ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান

তেজপুৰত শোণিতপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান

0 112

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান কৰে।শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান” অনুষ্ঠানত “জনসাধাৰণৰ বিজ্ঞান মনস্কতা” শীৰ্ষক বিষয়ত “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰে আন এগৰাকী বিশিষ্ট বিজ্ঞান লেখক তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসৰ পৌৰোহিত্যত ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী কনকলতা দেৱী আৰু কন্যা হিমাদ্ৰী শৰ্মাই। তেজপুৰৰ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছতেই নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ছাত্ৰ, ঘনিষ্ঠ সান্নিধ্য লাভ কৰা নাট্যকাৰ – পৰিচালক তথা সাংবাদিক পুলক কুমাৰ ডেকাই নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ জীৱন – দৰ্শন আলোকপাত কৰি সকলো সময়তে এক যোগাত্মক মনোভাৱেৰে আনক উৎসাহিত কৰি অহা ব্যক্তিগৰাকীয়ে এক সাধাৰণ জীৱন – যাপন কৰি অলেখ সাহিত্য কৰ্মেৰে নজিৰ ৰাখি ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি গৈছে বুলি মন্তব্য কৰে।IMG 20221211 WA0058 বহু সাংবাদিক আৰু সাহিত্যিক সৃষ্টি কৰি যোৱা নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ খুহুতীয়া কবিতা আৰু ৰসাল ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল বুলি মন্তব্য কৰে। তেজপুৰৰ তিনিগৰাকীকৈ প্ৰবীণ আইনজ্ঞ ক্ৰমে – চৈয়দ ইস্কে আলম, ক্ষেমৰাজ অধিকাৰী আৰু অমিয় কুমাৰ শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই নৰেন্দ্ৰদেৱ শাস্ত্ৰী মানুহ গঢ়াৰ মানুহ আছিল বুলি মন্তব্য কৰি মতাদৰ্শৰ ভিন্ন মেৰুত অৱস্থান কৰাৰ স্বত্বেও পিতৃ বিষ্ণুৰাভা দেৱৰ সৈতে শাস্ত্ৰীদেৱৰ এক নিবিড় সম্পৰ্ক আছিল বুলি মন্তব্য কৰে। আমাক মানুহৰ লগৰ মানুহ হোৱাৰ শিক্ষা দিয়া মানুহজনে ওৰেটো জীৱন মূল্যবোধৰ শিক্ষা প্ৰদান,মানুহ গঢ়াৰ কমাৰশাল হিচাপে কাম কৰি গ’ল বুলি মন্তব্য কৰি নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ অপ্ৰকাশিত সমুদায় সৃষ্টি প্ৰকাশ কৰি উলিয়াবলৈ শোণিতপুৰ প্ৰেছ ক্লাবক আহ্বান জনাই নিজেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে এই অনুষ্ঠানতে “জনসাধাৰণৰ বিজ্ঞান মনস্কতা” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট বিজ্ঞান লেখক তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞান শিক্ষা আনুষ্ঠানিকভাবে লাভ কৰিলেও বৈজ্ঞানিক মানসিকতাৰ জন্ম নহ’বও পাৰে বুলি মন্তব্য কৰি সমাজত ডাইনী হত্যাৰ দৰে প্ৰথা চলি থকাৰ পৰাই অনুধাৱন কৰিব পাৰি এতিয়াও আমাৰ দেশত বৈজ্ঞানিক চেতনাই আশানুৰূপ প্ৰসাৰতা লাভ কৰা নাই। নৈতিকতা বৈজ্ঞানিক মানসিকতা আদিৰ সৈতে সহাৱস্হান কৰিব পাৰিলেহে মানৱীয় বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি হোৱাৰ আশা কৰিব পাৰি বুলি কৈ জৱাহৰলাল নেহৰুৰ বিজ্ঞান মনস্কতাৰ প্ৰসংগ The discovary of India’ ৰ জড়িয়তে উল্লেখে কৰি অকল বিজ্ঞানীসকলৰেই যে বিজ্ঞান মনস্কতা থাকিব পাৰে সেইকথা দৃঢ়তাৰে ক’ব নোৱাৰি বুলি কয়। ডাইনী হত্যা, জ্যোতিষ, সূৰ্য গ্ৰহণ ইত্যাদিৰ সময়ত আমি দেখুওৱা অবৈজ্ঞানিক মনস্কতাৰ কথা উদাহৰণেৰে সৈতে উল্লেখ কৰি অন্ধ বিশ্বাস আৰু কুসংস্কাৰ এটা জাতিৰ উন্নতিৰ অন্তৰায় বুলি মন্তব্য কৰে।