কৰিমগঞ্জত গছ পৰি এজনৰ মৃত্যু

0 18
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ , ১৫ জুনঃ কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জিলাৰ নৈ, বিল, জান, জুৰি, নলা-নৰ্দমা সকলোতে পানী উপচি পৰি  ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বিশেষকৈ যোৱা তিনি চাৰি দিন ধৰি হোৱা বৰষুণৰ ফলত সমগ্ৰ কৰিমগঞ্জ চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল।চহৰৰ নলা-নৰ্দমা সকলোতে পানী ভৰি পৰাৰ লগতে চহৰৰ বহু লোকৰ ঘৰত, ব্যৱসায় প্ৰতিষ্ঠানত, বিদ্যালয়ত পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাট পথসমূহ পানীৰে ডুবাই পেলোৱাত যাতায়াতৰ বহু সমস্যা সৃষ্টি হৈছে। ইপিনে বৰষুণ ফলত মাটি কোমল হৈ পৰাত আজি দুপৰীয়া ভাগত এক মৰ্মান্তিক  দুৰ্ঘটনা সংঘটিত হৈ এজন অট চালকৰ মৃত্যু হয়। উল্লেখ্য যে  দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলামবজাৰৰ পৰা এখন অট’ ৰিক্সা (গাড়ীত) কেইজন মান যাত্ৰী লৈ আজাহাৰ উদ্দিন নামৰ যুৱক জন কৰিমগঞ্জ চহৰলৈ আহে। কৰিমগঞ্জ চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত চলন্ত গাড়ীৰ পৰা যাত্ৰী নমাই দিবলৈ লওঁতে হঠাৎ ৰাস্তাৰ কাষত থকা এজোপা প্ৰকাণ্ড গছ উভালি পৰে অট ৰিক্সাৰ ওপৰত। ফলত থিতাতে মৃত্যু হয় অট’ ৰিক্সা চালক আজহাৰ উদ্দিন। যদিও যাত্ৰীসকল কোনো মতে ৰক্ষা পৰে। লগে লগে এছ ডি আৰ এফ বাহিনীৰ লোক আহি গছ জোপা কাটি আজাহাৰ উদ্দিনৰ মৃত দেহ উদ্ধাৰ কৰি পথ পৰিস্কাৰ কৰি দিয়ে। ইপিনে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More