খাদ্য আৱৰ্জনাৰে কম খৰচী জৈৱিক ইন্ধন উৎপাদন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ

0 14

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী আন্তৰাষ্ট্ৰীয় গৱেষক তথা ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াৰ নিবাসী খলিফা চৈয়দে জৈৱিক ইন্ধনৰ উৎপাদন আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে৷ গৱেষকজনে তেলৰ আৱৰ্জনা তথা পেলনীয়া খাদ্য সামগ্ৰী, মূলা আৰু মিঠা আলুৰ পাতৰ পৰা জৈৱিক ইন্ধনৰ উৎপাদন সফলতাৰে সম্পন্ন কৰিছে। এই নতুন আৰু উদ্ভাৱনীমূলক ৰাসায়নিক প্ৰক্ৰিয়াই জৈৱ-ইন্ধন উৎপাদনৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব৷ উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ এমবিবিটি বিভাগৰ অধ্যাপক মানবেন্দ্ৰ মণ্ডলৰ তত্বাৱধানত আৰু বিশ্ববিদ্যালয়খনৰ শক্তি বিভাগৰ অধ্যাপক ধনপতি ডেকাৰ সহ-তত্বাৱধানত ছৈয়দে এই প্ৰক্ৰিয়াৰ ওপৰত গৱেষণামূলক প্ৰখ্যাত বিজ্ঞান আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰে৷ তেওঁ এই উদ্ভাৱনৰ সন্দৰ্ভত কয় “আমাৰ প্ৰধান উদ্দেশ্য হৈছে জলবায়ুৰ পৰিৱৰ্তন বন্ধ কৰা। ঘৰ আৰু ৰেষ্টুৰেণ্টে আৱৰ্জনা হিচাপে পেলাই দিয়া ব্যৱহৃত ৰন্ধন তেলৰ দৰে দৈনন্দিন খাদ্য সামগ্ৰীক বহু কম খৰচত জৈৱ ইন্ধন উৎপাদনৰ বাবে উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰি।”আনহাতে তত্বাবধায়ক অধ্যাপক মণ্ডলে কয়, “কৃষি আৱৰ্জনা নবীকৰণযোগ্য আৰু বহনক্ষম স্বচ্ছ শক্তি উৎপাদনৰ বাবে আশাব্যঞ্জক উৎস।”সাধাৰণতে ট্ৰাইগ্লিচাৰাইড ফিডষ্টক আৰু এলকহলৰ মাজত অনুঘটকৰ উপস্থিতিত বিক্ৰিয়া কৰি ফেটি এচিড মিথাইল এষ্টাৰ আৰু গ্লিচাৰল গঠন কৰা হয়। খলিফা ছৈয়দে ৰাসায়নিক প্ৰক্ৰিয়াত পেলনীয়া তেল আৰু অনুঘটক সলনি কৰি জৈৱিক ইন্ধন উৎপাদনৰ ব্যয় হ্ৰাস কৰে। তেওঁ অৱশিষ্ট ৰন্ধন তেল আৰু শেলাই তেল শোধন কৰিছিল, যিবোৰ তাৰ পিছত অৱশিষ্ট তেল হিচাপে ব্যৱহাৰ কৰা হয়। মাইক্ৰ’এলগা সেউজ গৃহ গেছ হ্ৰাসৰ এক বৃহৎ সমৰ্থক আৰু বর্জ্য পানীতো ইয়াৰ খেতি কৰিব পাৰি। পটাছিয়ামযুক্ত মূলা আৰু মিঠা আলুৰ পাতবোৰ কেলচিনেট কৰিলে আকাংক্ষিত অনুঘটক পোৱা যায় বুলিও গৱেষণাত নিশ্চিত হয়। সহ তত্বাবধায়ক অধ্যাপক ডেকাই কয়, “ৰসায়নিক পদাৰ্থ আৰু শক্তি উৎপাদনৰ বাবে জৈৱভিত্তিক ব্যৱস্থাই গতানুগতিক উৎসৰ বিকল্প ল’ব পাৰে। এইদৰে ই জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে।”

তেজপুৰ বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰ তথা প্ৰকাশিত গৱেষণা পত্ৰসমূহৰ সহ-লেখক নিৰন দৈমাৰীয়ে এই বিষয়ে কয় যে, “এই অধ্যয়নত স্থানীয়ভাৱে উপলব্ধ জৈৱ আৱৰ্জনা ব্যৱহাৰ কৰি বহনক্ষম শক্তি উৎপাদনৰ বাবে আৱৰ্জনা মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।” তেজপুৰ বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰ আৰু আন এগৰাকী সহ লেখক ডলিজিৎ বৰাই এই বিষয়ে কয় যে, “মাইক্ৰ’এলগেই পেট্ৰলিয়ামৰ ঠাইত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাত সহায় কৰাৰ সম্ভাৱনা আছে। অৱশ্যে মাইক্ৰ’এলগে প্ৰযুক্তিক বাণিজ্যিকভাৱে কাৰ্য্যক্ষম কৰি তুলিবলৈ ইয়াক বহুবিষয়ক গৱেষণাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।”২০১৯ ৰ অক্টোবৰত মাহত খলিফা ছৈয়দে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল যদিও কৰ’না মহামাৰীৰ ফলত তেওঁৰ কামতো প্ৰভাৱ পৰিছিল আৰু লেহেমীয়া হৈছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সুবিধাসমূহ ব্যৱহাৰ কৰিছিল। তেওঁৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় আৰু বিশ্লেষণৰ বাবে অত্যাধুনিক বিশ্লেষণাত্মক যন্ত্ৰপাতি কেন্দ্ৰ,এছ এ আই চি, তেজপুৰ বিশ্ববিদ্যালয় আৰু যোৰহাটৰ নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ সহায় লাভ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More