গিৰি দা এৰেষ্ট হৈছে।
মনিটৰলৈ চালো। কোনো সংখ্যা বা হৃদপিণ্ডৰ ধপধপনিৰ সাৰ-সুৰ নাই।মনিটৰৰ সকলোবোৰ উঠা নমা সম্পূৰ্ণৰূপে নিস্তেজ ! মাত্ৰ এডাল আঁচ।দীঘল আঁচ।মানে ৰোগ গৰাকীৰ মৃত্যু।
সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ নিলোৎপলে স্তব্ধ হোৱা হৃদপিণ্ড পুনৰ চালিত কৰিবলৈ নিস্তেজ শৰীৰটোৰ বুকুৰ ওপৰত ঢকিয়াই আছে। মৃত শৰীৰটোৰ ওপৰত যন্ত্ৰৰ দৰে ডাক্তৰ সীমান্ত টায়ে, ডাঃ অৰবিন্দ বৰুৱা, ডাঃ মুকুন্দ ৰাভাই কটা চিঙা কৰি আছে।ডাঃ প্ৰশান্ত শৰ্মা আৰু ডাক্তৰ নিৰ্মাল্য চৌধুৰীয়ে ইটো সিটোৰে তেওঁলোকক সহায় কৰি আছে।সকলোৰে মন বিষন্ন।
প্ৰায় ৭ মিনিট হৈ গল,ৰোগী গৰাকীৰ কোনো জীৱিত অবস্থাৰ প্ৰমাণ নাছিল।ফণী দা, নিলোৎপল আৰু মই স্তব্ধ হৈ থকা হৃদপিণ্ডক কাৰ্য্যক্ষম কৰিবলৈ বিভিন্ন দৰৱ আদি প্ৰয়োগ কৰি আপ্ৰাণ চেষ্টা কৰি আছিলো—
৫ এপ্ৰিল ২০২২
মঞ্জু বেগম,২৮ বছৰ
ভাতগজ, নিতাই, ডিমৌ
শিৱসাগৰ
৫ এপ্ৰিল তাৰিখে মঞ্জুক চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবে প্রস্তুত কৰা হৈছিল। কিন্তু ৰাতিপুৱা ৪ মান বজাৰ পৰা মঞ্জুৰ প্ৰসৱ বেদনা আৰম্ভ হয়।৭ বছৰ আগতে স্বাভাৱিক ভাবেই এটি পুত্ৰৰ আগমন হৈছিল।সম্ভৱ এইবাৰো স্বাভাৱিক ভাবেই হব।কিন্তু ৰাতিপুৱা ৯ মান বজালৈকে, স্বাভাৱিক ভাবে প্ৰসৱ নোহোৱাত আমাৰ স্বাস্থ্যকৰ্মী সকলো অলপ চিন্তিত হয়।প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ সীমান্ত জ্যোতি টায়েই মঞ্জুক পৰীক্ষা কৰি ততাতৈয়াকৈ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ কাৰণে প্ৰস্তুত কৰিবলৈ উপস্থিত স্বাস্থ্য কৰ্মীক নিৰ্দেশ দিয়ে।
ৰাতিপুৱা ৯:৫২ মিনিটত ৩ কেজি ৮০০ গ্ৰাম ওজনৰ পুত্ৰ সন্তান ভূমিষ্ঠ হয়।
উৱা ! পুত্ৰৰ হৃদপিণ্ডৰ হাৰ মাত্ৰ ১৫। কন্দাও নাই। মই লৰাটোৰ অৱস্থা দেখি ঘূৰি নাহিবই বুলি ভাবিছিলো। তথাপি স্বাস্থ্য কৰ্মী ডেইজী, ললিতৰ সহযোগত অশেষ কষ্ট কৰি লৰাটোক পুনঃজীৱিত কৰা হয়।
মঞ্জুৰ অস্ত্ৰোপচাৰ সুকলমে হৈ যায়।চাফ চিকুণ কৰিব লওঁতেই গণ্ডগোল লাগি গল। তলফালেদি হোৰাহোৰে তেজ বৈ গৈছে।যেনেদৰে টেপ খুলিলে পানী ওলায়, তেনেদৰে মঞ্জুৰ শৰীৰ পৰা তেজ বব আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰত BP কমি হৃদপিণ্ড বন্ধ হোৱাৰ উপক্ৰম হয়।তৎক্ষণাত স্বাস্থ্যকৰ্মী মনোৰঞ্জন দাই বুকু ঢকিয়াবলৈ আৰম্ভ কৰে।
কি কৰা যায় ?
