কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

0 53
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুনঃ নিৰ্বাচন আয়োগে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে দেশৰ পৰৱৰ্তী প্ৰথম নাগৰিক কোন হ’ব সেই সন্দৰ্ভত আলোচনা-বিলোচনা চলিব লাগিছে। বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহত বিভিন্ন দলৰ ক্ষমতাত থকা প্ৰতিযোগিতামূলক দলীয় ব্যৱস্থাৰ উত্থানৰ পিছৰে পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনে সদায় আকৰ্ষণ কৰি আহিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়টো বহুলাংশে ক্ষমতাতকৈ প্ৰভাৱশালী পদবীৰ স্থান হৈ আহিছে। ভাৰতৰ এজন প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমনে এই কাৰ্যালয়টোক সঠিকভাৱে সংজ্ঞায়িত কৰিছিল যে, ৰাজনৈতিক অনিশ্চয়তাৰ সময়ত ‘প্ৰজ্বলিত’ হোৱা ‘জৰুৰীকালীন লেম্প’। লোকসভাত যেতিয়া কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাপায় বা কোনে সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেতিয়া ৰাষ্ট্ৰপতিৰ ভূমিকা ক্ৰমান্বয়ে চৰ্চালৈ আহে। ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমন, শংকৰ দয়াল শৰ্মা আৰু কে আৰ নাৰায়ণন— এই আটাইকেইজনেই এনে পৰিস্থিতি চম্ভালিছিল। তেওঁলোকৰ প্ৰত্যেকেই পৰিস্থিতিৰ সৈতে বেলেগ বেলেগ ধৰণে মোকাবিলা কৰিছিল আৰু এইটোৱেই হৈছে আলোচনা আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু। বৰ্তমান প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰৰ শাসকীয় দল বা মিত্ৰজোঁটে ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ প্ৰাৰ্থী মনোনীত কৰাৰ ক্ষেত্ৰত যথেষ্ট চিন্তা-চৰ্চা কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰায়েই আনুষ্ঠানিকতাৰ বিষয় হৈ আহিছে যদিও বিৰোধীয়ে প্ৰায়ে প্ৰতীকী যুঁজৰ বাবে প্ৰাৰ্থী ৰাখিছে। এটা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা বহু সময়ত মনত পেলোৱা হয়। সেয়া আছিল ১৯৬৯ চনত ভি ভি গিৰীক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা। এই নিৰ্বাচনৰ লগত সংগতি ৰাখি কংগ্ৰেছ দলৰ বিভাজন ঘটিছিল। কংগ্ৰেছৰ আনুষ্ঠানিক প্ৰাৰ্থী নীলাম সঞ্জীৱ ৰেড্ডী পৰাজিত হৈছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভি ভি গিৰীক সমৰ্থন কৰি ‘বিবেক ভোট’ৰ আহ্বান জনাইছিল। এইটো আছিল এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ নিৰ্বাচন। আমোদজনক কথাটো হ’ল যে ১৯৭৭ চনত জনতা দল ক্ষমতাত থকাৰ সময়ত অৱশেষত যেতিয়া নীলাম সঞ্জীৱ ৰেড্ডী ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈয়ে জয়লাভ কৰিছিল।
* আৰম্ভ জল্পনা-কল্পনা
