কোটি কোটি আলোকবর্ষ দূৰত অবাক কৰা ছাঁয়াপথ

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : এখন অবাক কৰিব পৰা ফটো ছেয়াৰ কৰিছে মার্কিন মহাকাশ সংস্থা বা নাছাই। যিখন ফটো দেখি বিস্ময়ত হতবাক হৈ গৈছে ছ’চিয়েল মিডিয়া। অনেকে সেই ফটোখন তুলনা কৰিছে মানুহৰ ৰোগাক্ৰান্ত ৰঙাপৰা চকুৰ সতে। ফটোখন হ’ল whirlpool galaxyৰ। যি M51 নামেৰেও পৰিচিত মহাকাশ বিজ্ঞানীসকলৰ বাবে। বিগত ত্ৰিছ বছৰ ধৰি অবিৰাম কাম কৰি আছে নাছাৰ হাবল স্পেচ টেলিস্কোপে। একাধিক আকর্ষণীয় ফটো তুলিছে। মহাবিশ্বৰ একাধিক আশ্চর্যজনক ঘটনাৰ সাক্ষী হৈ ৰৈছে এই টেলিস্কোপ। সেই টেলিস্কোপে তোলা whirlpool galaxyৰ ফটোৱেই মুগ্ধ কৰিছে ছ’চিয়েল মিডিয়াৰ বাসিন্দাসকলৰ। টুইটাৰত নাছাই whirlpool galaxyৰ উক্ত ফটোখন পোষ্ট কৰিছে। কেপচন লিখিছে এনেদৰে— Round and round we go… Let yourself be whisked away by the Whirlpool Galaxy’s curving arms, pink star-forming regions, and brilliant blue strands of star clusters. Explore #GalaxiesGalore with
@NASAHubble

  •  কিমান নিলগত এই ছাঁয়াপথ
    এই অবাক কৰা ছাঁয়াপথৰ ফটো তুলিছে হাবলৰ উন্নতমানৰ কেমেৰাই। ফটোখন পোষ্ট কৰাৰ লগে লগে বহুতেই লাইক কৰিছে আৰু ছেয়াৰ কৰিছে। এজনে মন্তব্য কৰিছে— “এই গেলেক্সিৰ ফটোৱে সঙ্গীত সৃষ্টি কৰিছে।” বিভিন্নজনে কৈছে যে, ফটোখন দেখিবলৈ বৰ ধুনীয়া। এক মন কাঢ়িব পৰা দৃশ্য। নাছাৰ প্রেছ নোট অনুসৰি, এই গোল গোল ছায়াপথ whirlpool galaxy বা M51 নামেৰেও পৰিচিত। ঘূর্ণীয়মান বাহুবোৰ হ’ল নক্ষত্রৰ দীর্ঘপথ আৰু ধূলিকণা আৰু গেছ। এই গেলেক্সিত হাইড্রজেন গেছ সঙ্কুচিত হৈ নতুন নতুন তাৰকা ক্লাষ্টাৰ গঠন কৰিছে। কোৱা হৈছে যে, গোলাপী তৰাবোৰ পুৰণি। আৰু নীলা ৰঙৰ তৰাবোৰ নতুন। হালধীয়া ৰঙৰ তৰাবোৰ আৰু প্রাচীন। পৃথিৱীৰ পৰা ৩১ মিলিয়ন আলোকবর্ষ দূৰত আছে এই গেলেক্সি বা নক্ষত্র পথ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More