কৰিমগঞ্জ,হাইলাকান্দিত ভূমি স্খলনত নিহত দুই

সীমান্তত বাঢ়নী পানীত থিয় হৈ পহৰা দি আছে জোৱানে

0 18

প্ৰতিখন নদী বিপদ সীমাৰ ওপৰেৰে বৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বি এছ এফৰ কেইবাটাও কেম্প পানীৰ তলত। সীমান্তত সতৰ্কতা জাৰি
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৮ জুন:অবিৰাম বৰষুণৰ ফলত কৰিমগঞ্জত ওফন্দি উঠিছে নদ নদী খাল বিল সকলো। তাৰ মাজতে ঠায়ে ঠায়ে ঘটিছে ভূমি স্খলন। উভালি পৰিছে গছ গছনি। ইতিমধ্যে বদৰপুৰ সমষ্টিৰ বড়থল এলাকাৰ বেন্দাৰ গুলত এটি টিলাৰ মাটি খহি ঘৰৰ ওপৰত পৰে। যদিও ভাগ্যৰ বলত ৰক্ষা পৰিল পৰিয়ালৰ লোক সকল।এই একেটা সমষ্টিৰে মনসাংগন পঞ্চায়তৰ দলফা গাঁৱৰ জমিল আহমেদৰ ন বছৰীয়া শিশুৰ ওপৰত টিলাৰ মাটি খহি পৰি মাটিৰ চেপাত মৃত্যু ঘটে। উল্লেখ্য যে শিশুটিয়ে নিজৰ এটা ঘৰৰ পৰা আন এটা ঘৰলৈ যাবলৈ লওঁতে হঠাৎ ভূমি স্খলন হৈ হামিদা বেগমৰ ওপৰত পৰাত থিতাতে মৃত্যু হয় হামিদাৰ। খবৰ পাই এছ ডি আৰ এফ বাহিনীৰ লগতে কালিগঞ্জ আৰক্ষীৰ লোক ঘটনা স্থলিত উপস্থিত হয় যদিও স্থানীয় ৰাইজে তেওঁ লোক উপস্থিত হোৱাৰ পূৰ্বে,মৃতদেহ উদ্ধাৰ কৰে। শেষত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ উদ্ধাৰ কৰি কৰিমগঞ্জ চৰকাৰী চিকিৎসালয় লৈ আনে। ইপিনে ধাৰাষাৰ বৰষুণৰ ফলত কৰিমগঞ্জ জিলাৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হয়। আন এঠাইত মাটিয়ে পুতি পেলালে কেইবাটাও পশুধন।বদৰপুৰ সমষ্টিৰ আদৰকোনা,আৰু এংলাবজাৰ এলাকাত ভূমি স্খলন হৈ এটা ঘৰ সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰ লগতে এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দেৱাল ভাঙি পৰে। আনহাতে শ্ৰীগৌৰী এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত চাৰি ঘণ্টা ধৰি কৰিমগঞ্জ শিলচৰ যোগাযোগ ব্যাহত হৈ আছিল।
যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জিলাৰ নৈ বিল সমুহ ফেনেফুটুকাৰে ওফন্দি উঠাত জিলা খনৰ প্ৰায় সত্তৰ শতাংশ অঞ্চল প্লাৱিত হৈছে। ঘৰৰ বাৰীৰ লগতে খেতি পথাৰ পানীত বুৰ গৈছে। বিশেষকৈ ভাৰত বাংলাদেশৰ সীমান্তৰ কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বোৱাৰ বাবে কৰিমগঞ্জ চহৰৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ বিঅপি অৰ্থাৎ বৰ্ডাৰ অভজাৰভেশন পষ্ট সমুহ বুৰ গৈছে। বি এছ এফৰ সাত নং বেটেলিয়নৰ অধীনৰ জগন্নাথী,চান্দশ্ৰীকোনা,আৰু ষ্টিমাৰঘাট বিঅপি কেইটা কুশিয়াৰা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ফলত এই বিঅপি কেইটা ততাতৈয়াকৈ স্থানান্তৰ কৰা হৈছে। ওচৰৰ বিদ্যালয়ত আশ্ৰয় লৈছে জোৱান সকলে। যদিও বি এছ এফে বাঢ়নী পানীত থিয় হৈ পহৰা তথা সুৰক্ষা দি আছে। নিশা ফ্লাড লাইট জ্বলাই, স্পিষ্ট বটেৰে কুশিয়াৰা নৈৰত পেট্ৰলিং দি আছে। লগতে এচ এচ টি তথা অত্যাধুনিক প্ৰযুক্তিৰ দুৰবীণ যন্ত্ৰৰে পৰ্যবেক্ষণ কৰি আছে যাতে বাংলাদেশৰ ফালৰ পৰা কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ সংঘটিত কৰিব নোৱাৰে বা অবৈধ প্ৰবেশ নঘটে। বানপানীৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰিছে। ইপিনে কৰিমগঞ্জ চহৰকে ধৰি বিভিন্ন স্থানত সৃষ্টি হোৱা বানপানীৰ ফলত গৃহ বন্দী হৈ থকা লোক সকলক চিনাক্ত কৰি এচ ডি আৰ এফ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই আছে। ইতিমধ্যে বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিছে। আনহাতে জিলা খনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। জিলা উপায়ুক্তই দুদিনৰ বাবে বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰিছে। একেদৰেই হাইলাকান্দি জিলাৰ কাঠলিচেড়া সমষ্টিৰ দীননাথপুৰ গাঁৱত ভূমি স্খলনৰ ফলত বাহাৰ উদ্দিন লস্কৰ নামৰ এজন যুৱকৰ মৃত্যু ঘটে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More