হিমাংশু শংকৰ গগৈ
সাম্প্ৰতিক সময়ৰ অতিকৈ চৰ্চিত এটা বিষয় । সঘনাই বাতৰি কাকত, সামাজিক মাধ্যম আৰু অন্যান্য বৈদ্যুতিন মাধ্যমত আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা এটা চৰ্চিত শিৰোনাম । হাতী মানুহৰ সংঘাত । কেতিয়াবা যদি জন অৰণ্যত প্ৰৱেশ কৰি বন্যহস্তীৰ সন্ত্ৰাস আন কেতিয়াবা আকৌ ঘন অৰণ্যত জীৱশ্ৰেষ্ঠৰ তাণ্ডৱ । প্রকৃততে দায়ী কোন ? হস্তীকুল নে আমি ? জনসংখ্যাৰ বৃদ্ধিৰ লগে লগেই আমাৰ বসতিস্থলৰ আৱশ্যকতাও বৃদ্ধি পাই আহিছে । ভূমি সম্প্ৰসাৰণ তথা ঔদ্যোগীকৰণৰ বাবে বনাঞ্চল ধ্বংস কাৰ্য দীৰ্ঘদিনীয়া। বিশেষকৈ আমাৰ অসমত বিগত বহু বছৰৰ পৰা উচ্চ হাৰত বন ধ্বংস যজ্ঞ চলি আহিছে । ইয়াৰ ফলশ্ৰুতিত বিভিন্ন বন্যকুলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে ।
অসম তথা উত্তৰ-পূবৰ বনাঞ্চল সমূহ পশু কুলৰ বাবে অনুকূল । বিশেষকৈ এছীয় হাতী (Elephas Maximus)ৰ বাবে এই অঞ্চল অতি বসতি যোগ্য । হিমালয়ৰ পাদদেশত অৱস্থিত উত্তৰ-পূব তথা অসমৰ অৰণ্য সমূহ মিশ্ৰিত প্ৰাকৃতিক উপাদানেৰে চহকী। নাতিশীতোষ্ণ জলবায়ু, বিস্তৃত খাদ্য সম্ভাৰ আৰু জংঘলৰ ঘনত্বৰ বাবে আমাৰ অৰণ্য সমূহ হস্তীকুলৰ বাবে উপযোগী স্থল ।
অসমীয়া সংস্কৃতি আৰু হাতী ওতপ্ৰোতভাৱে জড়িত । পুৰণি গীত-মাত, কবিতা, নাট ইত্যাদিত ইয়াৰ সম্ভেদ পোৱা যায়। স্বনামধন্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেখেতৰ এক সৃষ্টিত গাই গৈছে
“গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ যায়
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ..”
পুৰণি কালৰ পৰা অসম হাতীৰ বাবে বিখ্যাত আছিল ৷ মহাভাৰতত অসমৰ ভগদত্ত ৰজাৰ হস্তী প্ৰতাপৰ কথা উল্লেখ আছে৷ কবি কালিদাস ৰচিত ৰঘুবংশতো অতীতৰ কামৰূপৰ ৰজাই হাতী দান কৰাৰ কথাৰ উল্লেখ আছে। শিৱসিংহৰ দ্বিতীয় ৰাণী বৰৰাণী অম্বিকাই সুকুমাৰ বৰকায়স্থৰ হতুৱাই হাতীৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰাই হস্তী বিদ্যাৰ্ণব পুথিখন ৰচনা কৰিছিল। আহোম সাম্ৰাজ্য কালত কেৱল হাতী চোৱা চিতা কৰিবলৈকে ‘হাতীবৰুৱা’ নামেৰে বিষয়বাবৰ সৃষ্টি কৰা হৈছিল ।
