কৰিমগঞ্জত বান-ভূমিস্খলনত নিহত দুই

বানপানীয়ে উটুৱাই নিলে এজনক

0 18

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৯ জুন: কৰিমগঞ্জত বানপানীয়ে নিতৌ বুৰাইছে ন ন অঞ্চল। কেইবা হাজাৰো লোক বানপানীৰ কবলত পৰি গৃহহাৰা হৈছে। শ শ লোক গৃহবন্দী বন্দী হৈ আছে। চলিছে উদ্ধাৰ অভিযান। যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলা খনৰ প্ৰতিখন নৈ উপনৈ  ওফন্দি উঠাত প্ৰতি নিয়ত একো একোটা অঞ্চল বুৰাই পেলাইছে। চৌদশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতে বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক। লংগাই নৈৰ বাঢ়নি পানীত প্ৰাণ গল এগৰাকী ব্যাক্তিৰ। জিলাখনৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ঝকিৱালা গাঁৱত বানপানীয়ে উটুৱাই নিয়াৰ ফলতে মৃত্যু হল ৰেজান উদ্দিনৰ(45) নামৰ ব্যক্তিজনক।আজি আৰক্ষীয়ে ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ কৰাই পৰিয়ালৰ লোকক চমজায় দিয়ে। ইপিনে ভূমিস্খলনত ৰাতাবাৰী সমষ্টিৰ বাঁশকালকান্দি গাঁৱত এটি শিশুৰ কৰুণ মৃত্যুৰ হয়। IMG 20220619 WA0024সাত বছৰীয়া শিশুটিৰ নাম দিলোয়াৰ হুচেইন বুলি জানিব পৰা গৈছে। ভূমিস্খলনত শিশুটিৰ সৈতে আন এটা শিশু আৰু তেঁওৰ মাতৃ আহত হয়। ধাৰাষাৰ বৰষুণৰ ফলত টিলা খহি পৰাত এনে দুৰ্ঘটনা সংঘটিত হৈছে।উল্লেখ্য যে কালিও ভূমি স্খলনত আন এটা শিশুৰ মৃত্যু হৈছিল। এনেদৰে জিলাখনৰ বিভিন্ন স্থানত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। এই বন্যাৰ ফলত কেৱল মানুহেই নহয় জীৱ জন্তুৰো বিপদ ঘণ্টা বাজিছে। খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰত বাংলাদেশৰ সীমান্তৰ কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে। যাৰ বাবে কৰিমগঞ্জ চহৰৰ উন্মুক্ত নদী সীমান্ত এলেকাত বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বহু লোক গৃহবন্দী হৈ পৰিছে। চহৰৰ খলাচৰা এলাকাৰ এম,এম,চি পথৰ তিনি ঘৰ লোকক বি এছ এফৰ সাত নং বেটেলিয়নে উদ্ধাৰ কৰি নিৰাপদ স্থানত নি থয়।সাত নং বেটেলিয়নৰ এচিছটেণ্ট কামাণ্ডেনট নবীন কুমাৰে খবৰ পাই তেওঁৰ কোম্পানীৰ সদস্য সকলক লৈ গৈ বানপানীত কালিৰে পৰা গৃহবন্দী হৈ থকা জুমা দেব,মৃণময় দেব আৰু প্ৰভা ৰানী দেবৰ পৰিয়ালৰ লোক সকলক উদ্ধাৰ কৰে। বৰ্তমান তেওঁ লোক সুৰক্ষিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More