IMG 20221211 WA0067 আনহাতে শিশু সকলৰ অনুসন্ধিৎসা বিজ্ঞান মানসিকতাৰে পৰিচায়ক বুলি কৈ বহু ক্ষেত্ৰত শিশু সকল ডাঙৰতকৈ বেছিহে বিজ্ঞান মনস্ক গুণৰ অধিকাৰী বুলি কৈ যুক্তিৰে যিকোনো কাম কৰাটোৱেই বিজ্ঞান মনস্কতাৰ পৰিচায়ক বুলি মন্তব্য কৰে। আনহাতে অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি বিশিষ্ট বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাই নিজৰ অনুভৱ প্ৰকাশত ছাত্ৰাৱস্হাতাতেই ছাত্ৰ বন্ধু আলোচনী প্ৰকাশৰ মাজেৰে সাংবাদিক হোৱাৰ প্ৰয়াসৰ কথা কৈ ক্ৰমান্বয়ে কল্প বিজ্ঞান সাহিত্যৰ প্ৰতি সৃষ্টি হোৱা দুৰ্বাৰ আকৰ্ষণৰ যোগেদি বিজ্ঞান লেখাৰ ক্ষেত্ৰখনলৈ অহাৰ পৰিক্ৰমাৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে। বিজ্ঞানৰ জৰিয়তে জ্ঞানৰ বাৰ্তাহে ৰাইজক দিয়াৰ প্ৰয়াস কৰি আহিছোঁ বুলি কৈ জ্ঞানৰ দেওনা পাৰ হৈ প্ৰজ্ঞাৰ অন্তহীন অন্তৰীক্ষত বিচৰণ কৰিব পৰা নাই বুলি টি এচ. ইলিয়টৰ জ্ঞান আৰু প্ৰজ্ঞাৰ সংজ্ঞাৰ বিখ্যাত উক্তি উল্লিখনেৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।আনহাতে বিজ্ঞানমনস্কতাৰ মাজেৰে বৰ্তমানৰ শিশুক যুক্তিবাদী কৰি তোলাৰ প্ৰয়াস কৰিলেহে এখন যুক্তিপূৰ্ণ বৈজ্ঞানিক সমাজ গঢ়ি তুলিব পৰা যাব বুলি মন্তব্য কৰি তেওঁ নিজকে বিজ্ঞান লেখক নহয় বিজ্ঞানৰ ব্যৱহাৰিক দিশ সমূহৰ ওপৰত লেখা লেখক বুলিহে মন্তব্য কৰি তাত্ত্বিক কথাতকৈ ব্যৱহাৰিক দিশ সমূহৰ ওপৰত গৱেষণালব্ধ ভাৱে নতুন প্ৰজন্মৰ সন্মুখলৈ প্ৰাঞ্জলতাৰে লৈ অহা কামতহে তেওঁ বেছিকৈ জড়িত বিশেষকৈ শিশু সকলক লৈ এনে কামত সততে অগ্ৰসৰ হোৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে এই অনুষ্ঠানতে পিৰামিড শৈলীত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম কবিতা লেখি কৃতিত্বৰ পৰিচয় দিয়াই নহয় অলপতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাৰ কাব্য গ্ৰন্থ “স্বপ্নৰ স্বৰবৰ্ণ” ৰ লগত দুখনকৈ অনুবাদ গ্ৰন্থ ক্ৰমে – “চান্দনী কি জলধ্বনী” আৰু “বৰ্ণ মৈতৃকা” বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট গল্পকাৰ ড০ সঞ্জীৱ পল ডেকা আৰু শোণিতপুৰ জিলা হিন্দী সাহিত্য সন্মিলনীৰ সভাপতি দিনেশ বাৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। উন্মোচনৰ পিছতেই কবি, অধিবক্তা সঞ্জীৱ শৰ্মাই নাজু হাতীকাকতি বৰুৱাৰ কাব্য প্ৰতিভা, পিৰামিড শৈলীৰ কবিতা আৰু উন্মোচিত তিনিখন গ্ৰন্থৰ সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানটিৰ শেষত সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসে সভাপতিৰ চমু ভাষণত সকলোৰে শলাগ লয় ।উল্লেখ্য যে, জিলাখনৰ সংবাদ কৰ্মী সকলৰ পিতামহ স্বৰূপ বিশিষ্ট সংস্কৃত পণ্ডিত, সাংবাদিক, সাহিত্যিক নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ১০ ডিচেম্বৰৰ ওপজা দিনটোত শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে প্ৰতি বছৰেই উদযাপন কৰি অহাৰ পিছত ২০০৯ বৰ্ষত পৰলোকপ্ৰাপ্তি ঘটাত তাৰ পৰৱৰ্তী ২০১০ বৰ্ষৰ পৰা এই ১০ ডিচেম্বৰৰ ওপজা দিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰেই স্মাৰক বক্তৃতানুষ্ঠানৰ পিছত বিগত ছয় বছৰে স্মাৰক বঁটা প্ৰদান কৰি অহা হৈছে। ৯৪ সংখ্যক ওপজা দিনটোত সপ্তমবাৰৰ এই বঁটা প্ৰদান কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More