খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ

ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি

0 34

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ ‘খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে'(FSSAI) এ যুগুত কৰা ২০২১-২২ বৰ্ষৰ এই সূচকাঙ্কৰ প্ৰতিৱেদনত দেশখনৰ সকলো কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হৈছে। প্ৰতিৱেদনখন প্ৰস্তুত কৰোঁতে ঘাইকৈ পাঁচটা দিশৰ ওপৰত আলোকপাত কৰা হৈছে আৰু এই দিশ কেইটাত ৰাজ্য সমূহৰ পাৰদৰ্শিতাৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যসমূহৰ শ্ৰেষ্ঠতাৰ তালিকাখন প্ৰস্তুত কৰা হৈছে। পাৰদৰ্শিতাৰ মাপ লোৱা এই দিশ কেইটা হৈছে, মানৱ সম্পদ আৰু প্ৰতিষ্ঠানিক তথ্য, অনুবৰ্তী, খাদ্য পৰীক্ষা, আন্ত:গাঁথনি আৰু নিৰীক্ষণ, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ আৰু গ্ৰাহক সৱলীকৰণ। এই সূচকাঙ্কৰ তালিকাখন প্ৰস্তুত আৰু প্ৰকাশ কৰাৰ মূল উদ্দেশ্য হৈছে, দেশখনত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত যোগাত্মক পৰিৱৰ্তন আৰু ৰাজ্য সমূহৰ মাজত ইয়াৰ বাবে প্ৰতিযোগিতাৰ এটা বাতাবৰণ গঢ়ি তোলা। ভাৰতবৰ্ষত ২০১৮-১৯ চনৰ পৰা এই কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। চলিত বছৰৰ সূচকাঙ্কৰ তালিকা অনুসৰি ১৭ খন বৃহৎ ৰাজ্যৰ ভিতৰত তামিলনাডু, গুজৰাট আৰু মহাৰাষ্ট্ৰই শীৰ্ষৰ তিনিখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আপেক্ষিক ভাৱে সৰু ৰাজ্য সমূহৰ ভিতৰত গোৱা, মণিপুৰ আৰু ছিকিমে প্ৰথম তিনিটা স্থান অধিকাৰ কৰিছে। জম্মু আৰু কাশ্মীৰ, দিল্লী আৰু চণ্ডীগড়ে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত প্ৰথম তিনিটা স্থান দখল কৰিছে। উল্লেখযোগ্য যে, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দেশখনৰ ভিতৰত অসমৰ পৰিস্থিতি শোচনীয় বুলিয়েই ক’ব পাৰি। এই তালিকাখনত অসমৰ স্থান চতুৰ্দশ।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More