অস্ত্ৰোপচাৰ বা স্বাভাৱিক প্ৰসৱৰ পাছত, সাধাৰণতে জৰায়ুটো টান হৈ যায় আৰু তলেদি তেজ যোৱা বন্ধ হয়।কিন্তু মঞ্জুৰ ক্ষেত্ৰত তেনে নহল।কিয় তেনে হল, তাৰ এশ এবুৰি কাৰণ আছে। কেতিয়াবা তেনেকুৱা হবও পাৰে। প্ৰথমে দৰৱ প্ৰয়োগ কৰি জৰায়ুটোক কাৰ্যক্ষম কৰিবলৈ চেষ্টা কৰা হয়।দৰৱবোৰে কাম নকৰিলে, জৰায়ুটো অস্ত্ৰোপচাৰ কৰি উঠাই দিব লাগে।জৰায়ুটোক যিমানেই কাৰ্যক্ষম কৰিবলৈ চেষ্টা কৰা হৈছে সিমানেই তেজ হোৰাহোৰে বৈ গৈছে।
স্বামী,বাবুজান আলিৰ লগত কথা পাতিলো। মঞ্জুৰ জৰায়ুৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।আমাক ৬-৭ বটল তেজ লাগিব।আপুনি তৎকালীন ভাবে তেজৰ বটল কেইটা যোগাৰ কৰি দিব পাৰিব নে? মঞ্জুৰ আত্মীয় বুলি কবলৈ তেওঁ মাত্ৰহে আছিল।তেজৰ প্ৰয়োজনীয়তাৰ কথা কওঁতে তেওঁ মোলৈ ভেবা লাগি চাই থাকিল।মই যেন তেওঁক বৰ কঠিন কাৰ্য এটা দিছোঁ।
শিৱসাগৰত তেজ তৎক্ষণাত দিব পৰা কেন্দ্ৰ এটাই, সেয়া হল জয়সাগৰৰ অসামৰিক চিকিৎসালয়।ডিমৌৰ পৰা দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ।মনে মনে ভাবিলো, স্বামীক তেজ আনিব কম, তেওঁ ৩০ কিলোমিটাৰ বাটকুৰি বাই যাব, আকৌ ডিমৌলৈ ঘূৰি আহিব, এইবোৰ কৰি থাকোতে বহুত সময় লাগিব।তেতিয়ালৈকে মঞ্জু নাথাকিবই।
আকৌ অস্ত্ৰোপচাৰ কৰি জৰায়ুটো উঠাই নিদিলে অত্যধিক ৰক্তক্ষৰণ হৈ মঞ্জুৰ মৃত্যু অনিবাৰ্য।জৰায়ু উঠোৱা অস্ত্ৰোপচাৰ কৰিবলৈ আমি সাজু, কিন্তু আমাক তেজ কোনে আনি দিব?? তেজৰ সলনি চেলাইন দি থাকিলে নহব।তেজেই দিব লাগিব।
লাহে লাহে মঞ্জুৰ চকু মুদ খাই আহিছিল।শেষত উপস্থিত আমি সকলো স্বাস্থ্য কৰ্মীসকলে ৩০ কিলোমিটাৰ নিলগত অৱস্থিত ব্লাড বেংক তথা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লওঁ।তাতেই জৰায়ুৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।সেই হিচাবে ডাঃ প্ৰশান্ত দা, ডাক্তৰ নিৰ্মাল্য দাক ফোন কৰি মঞ্জুৰ আকস্মিক সমস্যাৰ কথা অৱগত কৰা হয় আৰু অস্ত্ৰোপচাৰ কক্ষৰ দলটোক অৱগত কৰাৰ লগতে ৭-৮ টা মান তেজ উলিয়াই থবলৈ অনুৰোধ কৰা হয়।
ডিমৌ অস্ত্ৰোপচাৰ কক্ষত আমাৰ সকলো স্বাস্থ্য কৰ্মীবোৰ মঞ্জুক সুস্থ কৰিবলে উবুৰি খাই পৰে।আমি অস্ত্ৰোপচাৰ কক্ষৰ সাজ কেইটা সলাই তললৈ পাওঁ মানে অতি ক্ষিপ্ৰতাৰে স্বাস্থ্য কৰ্মী পৰী, বীণা বাইদেউ, পোনা দা,দীপা,সংগীত আদিয়ে মঞ্জুক এম্বুলেঞ্চত উঠাই দিয়ে।স্বাস্থ্য কৰ্মী স্বপ্নালী আৰু মনোৰঞ্জন দা এম্বুলেঞ্চতে মঞ্জুৰ লগত যায়। নাৰ্ছ স্বপ্নালীক আপদকালীন কিছুমান দৰৱ আৰু বিধান দি মই আৰু ডাঃ টায়ে পিছে পিছে যাওঁ।
সকলোৰে মন মৰা।মঞ্জুৰ অৱস্থা তথৈবচ।৩০ কিলোমিটাৰৰ বাট ! অবিৰত ৰক্তক্ষৰণ হৈয়ে আছে।জয়সাগৰ পাবনে?