অতি শেহতীয়াকৈ কেন্দ্ৰত থকা শাসকীয় দল বা মিত্ৰজোঁটে প্ৰায়ে নিজৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ উপায় লৈ আহিছে। ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁলোকৰ প্ৰাৰ্থী বাছনি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও কাৰক সোমাই পৰিছে। ২০০২ চনত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ নেতৃত্বত এন ডি এয়ে এ পি জে আব্দুল কালামক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰি এক আশ্চৰ্যকৰ সিদ্ধান্ত লৈছিল। শাসকীয় মিত্ৰজোঁটে বিৰোধী দলসমূহৰো সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল, যাতে কালামৰ নিৰ্বাচন সুৰক্ষিত হয়। ২০১২ চনত প্ৰণৱ মুখাৰ্জীক ইউ পি এৰ প্ৰাৰ্থী হিচাপে অনা-ইউ পি এ দলৰ সমৰ্থনো আছিল। ২০১৪ চনৰ পৰা বিজেপিৰ প্ৰাৰ্থী বাছনিৰ এটা মূল উপাদান হৈছে এজন অপ্ৰত্যাশিত প্ৰাৰ্থীৰ মনোনয়ন। ৰাজ্যপাল, মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ মনোনীত বা আনকি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যৰ সিদ্ধান্ততো প্ৰায়ে এনেকুৱা হৈছে। ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম প্ৰথম চৰ্চালৈ আহিছিল, যেতিয়া দলৰ সভাপতিয়ে সংবাদমেলত নাম ঘোষণা কৰিছিল। এইদৰে এইবাৰ ৰাষ্ট্ৰপতি কোন হ’ব সেই জল্পনা-কল্পনা আৰম্ভ হৈছে।
* বিজেপিয়ে কাক মনোনীত কৰিব?
বহুতে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতিজনক ৰাষ্ট্ৰপতি পদৰ বাবে ‘ফ্ৰন্ট ৰানাৰ’ হিচাপে চাইছে। এইটো অৱশ্যেই বিজেপিৰ নেতৃত্বৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু নেতৃত্বৰ প্ৰাৰ্থী বাচনি নিৰ্ধাৰণ কৰা হিচাপৰ ওপৰত নিৰ্ভৰ কৰিব। শেহতীয়াকৈ উপসাগৰীয় দেশসমূহৰ সৈতে জড়িত বিতৰ্ক আৰু বিজেপিয়ে ইয়াৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমানে বিশ্বাস কৰিব পাৰে যে, মুছলমান সম্প্ৰদায়ৰ মাজৰ পৰা এজন বিশিষ্ট নেতাক ভালদৰে বাছি ল’ব। এজন আৰ্টিকুলেট গৱৰ্ণৰ আৰু এজন বিৰোধী কংগ্ৰেছ নেতাৰ নামকে ধৰি কেইবাটাও নামো চৰ্চাত আছে। তদুপৰি অনুসূচিত জনজাতিৰ মাজৰ পৰা কোনোবা এজনক ৰাষ্ট্ৰপতি হিচাপে বাছি লোৱাৰ সময় আহি পৰিছে বুলিও মত প্ৰকাশ কৰা হৈছে। অনুসূচিত জনজাতিৰ এগৰাকী মহিলাক বাচনি কৰাৰ কথাও চৰ্চা হৈছে। শাসকীয় দলটোৱে নিজৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কৰা হিচাপ-নিকাচ বেছ লক্ষণীয় হ’ব। কাৰণ নিৰ্বাচনত নিজৰ প্ৰাৰ্থীৰ নিৰ্বাচন নিশ্চিত কৰিবলৈ এনডিএৰ সদস্যসকলৰ বাহিৰেও কিছু সমৰ্থনৰ প্ৰয়োজন হ’ব। বিজেপিয়ে ৱাইএছআৰচিপি আৰু বিজেডিৰ দৰে ৰাজ্যভিত্তিক দলসমূহক চাব লাগিব যাতে প্ৰয়োজনীয়সংখ্যক ভোট সংগ্ৰহ কৰিব পাৰে। তেলেংগানাত বিজেপিয়ে টি আৰ এছৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰাৰ প্ৰতি লক্ষ্য ৰাখি চন্দ্ৰশেখৰ ৰাওৰ সমৰ্থন লাভ কৰাটো ইয়াৰ বাবে কঠিন হ’ব পাৰে। যদি অৱশেষত উপ-ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হয়, তেন্তে আচৰিত হ’বলগীয়া একো নাথাকিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More