কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত

কুশিয়াৰা নৈৰ পানীয়ে ভাৰত বাংলাদেশ সীমান্ত একাকাৰ

0 18
শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে।  ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম বজাৰত ২৫১৪৬ জন, পথাৰকান্দিত ৫২৫০ জন আৰু ৰামকৃষ্ণ নগৰত ৩৪৪২৫ জন আক্ৰান্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰত ১৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে ২৬৮ জন লোকক নিলাম বজাৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি শিবিৰত উপস্থিত কৰায়। জিলাখনত ৩২টা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে ইয়াৰে ১৯টা কৰিমগঞ্জত, ১১টা বদৰপুৰত আৰু ২টা পথাৰকান্দিত। ইয়াৰোপৰি কৰিমগঞ্জত ৪৯টা ত্ৰাণ বিতৰণ কেন্দ্ৰ খোলা হৈছে। তাৰে, বদৰপুৰত ৬টা, নীলাম বজাৰত ৮টা, পথাৰকান্দিৰ ৪টা আৰু ৰামকৃষ্ণনগৰত ২৫টাকে ধৰি মুঠ ৪৯টা কেন্দ্ৰত সাহায্য বিতৰণ কৰা হৈছে।  বদৰপুৰত ৯৫৯জন, কৰিমগঞ্জত ৯৩০৩জন, পথাৰকান্দিৰ ৪২জনকে ধৰি সাহায্য শিবিৰত মুঠ  ১০,৩০৪জন বানপীড়িত লোক আছে। এই পৰ্যন্ত কৰিমগঞ্জ জিলাৰ নিলাম বজাৰত ৩ জন আৰু ৰামকৃষ্ণ নগৰত ১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে বানপানীয়ে। জিলাখনৰ সাহায্য শিবিৰকে ধৰি অন্যান্য স্থানত ৩৭টা চিকিৎসা দলে সেৱা আগবঢ়াই আছে। ১৯ জুনলৈকে ৮০,৩৭৪ জন বানপীড়িতক সাহায্য সামগ্ৰী যোগান ধৰা হৈছে। যাৰ মাজত চাউল সহ ১৪৬৮.০৫ কুইণ্টল, দালি ২৯৫.৮৬৫ কুইণ্টল, নিমখ ৯৪.৮৬৬৬ কুইণ্টল, সৰিয়হ তেল ৫৩০৭.০৬ লিটাৰ আৰু বিস্কুট, মহৰ কয়েল, মমবাতি, ব্লিচিং পাউদাৰ, চেনিটেৰী নেপকিন, চেনিটেৰী নেপকিন, মেচ আদিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী প্ৰদান  কৰা হৈছে। ইফালে জিলা প্ৰশাসনে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে হাৰ্ট চেণ্টাৰসমূহত সাহায্য সামগ্ৰী বিতৰণ অব্যাহত আছে। উল্লেখ্য যে চৰকাৰী তথ্য মতে ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত হৈছে যদিও বেচৰকাৰী তথ্য মতে এক লাখৰো অধিক হ’ব প্ৰকাশ। ইয়াৰ উপৰিও জীব জন্তু,খেতি পথাৰ সহ শাক-পাচলি বিস্তৰ ক্ষতি সাধন হৈছে। চুবুৰীয়া পাহাৰীয়া ৰাজ্য মিজোৰাম আৰু মণিপুৰৰ পৰা বৰাক আৰু সিংলা, লংগাই নৈত পানী বৃদ্ধি পাইছে ফলত ন ন অঞ্চল প্লাৱিত হৈছে। ভাৰত বাংলাদেশৰ সীমান্তক বিভাজন কৰি ৰখা কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে। যাৰ ফলত সীমান্তৰ দুয়ো পাৰ একাকাৰ হৈ পৰিছে। সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত প্ৰচণ্ড ভাবুকি আহি পৰিছে। কৰিমগঞ্জ জিলাত কুশিয়াৰা নৈৰ বাঢ়নী পানীয়ে সীমান্তৰ ৩৬ কিলোমিটাৰ নদী সীমান্ত একাকাৰ কৰি পেলাইছে। বাংলাদেশৰ ছিলেট জিলাতো বানপানীয়ে সংসাৰী ৰূপ ধাৰণ কৰাত সীমান্তত ব্যাপক ক্ষতি সাধন কৰিছে। তাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীয়ে সতৰ্কতা জাৰি কৰাৰ লগতে নৈশ পহৰা কঠোৰ কৰি তুলিছে। বানপানীৰ মাজত থিয় নিজৰ জীৱনক ভাবুকিৰ সন্মুখীন কৰি সীমান্তৰ সুৰক্ষাৰ দায়িত্ব ব্যস্ত হৈ আছে। দেশৰ সুৰক্ষাৰ বাবে সাত নং বেটে‍লিয়নে কঠোৰ পৰিশ্ৰম কৰি পহৰা দি আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More