অসমীয়া জনজীৱনত হাতীক আভিজাত্যৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল । বিয়া, সাংস্কৃতিক অনুষ্ঠান, মাঙ্গলিক পৰ্ব আদিত হাতীৰ স্থান আছিল বিশেষ। উল্লেখযোগ্য যে হিন্দু ধর্মৰ প্ৰবাদ আৰু কাহিনী অনুসৰি হাতীক শ্ৰীগণেশৰ অন্য এক ৰূপ বুলি পূজন কৰা হয়। সেয়েহে, আমাৰ সমাজত বাপু, বাবা, গজৰাজ, ডাঙৰীয়া আদি নামেৰে হস্তীক সম্ভাষণ জনোৱা হয় ।
কিন্তু ইমান শ্ৰদ্ধা আৰু ভক্তিৰ পাত্ৰ হৈয়ো বৰ্তমান সময়ত সমগ্ৰ হস্তীকুলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে । ২০১৭ চনৰ অসম চৰকাৰৰ বন বিভাগৰ সমীক্ষা অনুসৰি অসমত বৰ্তমান ৫৭১৯ টা হাতী উপলব্ধ। সুখৰ বিষয় এয়াই যে সমগ্ৰ দেশৰ ভিতৰত হস্তীকুলৰ জনসংখ্যাৰ ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয় ।
বৰ্তমান অসমত হস্তী সংৰক্ষিত বনাঞ্চল এলেকা হিচাপে ৫ টা মণ্ডল বিভাজিত হৈ আছে। ইয়াৰে বিস্তৃত অঞ্চল কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, গোলাঘাট, কাৰ্বি আংলং জিলাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্যৰ বৃহৎ এলেকা সংযোজিত হৈ আছে । বন বিভাগৰ সূচী অনুসৰি এই সমূহক চিৰাং-ৰিপু, শোণিতপুৰ, দিহিং-পাটকাই, কাজিৰঙা-কাৰ্বি আংলং আৰু ধনশিৰী-লাংডিং হাতী সংৰক্ষিত এলেকা ৰূপত বিভাজিত কৰা হৈছে ।
হাতী বিশেষজ্ঞৰ অধ্যয়ন আৰু তেওঁলোকৰ প্ৰতিবেদন সমূহৰ পৰা জানিব পৰা যায় যে হস্তীকুলে নিৰ্দিষ্ট এটা লক্ষ্য পথত বছৰ বছৰ ধৰি প্ৰবজন কৰে যাক আমি হস্তী দণ্ডী অৰ্থাৎ Elephant Corridor বুলি কওঁ । এই নিৰ্দিষ্ট দণ্ডীতেই হস্তীকুলে নিজ নিজ জাকৰ সৈতে ইখন অৰণ্যৰ পৰা সিখন অৰণ্যলৈ প্ৰবজন কৰে। কিন্তু শতিকা প্ৰাচীন এই পথ সমূহত বাধাৰ প্ৰাচীৰ গঢ়ি তুলিছো আমি। দৈনিক জীৱন যাপনৰ বাবে এটা হাতীক বুজন পৰিমাণৰ খাদ্যৰ প্ৰয়োজন হয় । সেয়েহে নিৰ্দিষ্ট এখন অৰণ্যত খাদ্যৰ পৰিমাণ কমি আহিলে এটা হাতীৰ জাকে অন্য এখন অৰণ্যলৈ গতি কৰে । ই স্বাভাৱিক প্ৰাকৃতিক নীতি। কিন্তু অবাধ হাৰত বন ধ্বংস, কয়লা খনন, ঔদ্যোগীকৰণ আদিৰ বাবে সচৰাচৰ প্ৰাকৃতিক চক্ৰত প্ৰভাৱ পৰিছে । হাতী অহা-যোৱা কৰা পথ বা হস্তী দণ্ডীত মানুহৰ বেদখলৰ বাবে সংঘাত বৃদ্ধি পাই আহিছে । বিগত কেইবছৰমানৰ পূৰ্বে নুমলীগড়ত হাতী অহাযোৱা কৰা পথত এখন পকী দেৱাল নিৰ্মাণ কৰাৰ ফলত হাতীৰ জাকটো উন্মত্তপ্ৰায় হৈ পৰিছিল । ভোকে, পিয়াহে জৰ্জৰিত হাতীৰ জাকটোক বৈদ্যুতিন মাধ্যমৰ যোগে প্ৰত্যক্ষ কৰি আমাৰো মন সেমেকি উঠিছিল। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহোতে ৰেলৰ খুন্দাত অথবা বিদ্যুৎস্পৃষ্ট হৈও হাতীৰ মৃত্যু হোৱাৰ ঘটনা ঘটিছে। তাৰ বিপৰীতে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাও উদ্বেগজনক। গড় হিচাপে প্ৰতি বছৰে বন্যহস্তীৰ আক্ৰমণত অসমত ৩০-৪০ জন লোক মৃত্যুমুখত পৰে। এই সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে ।
হাতী আৰু মানুহৰ সংঘাত অসমৰ নতুন নতুন ঠাইলৈ সম্প্ৰসাৰিত হোৱাটো নিঃসন্দেহে চিন্তনীয় বিষয় । এইখন অসমতেই হাতীক ভগৱান ৰূপে পূজা-অৰ্চনা কৰা হয়, আকৌ এইখন অসমৰেই কোনো গাঁৱত হাতীৰ শুৰ কাটি মাংস ভক্ষণ কৰা ঘটনাও সংঘটিত হয় । এইখন অসমতেই হাতীক শোভাযাত্ৰাৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰা হয় অথচ এইখন অসমৰেই হাতীৰ ওপৰত বহিঃ ৰাজ্যৰ কোনো মন্দিৰত নাৰকীয় অত্যাচাৰ চলোৱা হয় । কথাবোৰ অসহনীয় যদিও নিৰ্ঘাত আৰু তিক্ত সত্য। অৰণ্য ৰক্ষাৰ নামত শ্লোগান অথবা প্লেকাৰ্ড লৈ আন্দোলন কৰিলেই নহব। প্ৰকৃতাৰ্থত মূল্যায়ন কৰিব লাগিব আমাৰ দায়িত্ব আৰু কৰ্তব্যবোৰ। ওপৰত বহি থকা বিভাগৰ বৰমূৰীয়া জনৰ পৰা গাঁৱৰ খাটি খোৱা মানুহজনলৈকে। হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক হোৱাৰ স্বাৰ্থত এছীয় হাতীক সংকটাপন্ন প্ৰাণীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ আবেদন জনাইছে ভাৰতে । সংৰক্ষণৰ বাবে আবণ্টিত আঁচনি আৰু পুঁজি সমূহ সঠিকভাৱে ৰূপায়ন হওক। আমিও বিচাৰো হস্তী দণ্ডী, বনাঞ্চল ইত্যাদিবোৰ বেদখলমুক্ত হওক। সকলোৰে পৃথিৱীত জীয়াই থকাৰ সম অধিকাৰ আছে। কিন্তু নিমাত, নিঃস্বাৰ্থ কাৰোবাৰ অধিকাৰত পদাঘাত কৰি আমি নিজৰ জীৱনশৈলীক উন্নত কৰাৰ স্বাৰ্থক গুৰুত্ব দিয়াবোৰ নিশ্চিতভাৱে মানুহ নহয়। জীৱশ্ৰেষ্ঠ নহয়। অন্যথা অদূৰ ভৱিষ্যতে আমিও প্ৰতিবেদন অথবা উপন্যাস লিখাৰ সময় সমাগত হব যে ”ইয়াত এখন অৰণ্য আছিল, ইয়াত এজাক হাতী আছিল ।” মনত ৰখা উচিত যে অৰণ্যৰ সকলো জন্তু নহয় আৰু নগৰৰ সকলো মানুহ নহয়।
লেখকৰ ঠিকনাঃ ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
৯৯৫৭০০৬৩৬৫