ক্ষুদ্র উদ্যোগত সফলতা লাভত সহায় হ’ব পৰা এখন কিতাপ

0 99

ড° বুলজিৎ বুঢ়াগোহাঁই

আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় ।Cover page of book by Phanidhar Pathak ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়। চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে। তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব। চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।

অসম গ্রন্থমেলা ২০২২-২৩ত সংগ্রহ কৰা গ্রন্থৰ কথা উল্লেখ কৰিব বিচাৰিছো। গ্রন্থখন হ’ল- ফণীধৰ পাঠকৰ ‘ক্ষুদ্র উদ্যোগত সফলতা লাভৰ আঁৰৰ কথা’ । এই গ্রন্থখনত থকা লেখাবোৰ হ’ল –অসমৰ অৰ্থনীতিৰ ভৱিষ্যৎ; ৰাজ্যৰ আয়; ৰাজ্যৰ বাজেট; ২০১৭-১৮ৰ অসম বাজেট; বছৰ অনুসৰি ৰাজহ প্রাপ্তি; অসমৰ অৰ্থনীতি কেনে হোৱা উচিত? সম্ৰান্ত অসমীয়াৰ জন্ম হ’ব কেনেকৈ? সুস্থ নাগৰিক আৰু খাদ্য; আৱেগ নহয়, যুক্তিৰে আগবাঢ়ক; উৎপাদন আৰু জনসংখ্যা; স্বাৱলম্বিতাৰ বাবে আমি কেনে অর্থনীতি গ্ৰহণ কৰিম? নীৰৱ বিপ্লৱ সফল হ’ব কেনেকৈ? ব্যৱসায়ৰ আঁৰত থাকে শিষ্টাচাৰ আৰু কৰ্মস্পৃহা; নিবনুৱা, বেংকৰ ঋণ আৰু চৰকাৰ; সুস্থ অর্থনীতি গঢ়িবলৈ হ’লে মন্দিৰ-মছজিদৰ ৰাজনীতি এৰিব লাগিব; যুৱক-যুৱতীসকলৰ কৰ্মস্পৃহা কিদৰে বৃদ্ধি কৰিব? সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে অনুপ্ৰৱেশ ৰোধ কৰিবই লাগিব; কি উদ্যোগ গঢ়িব ? অলপ জানিবলগীয়া কথা আৰু ৫০ টা ক্ষুদ্র উদ্যোগৰ আৰ্হি।

এই ৫০টা উদ্যোগ হ’ল- কাঠ পেঞ্চিল সজা উদ্যোগ; মছলা তৈয়াৰ কৰা উদ্যোগ; বাঁহ-বেতেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা গোট; ছুফাৰী তৈয়াৰ কৰা গোট; এপ্রন তৈয়াৰ কৰা গোট; ফ্রিজ মেৰামতি কৰা গোট; চশমা ভাল কৰাৰ আৰু বিক্ৰী কৰা গোট; টিভি ভাল কৰা গোট; মটৰ গাড়ী আৰু অন্যান্য বৈদ্যুতিক যতন মেৰামতি কৰা উদ্যোগ; মটৰ চাইকেল, স্কুটী, অট’ৰিক্সা আদি মেৰামতি কৰা গোট; চিকিৎসকৰ ঔষধালয়; ইটা, বালি, শিল আদিৰ গোট; পাপৰ প্ৰস্তুত কৰা গোট; আলোকচিত্র বন্ধোৱা গোট; ৰেষ্টোৰা ব্যৱসায়ৰ আদৰ্শ আঁচনি; প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰা গোট; চকমাটি প্রস্তুত কৰা উদ্যোগ; কম্পিউটাৰ, ডিটিপি, অনলাইন আঁচনি; শাক-পাচলি, কণী আদি বিক্ৰী কেন্দ্র; বালি-চিমেণ্ট আৰু মিহি শিলগুটিৰে ইটা সদৃশ প্ৰস্তুত কৰা গোট ; হাতেৰে কাগজ প্রস্তুত কৰা গোট; ডালমুগ আৰু ভুজিয়া তৈয়াৰ কৰা গোট; ধূপ উৎপাদন কৰা উদ্যোগ; চাও চাও উৎপাদন কৰা উদ্যোগ; পাট কাপোৰৰ শাল; টেইলৰিং আৰু সাজ-পোছাকৰ দোকান; বহী আৰু কিতাপ বন্ধোৱা গোট; তীখাৰে সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ; তাঁৰৰ বেৰ প্ৰস্তুত কৰা উদ্যোগ; কাঁহ-পিতলৰ বাচন গঢ়া উদ্যোগ ;ছাতি প্ৰস্তুত কৰা উদ্যোগ; ছাইনবোর্ড সজা গোট; পাওৰুটী তৈয়াৰ কৰা উদ্যোগ; মম উৎপাদন কৰা উদ্যোগ;বলপেনৰ ৰিফিল সজা উদ্যোগ; চাবোন উদ্যোগ; চাকি কল উদ্যোগ; বাচন-বৰ্তন ধোৱা গুড়ি তৈয়াৰ কৰা গোট; বেগ প্ৰস্তুত কৰা উদ্যোগ; ধাতুৰ ফলি তৈয়াৰ কৰা উদ্যোগ; ফটোষ্টেট কৰা দোকান; কাপোৰত ফুল ছপা কৰা উদ্যোগ; হাতেৰে বোৱা তাঁত শিল্প উদ্যোগ; তেল পেৰা উদ্যোগ; টেণ্ট হাউচ গোট; মটৰ গাড়ী মেৰামতি কৰা কাৰখানা; স্কুটী, মটৰ গাড়ী আদিৰ আসন তৈয়াৰ কৰা উদ্যোগ; ড্রাইক্লিনিং গোট; মটৰকাৰ, ট্ৰাক আদি ছাৰ্ভিচিং কৰা গোট আৰুবিউটি পার্লাৰ।