বাটত গৈ থাকোতে স্বপ্নালীক ফোন কৰি মঞ্জুৰ খবৰ লওঁ।টোপনি যাব নিদিবা।হৃদপিণ্ডৰ ধপ ধপনি মাজে মাজে নাইকীয়া হলেই স্বপ্নালিয়ে এম্বুলেঞ্চৰ ভিতৰতে বুকুত ঢকিয়াই হৃদপিণ্ডটো কাৰ্যক্ষম কৰি ৰাখিছিল।
আমি মনে মনে ভাবিছিলোঁ আমাৰ সিদ্ধান্ত শুদ্ধ আছিল নে? সেইদিনাখন ডিমৌৰ পৰা জয়সাগৰলৈ বহু দূৰ নিচিনা লাগিছিল।আমি সোনকালে পাবলৈ চেষ্টা কৰিছিলো, কিন্তু নাপাওঁহে নাপাওঁ। স্বাস্থ্যকৰ্মী বিশ্বজিতে এম্বুলেঞ্চ বেগাই চলাই প্ৰায় ২০-২৫ মিনিটতে জয়সাগৰস্থিত অসামৰিক চিকিৎসালয় উপস্থিত হৈছিল।
ৰাস্তাত প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ অৰবিন্দ বৰুৱাকো উঠাই লোৱা হয়।এনেকুৱা আকস্মিক সমস্যাত সহায়ৰ প্ৰয়োজন হয়।
জয়সাগৰৰ অসামৰিক চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষত মঞ্জুৰ শেষ উশাহ হে আছিল গৈ। সংজ্ঞাহাৰক ডাক্তৰ ফণীধৰ গগৈ আৰু ডাক্তৰ নিলোৎপল শৰ্মাই ৰোগীক পুনঃজীৱিত কৰি এনেস্থেছীয়া প্ৰয়োগ কৰে।অস্ত্ৰোপচাৰ আৰম্ভ কৰিব দি অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰলৈ স্বামীক সকলোখিনি কথা অৱগত কৰিবলৈ ওলাই যাওঁ।
তেওঁক কথাবোৰ বুজাই থাকোতে মোক ভিতৰলৈ তৎকালীন ভাবে মাতি পঠায়।দৌৰি গৈ অস্ত্ৰোপচাৰ কক্ষত সোমোৱাৰ লগে লগে ডাক্তৰ নিলোৎপলৰ ভাষ্য
“গিৰি দা এৰেষ্ট হৈছে।”
আমি প্ৰটকল মতে দৰব পাতি প্ৰয়োগ কৰাৰ পাছতো মঞ্জুৰ হৃদপিণ্ড কাৰ্যক্ষম হোৱা নাছিল।ডাক্তৰ টায়ে মোলৈ চাই যেন সুধিছে,”কি কৰোঁ,, অস্ত্ৰোপচাৰ কৰি যাওঁ নে বন্ধ কৰো।”
আমি কলো, “আপোনালোক ৰৈ নিদিব।আগবাঢ়ক। আমি এইফালে চেষ্টা কৰি আছো।”
বৰ অসহায় অনুভৱ কৰিছিলোঁ। আমাৰ সিদ্ধান্ত ভুল আছিল নেকি? ডিমৌতে জৰায়ু উঠোৱা অস্ত্ৰোপচাৰটো কৰিব লাগিছিল নেকি? নিজকে সান্ত্বনা দিলো, তেজ নোহোৱাকৈ আমি তাত কি কৰিলোঁহেঁতেন।কামবোৰ কৰি যোৱাৰ লগে লগে সমান্তৰাল ভাৱে অন্তৰ্দ্বন্দও চলি থাকিল।
ইতিমধ্যে তেজৰ ব্যৱস্থা হৈ গৈছিল।ডাক্তৰ নিলোৎপল আৰু ফণী দাৰ লগতে উপস্থিত সকলো স্বাস্থ্য কৰ্মীৰ আপ্ৰাণ চেষ্টাত আমি মঞ্জুৰ হৃদপিণ্ড কাৰ্যক্ষম কৰিবলৈ সক্ষম হৈছিলো।সৰ্বমুঠ ৭ টা তেজৰ বটলৰ জোৰত মঞ্জু সুস্থ হয়।
পিছদিনা ডিমৌ হাস্পতালত কথাবোৰ শুনি বিতত হলো।মঞ্জুৰ গাঁৱৰ মানুহ আৰু সমাজে ডাক্তৰৰ ভুল বুলি গুণা গঁথা কৰে।ডাক্তৰৰ ভুলৰ বাবেই মঞ্জুৰ অৱস্থা সংকটজনক হল বুলি কোৱা কুই কৰে।শুনা কথাবোৰে মনত মৰ্মান্তিক আঘাত দিয়ে।
হয়,আমাৰেই ভুল। আমি মঞ্জুৰ সন্তানৰ মূৰটো লাগি ধৰাৰ বাবে স্বাভাৱিক ভাবে প্ৰসৱ নোহোৱাৰ বাবে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়।হয় আমাৰ তেতিয়া ভুল হল।ডিমৌ চিকিৎসালয়ত ব্লাড বেংক নাই।এনে ৰোগীক তেজৰ প্ৰয়োজন হোৱাৰ অৱকাশ থাকে বুলি ভাবি,মঞ্জুক ডিব্ৰুগড় বা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ ৰেফাৰ কৰিব লাগিছিল।তেনে কৰাহেঁতেন ৰাস্তাতে জৰায়ু ফাটি সন্তানটিৰ লগতে মঞ্জুৰও মৃত্যু হলহেঁতেন।ৰেফাৰ কৰাহেঁতেন আমাক কোনেও একো নকলহেঁতেন। ডিমৌ হাস্পতালত তেজৰ ব্যৱস্থা নাই, সেইবাবে ৰেফাৰ কৰা হৈছে।সংশ্লিষ্ট বিভাগৰ অনুসন্ধানতও আমি ক্লিনশ্বীট পালোহেঁতেন! কিন্তু মঞ্জুৰ ৭ বছৰীয়া লৰা আৰু স্বামীক আমি কেনেদৰে সান্ত্বনা দিলোহেঁতেন। আমিও নিজকে নিজে দোষীলোহেঁতেন। প্ৰটকল মতে আমাৰ গ্ৰাম্য চিকিৎসালয়ৰ পৰা ৰেফাৰ কৰিব লাগিলহেঁতেন।কিন্তু আমি প্ৰটকলবোৰ জ্বলাঞ্জলি দি মনৰ কথাক/আৱেগক প্ৰশ্ৰয় দিওঁ।তাতে আমাৰ ভুল হল।
২০০৮ বর্ষৰ পৰা আমাৰ দলে কেনে অসুবিধাত সুকলমে ৪৭০০ চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিলে, সেয়া কোনেও হিচাব নললে।ব্লাড বেংক নোহোৱাকৈ এখন গ্ৰাম্য চিকিৎসালয়তে কেনেদৰে সুকলমে ৪৭০০ অস্ত্ৰোপচাৰ কৰা হল, কোনেও নুসুধিলে।সকলোকে মাত্ৰ কাম লাগে।সমাজ, ৰাইজ বা চৰকাৰেও এবাৰো নুসুধিলে,,”কোৱাচোন তোমালোকৰ অসুবিধাবোৰ।আমি অলপ সমাধান কৰিব চেষ্টা কৰোঁ ! “সমাধান নকৰিলেও মাত্ৰ কোনোবাই আমাক এষাৰ সোধাহেঁতেনও আমি অত্যন্ত সুখী হলোঁহেঁতেন।কিন্তু তেনে এষাৰ কথা আজিলৈকে নুশুনিলোঁ।
সেইবাবে কেতিয়াবা নিজকে ফুটবল খেলৰ গলকীপাৰ নিচিনা লাগে। হাজাৰটা গল তেওঁ বছাই, কিন্তু কোনোবা এদিন এটা গল ৰখাব নোৱাৰিলে।তেতিয়াই যেন হৈ হাল্লা হৈ যায়।গলকীপাৰজন বা স্বাস্থ্য কৰ্মীজন যে এজন তেজ মঙহৰ মানুহ সেয়া ৰাইজ বা সমাজে পাহৰি যায়।
মনত ৰাখিব পৃথিৱীৰ কোনো স্বাস্থ্য কৰ্মীয়ে মঞ্জুৰ নিচিনাকৈ চিজাৰিয়ানৰ পাছত ৰক্তক্ষৰণ হওক বা অৱস্থা সংকট জনক হওক বুলি চিকিৎসা নকৰে।এইবোৰ কেতিয়া, কত, কাৰ কেনেদৰে হব কোনেও নাজানে।
যি কি নহওঁক মঞ্জুৰ ঘটনাটোৰ পৰা আমি সকলোৱে শিক্ষা লব চেষ্টা কৰোঁ আহক। অসমৰ যিবোৰ গ্ৰাম্য চিকিৎসালয়ত মাহে ১০০ ৰো অধিক স্বাভাৱিক বা অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ হয়, তেনে চিকিৎসালয়বোৰত ব্লাড বেংকৰ বাবে চিঞৰ বাখৰ কৰো আহক।কেতিয়া, কত, কেনেদৰে, কাৰ, জীৱন ৰক্ষা হয়, কোনে জানে?
ঈদৰ আগদিনাখন আশা কৰ্মী মণিকাৰ জৰিয়তে মঞ্জু আৰু স্বামীক ডিমৌ চিকিৎসালয়লৈ মাতি পঠিয়ালো।ডাক্তৰ বা স্বাস্থ্য কৰ্মীৰ যে ভুল নাছিল, সেয়া বুজাব চেষ্টা কৰিলো। আমি যদি ভুল কৰিছিলোঁ, তেনেহলে বলিউডৰ প্ৰখ্যাত চিত্ৰ তাৰকা স্বৰ্গীয় স্মিতা পাটিলৰ জৰায়ুৰ পৰা অত্যধিক ৰক্তক্ষৰণ হৈ বিয়াগোম চিকিৎসালয়ত মৃত্যু হোৱাতোও ভুল আছিল।আশা কৰ্মী মণিকা আৰু স্বামীক তেওঁলোকৰ গাওঁত ৰাইজক কথাবোৰ অৱগত কৰিবলৈ অনুৰোধ কৰোঁ।
শেষত স্বামী আৰু ৭ বছৰীয়া লৰাটোক মাক মঞ্জু আৰু সদ্যোজাত ভায়েকক সুকলমে ঘূৰাই দিবলৈ সক্ষম হোৱা বাবে ডিমৌ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আমি সকলো স্বাস্থ্য কৰ্মী আজি অত্যন্ত সুখী।
কেতিয়াবা আমি সফল আৰু কেতিয়াবা আমি সম্পূৰ্ণ ৰূপে বিফল।বিফল হলেই আমাক যেন গলকীপাৰৰ দৰে নকৰিব। কিন্তু এইটোও মনত ৰাখিব আমি, পৃথিৱীৰ সকলো স্বাস্থ্যকৰ্মী সকলে, আপোনাৰ আত্মীয়ক সুস্থ কৰিব আপ্ৰাণ চেষ্টা কৰিম বা যমৰ সৈতে যুদ্ধ কৰিম।যুদ্ধত হৰা বা জিকা মাত্ৰ যুদ্ধৰ পৰিণামহে, কিন্তু যুদ্ধ কৰা আমাৰ কাম।
মঞ্জু আৰু স্বামীৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থত প্ৰকাশিত।