কোৱাবাৰী দলনিত জলপক্ষীয়ে  হেৰুৱাই পেলাইছে বিচৰণ ক্ষেত্ৰ- গভীৰতা হ্ৰাস

মেগামিক্স প্ৰকৃতি সংঘৰ পক্ষী সমীক্ষা

0 76

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘই প্ৰতিটো ইংৰাজী বছৰৰ প্ৰথম দিনটোৰ পুৱা ভাগত কোৱাবাৰী দলনি পক্ষী প্ৰসিদ্ধ (Important Birds Area) ক্ষেত্ৰত পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচীৰে শুভাৰম্ভ কৰাতো এটা অন্যতম নিৰ্ধাৰিত ৰুটিন হিচাপে এটা দশক জুৰি চলি আহিছে। কোৱাবাৰী হৈছে ভাৰতৰ পক্ষী প্ৰসিদ্ধ ক্ষেত্ৰ সমূহৰ তালিকাভুক্ত এটা অঞ্চল। এইবাৰৰ পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচী হাতত গাইড বুক আৰু কেইযোৰামান বাইনকুলাৰসহ সংঘৰ জন চেৰেক কৰ্মকৰ্তাই ৰূপায়ন কৰে। ঘন্টা চেৰেক সময় জুৰি চলা পক্ষী গণনাত জলাশয়ৰ চৰাইৰ সংখ্যা প্ৰতি বছৰে ক্ৰমাগত ভাৱে নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। কাৰ্যসূচীৰ সামৰণিত অংশগ্ৰহণকাৰী সকলৰ মাজত তথ্য বিশ্লেষণ আৰু আলোচনা চলে। এই অৱনতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মতামত দাঙি ধৰে সংঘৰ গবেষণা সমন্বয়ক ড° অমল চন্দ্ৰ দত্তই । ১/ জলাশয়ৰ পানীভাগৰ গভীৰতা ইউট্ৰফিকেচন নামৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা বছৰি কমিব ধৰিছে। পৰিণতিত জলপক্ষী সমূহে হেৰুৱাই পেলাইছে নিজস্ব চৰণীয়া পথাৰ আৰু বিচৰণ ক্ষেত্ৰ । ২/ কোৱাবাৰীৰ গভীৰ জলাশয় সমূহক ক্ৰমান্বয়ে অৱনতি সংঘটিত কৰি মানুহৰ বসতি স্হললৈ ৰূপান্তৰিত কৰাৰ ফলত পক্ষীসমূহৰ আগমন বাধাপ্ৰাপ্ত হৈছে। ৩/ অত্যধিক মাত্ৰাত মাছ সমূহ ধৰি পেলোৱাৰ দ্বাৰা একাংশ জলপক্ষী বিতাৰিত কৰা হৈছে। সংঘৰ উপ-সভাপতি প্ৰফুল্ল চুতীয়াই পৰামৰ্শ দাঙি ধৰে যে বন বিভাগৰ (ভূমি সংৰক্ষণ) দ্বাৰা দ্বিতীয় পৰ্যায়ৰ খননকাৰ্যৰ কথা আহি পৰিলে পক্ষী জগতখনৰ বিচৰণৰ সুবিধা আৰু মৎস্য সংৰক্ষণৰ দিশত উদ্দেশ্য ধৰ্মী ভাৱে খননকাৰ্য চলোৱাৰ ক্ষেত্ৰত সংঘই চকু ৰাখিব লাগিব। পৰবৰ্তী এটা দিনত কোৱাবাৰী পক্ষী নিৰীক্ষণ স্তম্ভৰ চৌপাশে সৃষ্টি হোৱা অপৰিছন্নতাবোৰ পৰিষ্কাৰ কৰাৰ বাবে অংশগ্ৰহণকাৰী সকলে সিদ্ধান্ত লৈ বছৰৰ প্ৰথম দিনটোৰ পৰিৱেশ কাৰ্যসূচী সামৰণী পেলাই বুলি মেগামিক্স প্ৰকৃতি সংঘৰ দেৱজিৎ ফুকনে সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More