লেখকে গ্রন্থখনৰ ‘আগকথা’ত উল্লেখ কৰিছে –“… মই পঞ্চাশটা ক্ষুদ্র উদ্যোগ বা গোটৰ ৰূপ ৰেখা দাঙি ধৰাৰ লগতে সেই ক্ষুদ্র উদ্যোগ বা গোটসমূহ স্থাপন কৰি কেনেকৈ সফল হ’ব পাৰি সেই বিষয়ে ক্ষুদ্র উদ্যোগ স্থাপন কৰিব বিচৰা সকললৈ কিছু পৰামৰ্শ দাঙি ধৰিছো। সেই পৰামৰ্শসমূহ হৃদয়ঙ্গম কৰি আগবাঢ়িলে বিফল হোৱাৰ কাৰণ নাথাকে বুলি এশ শতাংশ বিশ্বাসেৰে ক’ব পাৰো। এইটো ঠিক যে আজি অসমৰ বৰ্দ্ধিত নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰে কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে। কেৱল বিৰোধী দলে পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ বাবে চিঞৰ-বাখৰহে কৰিব পাৰিব। তদুপৰি আজিৰ চৰকাৰে টেটৰ শিক্ষক বা আন বিভাগত কেইকুৰিমান যুৱক- যুৱতীক চাকৰিত মকৰল কৰি সাফল্যৰ জয়গান কৰা দেখা যায়। এই ক্ষেত্ৰত শিক্ষিত, অশিক্ষিত জনসাধাৰণেও চৰকাৰক প্ৰশংসা কৰা দেখা যায়। অৱশ্যে ভাল কামক প্ৰশংসা কৰিব পৰাটো মহৎ জীৱনৰ লক্ষণ। কিন্তু বর্তমান জনামতে অসমত ৩৫ লক্ষ নিবনুৱা যুৱক-যুৱতী আছে। ইয়াৰে এক লাখক চৰকাৰী চাকৰি দিবলৈ সক্ষম হোৱা চৰকাৰ এখনক সফল চৰকাৰ বুলি ক’ব পাৰিনে? এয়া দেখোন এপাচি শাকত এটি জালুকৰ দৰেও নহয়।”

‘ক্ষুদ্র উদ্যোগত সফলতা লাভৰ আঁৰৰ কথা’ নামৰ গ্রন্থখন পাঠক সমাজলৈ লৈ আগবঢ়োৱা বাবে ফণীধৰ পাঠকক ধন্যবাদ জনাইছো । এই গ্রন্থখনে ক্ষুদ্র উদ্যোগত সফলতা লাভত বিশেষ ভাবে সহায় কৰিব ।

এই গ্রন্থখন প্রকাশক হ’ল অশোক পাব্লিকেশ্বন ([email protected]) , গুৱাহাটী আৰু ইয়াৰ মূল্য ২৫০ টকা । গ্রন্থখনত মুঠ ২০৭ পৃষ্ঠা আছে আৰু গ্রন্থখন প্রথম প্রকাশ ডিচেম্বৰ, ২০২২ ।

ঠিকনাঃ আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More