খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি

আমদানিৰ বাবদ আনুপাতিক হাৰত অধিক ধন ব্যয় ভাৰতৰ

0 17

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ পেট্ৰোলিয়াম জাত সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহৎ দেশ ভাৰতবৰ্ষই যোৱাটো বিত্তীয় বৰ্ষ( এপ্ৰিল, ২০২১ – মাৰ্চ, ২০২২)ত খাৰুৱা তেল আমদানিৰ বাবে ১১৯.২ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে। কেৱল যোৱা মাৰ্চ মাহতেই খাৰুৱা তেল ক্ৰয়ৰ নামত ১৩.৭ বিলিয়ন ডলাৰ দেশখনে খৰছ কৰিবলগীয়া হৈছে। কেন্দ্ৰীয় তেল-গেছ মন্ত্ৰালয়ৰ অধীনস্থ পেট্ৰোলিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষে অলপতে সদৰী কৰা মতে ইয়াৰ আগৰ বছৰটোত এই পৰিমাণ আছিল ৬২.২ বিলিয়ন ডলাৰ আৰু আমদানিৰ পৰিমাণ আছিল ১৯৬.৫ নিযুত মেট্ৰিক টন। ২০২১-২২ বৰ্ষত খাৰুৱা তেলৰ আমদানি কৰা হৈছিল ২১২.২ নিযুত মেট্ৰিক টন। অৱশ্যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাত আমদানিৰ বাবদ আনুপাতিক হাৰত অধিক ধন ব্যয় কৰিবলগীয়া হয়। উল্লেখযোগ্য যে, ২০২১-২২ বৰ্ষত দেশখনত বিভিন্ন পেট্ৰ’ল জাত সামগ্ৰীৰ ব্যৱহাৰ হৈছিল ২০২.৭ নিযুত মেট্ৰিক টন আৰু পূৰ্বৱৰ্তী বছৰটোত কৈ ইয়াৰ পৰিমাণ প্ৰায় ৮ নিযুত মেট্ৰিক টন অধিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More