কেৱল ডকলাম-গালৱানেই নহয়

নিৰাপত্তা পৰিষদৰ আসনৰ বাবেও চীনৰ সৈতে যুঁজ

0 8
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাইঃ সীমাত পাখি মেলি থকা ‘ড্ৰেগন’। গলৱান উপত্যকাত এতিয়া ডকলামৰ পিছত ৰঙা চীনে দৃষ্টি নিক্ষেপ কৰিছে শিলিগুৰি কৰিডৰত। একে সময়তে ভাৰতে কমিউনিষ্ট দেশখনৰ সৈতে আন এক ক্ষেত্ৰতো যুঁজি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ পথত নতুন দিল্লীৰ সন্মুখত দেৱালত পৰিণত হৈছে বেইজিং। মোদী চৰকাৰৰ সকলো প্ৰচেষ্টা এটা ভেটোৰে বিফল হৈছে। ২২ জুলাইত বিৰোধীৰ প্ৰশ্নৰ সন্মুখত কেন্দ্ৰই সংসদত এই বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰে। ভাৰতে দীৰ্ঘদিন ধৰি পাঁচজনীয়া নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ লাভৰ চেষ্টা চলাই আহিছে। ইফালে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই নতুন দিল্লীৰ দাবীক সমৰ্থন জনাইছে। কিন্তু চীন অন্তৰায় হৈ দেখা দিছে। ডি এম কেৰ সাংসদ পি ভেলুস্বামীয়ে শুকুৰবাৰে লোকসভাত অনুষ্ঠিত প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত চৰকাৰৰ পৰা উত্তৰ দাবী কৰে। তেওঁ প্ৰশ্ন কৰে— ভাৰতক নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত হ’বলৈ নিদিয়াৰ নীতি আছে নেকি? যদি নাই, তেন্তে নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ পাবলৈ ভাৰতে চীনৰ পৰা সমৰ্থন বিচাৰিছেনে? নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে ভাৰতে কি পদক্ষেপ গ্ৰহণ কৰিছে? স্থায়ী সদস্যপদ লাভৰ বাবে নিৰাপত্তা পৰিষদৰ সংবিধান সলনি কৰিবলৈ বন্ধু দেশৰ সৈতে আলোচনা কৰি আছে নেকি ভাৰতে? ইয়াৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালিথাৰণে কয় যে নিৰাপত্তা পৰিষদৰ পাঁচজন সদস্যৰ ভিতৰত চাৰিজনে ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীত সন্মতি প্ৰকাশ কৰিছে। নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে চীনৰ সৈতে আলোচনা অব্যাহত আছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কৈছিল— “চীনেও নিৰাপত্তা পৰিষদৰ সংস্কাৰ কৰিব বিচাৰিছে। কিন্তু এনেদৰে হ’ব লাগে যাতে পৰিষদৰ সামৰ্থ্য আৰু ফলপ্ৰসূতা বৃদ্ধি পায়। নিৰাপত্তা পৰিষদত উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰা উচিত। এনে হ’লে পৰিষদৰ সিদ্ধান্তত তেওঁলোকৰ কণ্ঠও শক্তিশালী হ’ব।” মুৰালিধৰণে সংসদত লগতে কয় যে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য সংখ্যা বৃদ্ধিৰ বাবে জি-৪ (জাপান, ব্ৰাজিল, জাৰ্মানী, ভাৰত) আৰু লেটিন আমেৰিকা, এছিয়া আৰু আফ্ৰিকাৰ সমগোত্ৰীয় দেশসমূহৰ সৈতে আলোচনা চলি আছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিয়মাৱলী অনুসৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে আন্তঃচৰকাৰী আলোচনাৰ জৰিয়তে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভাৰতে। ভাৰত চৰকাৰৰ বাবে এই বিষয়টো অত্যন্ত গুৰুত্বপূর্ণ। বিশ্লেষকসকলৰ মতে, চীনে নিবিচাৰে যে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হওক। ফলত আলোচনা হ’লেও ভোট হ’লে নতুন দিল্লীৰ বিৰুদ্ধে বেইজিঙে নিশ্চিতভাৱে ভেটো ব্যৱহাৰ কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More