মাণ কৰি আন এটা পথত সংযোগ কৰাৰ বাবে পুনৰ চাৰ্ভে কৰাৰ খবৰ লাভ কৰি আজি লখিমপুৰৰ নিচেই সমীপৰ মাহৰা প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। স্থানীয় সমাজকর্মী, বিশিষ্ট ব্যবসায়ী উদয় শংকৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সর্ব সম্মতিক্রমে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত প্ৰস্তাৱ অনুসৰি আহোম ৰজা গদাধৰ সিংহৰ দিনীয়া লখিমপুৰ-ঢকুৱাখনা সংযোগী পুৰণি পথতে সোৱণশিৰিৰ ওপৰত ঘূনাসুঁতি দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। পথৰ দুয়োকাষে ভূমি অধিগ্ৰহণ আৰু ক্ষতিপুৰণৰ বাবে চৰকাৰে বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ঢকুৱাখনা পথ আৰু ঘূনাসুঁতি দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সময়ে সময়ে কামৰ উচিত পর্যবেক্ষণ কৰাৰ বাবে প্রস্তাব গ্রহণ কৰা হয়। উল্লেখ্য যে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে এই পথেৰেই আহি ঘাগৰ অঞ্চলত বসবাস কৰিছিল আৰু সেয়ে দলংখনৰ নাম মাধৱদেৱ সেতু’ হব লাগে বুলিও আজিৰ সভাই প্রস্তাব গ্রহণ কৰে। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ উপন্যাস ‘মিৰি জিয়ৰী’ৰ পটভূমি ঘুনাসুঁতিৰ এই দলংখনৰ নাম ‘জংকি পানৈ সেতু’ নামেৰেও নামাকৰণ হ’ব লাগে বুলি সভাই প্রস্তাব গ্রহণ কৰাৰ লগতে আজিৰ সভাতে ‘ঢকুৱাখনা পথ উন্নয়ন সমিতি’ নামেৰে এখন সমিতি গঠন কৰা হয় বুলি সভাৰ আহ্বায়ক বিষ্ণু দত্ত, নৱজ্যোতি দত্ত, বিজয় শৰ্মা, ভদ্ৰেশ্বৰ দাস, যদুমণি দাস, চিন্ময় হাজৰিকা আদিয়ে জানিবলৈ দিছে। উল্লেখ্য যে চৰকাৰে পুৰণি ঢকুৱাখনা-লখিমপুৰ সংযোগী পথৰ (ডি কে ৰোড) ঘাগৰ ঘাটত সোৱণশিৰিৰ ওপৰত ঘূনাসুঁতি দলংখন নিৰ্মাণ নকৰি দলংখন উজাই নিৰ্মাণ কৰিলে অঞ্চলটোৰ প্ৰায় ২০-২৫ খন গাঁৱৰ ৰাইজ এই পথেৰে যাতায়াত কৰাৰ পৰা বঞ্চিত হ’ব বুলি ৰাইজে ক্ষোভ প্রকাশ কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More