কৰ্ম স্হানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়ম-নীতিয়ে আৰু কঢ়িয়াই নিনিয়ক শিক্ষকৰ অমূল্য জীৱন…

দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা বি আৰ পি দেৱজিৎ কাকতি আৰু চি আৰ চি চি দেৱজিৎ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি 

0 22
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিশ্বনাথ জিলাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP  দেৱজিত কাকতি’ আৰু CRCC ‘দেৱজিত শৰ্মা’ৰ সজস্থান প্ৰাপ্তিৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আজি তেজপুৰত সমবেদনা জনাই সমগ্ৰ শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত জিলা সমল ব্যক্তি সকলে। মৃত্যু এক অনিন্দ্ৰ সাঁ‌থৰ। মৃত্যুৱে লৈ যায় আপোনজনৰ সুখাচ্ছন্ন পৰিৱেশ। এই সাঁ‌থৰক মানৱে বুজিবলৈ চেষ্টা কৰে যদিও নিয়তিয়ে উপহাস কৰে। যাক সুখৰ বাবে, সমাজৰ বাবে, পৰিয়ালৰ বাবে আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজন তেওঁলোককো লৈ যায় আমাৰ মাজৰ পৰা। ঠিক, এসোপা বিষাদ ঢালি আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল বিশ্বনাথ জিলাৰ ছয়দুৱাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP দেৱজিৎ কাকতি আৰু CRCC দেৱজিৎ শৰ্মাক।আজি প্ৰয়াত দুয়োগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ জনালে ৰাষ্ট্ৰভাষা বিদ্যালয়, তেজপুৰ আৰু তেজপুৰ একাডেমী প্ৰাংগণত দুদিনীয়া কৰ্মসূচীৰে হৈ থকা প্ৰশিক্ষণ স্থলীত সমল ব্যক্তি সকলে।ৰাষ্ট্ৰভাষা বিদ্যালয়ত সমল ব্যক্তি আৰু প্ৰশিক্ষণৰ প্ৰতিনিধিৰ সন্মুখত দুয়োগছি বন্তি প্ৰজ্বলন কৰে জিলা আঁ‌চনি শিক্ষা বিষয়া কৃষ্ণকান্ত ডেকাৰ লগতে ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কান্দুলানাই । জ্যেষ্ঠ বিআৰপি পংকজ দেৱ ৰয় আৰু দুলাল দাসে ধূপ নৈবেদ্য জ্বলাই নশ্বৰ আত্মালৈ চিৰশান্তি প্ৰাৰ্থনা কৰে। উল্লেখ্য যে, ৰাষ্ট্ৰভাষা বিদ্যালয় আৰু তেজপুৰ একাডেমী প্ৰাংগণৰ দুয়োটা  প্ৰশিক্ষণস্থলীত উপস্থিত থাকে গায়ত্ৰী বেজবৰুৱা, দিগন্ত নাথ, প্ৰশান্ত বৰ্মন প্ৰমুখ্যে সমল ব্যক্তি সকল। তেজপুৰ একাডেমী প্ৰশিক্ষণ প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে জীতেন্দ্ৰ কলিতা, কবি শিক্ষক  ভূপেন শৰ্মাই ।আজি প্ৰশিক্ষণ স্থলীতে সকলোৱে শোকাহত হৈ মন্তব্য কৰে – মৃত্যুৱে ক্ষতি নকৰক শিক্ষক সকলক। কৰ্মস্থানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়মত নিয়তিয়ে কঢ়িয়াই নিনিয়ক মানুহৰ বাবে প্ৰয়োজনীয় আপোনজনক। উল্লেখ্য যে, প্ৰয়াত শিক্ষাগুৰু দুয়োগৰাকীয়ে এৰি গৈছে সন্তান পত্নী আৰু আপোনজনক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More