গাড়ীৰ চকা, বিদ্যুতৰ খুঁটাত কিয় মূতে কুকুৰে?

জানো আহক তিনিটা কাৰণ

0 54

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : বাটে পথে ঘূৰিলে প্ৰায় প্রতিদিনেই এনে কিছু ঘটনাৰ সাক্ষী হ’বলগীয়া হয়, যিবোৰৰ কাৰণ সকলো সময়তে জনা নাযায়। এই ধৰক, ঘৰৰ আশপাশে বা ৰাস্তাই ঘাটে লক্ষ্য কৰিলেই দেখা যায় যে, গাড়ীৰ টায়াৰ আৰু বিদ্যুতৰ খুঁটা; কুকুৰে প্রস্রাৱ কৰাৰ বাবে সকলো সময়তে এই দুটা ঠাই বাছি লয়। বাটে ঘাটে সঘনাই এই দৃশ্য দেখিবলৈ পোৱা যায়। কিন্তু প্রস্রাৱ কৰিবলৈ কুকুৰবোৰে এই দুই ঠাই কিয় বাছি লয় জানেনে? জানো আহক তিনিটা কাৰণ।

* কুকুৰে বিদ্যুতৰ খুঁটা বা গাড়ীৰ চকাত প্রস্রাৱ কৰি নিজৰ এলেকা চিহ্নিত কৰি ৰাখে। এইটো সিহঁতৰ অন্য সঙ্গীৰ লগত যোগাযোগ কৰাৰ উপায়। গাড়ীৰ চকাত বা বিদ্যুতৰ খুঁটাত প্রস্রাৱ কৰাৰ ফল অন্য লগৰীয়াবোৰে সেই গন্ধ গোন্ধি চাই বুজি পায় যে, সিহঁত দলৰ পৰা বাদ পৰা নাই। একে এলেকাতেই আছে।

* কুকুৰৰ এটা স্বভাৱগত আচৰণ হ’ল, সিহঁতি সমতলতকৈ ওখ কোনো ঠাইত প্রস্রাৱ কৰাটোত বেছি স্বাচ্ছন্দ্যবোধ কৰে। প্রস্রাৱৰ গোন্ধ চকাৰ টায়াৰত দীর্ঘ ক্ষণ স্থায়ী হয়। ফলত বাকী কুকুৰবোৰৰ বুজিবলৈ সুবিধা হয়, কোন ক’ত আছে। মাটিত প্রস্রাৱ কৰিলে, তাৰ গোন্ধ অলপ সময়ৰ পিছত নোহোৱা হৈ যায়। তেতিয়া এটাই আনটোৰ প্ৰমাণ পোৱাত সমস্যা হয়।

* গাড়ীৰ টায়াