গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৫৩ তম ত্ৰি-বাৰ্ষিক অধিবেশনৰ সামৰণি

নতুন সমিতি গঠনঃ দেশৰ ভিন্ন প্ৰান্তৰৰ সূত ব্যক্তিৰ অংশগ্ৰহণ

0 128

শতাব্দ প্ৰতিবেদক, গহপুৰৰ,১মে: গহপুৰ মহকুমাৰ গোপালপুৰত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে।গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত অধিবেশনৰ আজি পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলিপ বৰাই।১০ বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে। বিয়লি ২বজাৰ পৰা সদৌ অসম সূত সন্মিলনৰ সভাপতি দিলিপ বৰাৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক-লেখক শৈলেন বৰুৱাই।বৰুৱাই ভাষণত কয় যে “অসমত সামগ্ৰিক ভাবে সূত জাতি আজিও সংগঠিত নহয়। শক্তিশালী জাতিয়ে নিজৰ দুৰ্বলতা প্ৰকট-প্ৰদৰ্শন নকৰে। সভ্যতাত বেলি মাৰ যোৱা জাতি সমূহৰ ইতিহাসত এই কথা লিপিবদ্ধ কৰা আছে। সূত নিশকতীয়া জাতি নাছিল, হব নোৱাৰে। শক্তিশালী সাৰথ্য গুণ, বিদ্বান আৰু বহু গুণেৰে মহিমামণ্ডিত সূত জাতিৰ এতিয়া আটাইতকৈ প্ৰয়োজন আত্ম বিশ্লেষণৰ মাজেৰে স্বকীয়তা প্ৰদৰ্শন কৰা আৰু নিজস্ব বৈশিষ্ট্যৰে সাংগঠনিক অস্তিত্ব বৰ্তাই ৰখা।সূত আৰ্য। আৰ্যৰ গাত থাকিব লগা নৃতাত্বিক বৈশিষ্ট্য সমুহ সূতৰ শৰীৰত স্পষ্ট। তেনে সূতে জনজাতি আৱৰণ গাত মেৰিয়াই আগুৱাব নে পিছুৱাব ? সদৌ অসম সূত সন্মিলন এটা অৰাজনৈতিক সংগঠন।পুৰাণ প্ৰসিদ্ধ জাতিটো ৰাজনৈতিক স্বাৰ্থত ভাগ ভাগ কৰা উচিত নহয়।সূতে ৰাজনীতিৰ পথাৰত দপদপাব লাগিব।কিন্তু সূত সন্মিলনৰ মজিয়াৰ পৰা নহয়।সেই মঞ্চ পৃথক ভাবে তৈয়াৰ কৰা হঁওক বুলি আহ্বান জনায়। অভ্যৰ্থনা সমিতিৰ সম্পাদক তৰুণ বৰাই আঁত ধৰা আৰু সন্মিলনৰ ৰাজ্যিক সম্পাদক প্ৰতুল শইকীয়াই উদেশ্য বাখ্যা কৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্যপ্ৰদেশৰ সূত সন্মিলনৰ বিষয়ববীয়া মহেন্দ্ৰ সিং ঠাকুৰে কয় সূতসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত কৰিব লাগিব।সূত সংগঠক শক্তিশালী কৰিবলৈ অসমৰ সূত সকলৰ প্ৰচেষ্টাৰ অতি প্ৰয়োজন বুলি কয়।শিক্ষক জ্যোতি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “নৈমিষাৰণ্য” উন্মোচন কৰে উপেন্দ্ৰ নাথ বৰুৱাই।অভ্যৰ্থনা সমিতিৰ সভাপতি গোপাল ভূঞাই আদৰণি ভাষণ দিয়া সভাখনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজা, বিশিষ্ট শিল্পী অতুল পাচনি, মধ্যপ্ৰদেশৰ ৰামায়ণ কুলদ্বীপ, ছত্তিশগড়ৰ অশোক সাৰথি, কেশৱ বানচাৰ আদিয়ে ভাষণ প্ৰদান কৰে।ইপিনে কালি নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত দিলিপ বৰাক পুনৰবাৰ সভাপতি নিৰ্বাচিত কৰাৰ লগতে মহেন্দ্ৰ ডেকাক সম্পাদক হিচাপে লৈ সদৌ অসম সূত সন্মিলনৰ নতুন কাৰ্যনিৰ্বাহ সমিতিখন গঠন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More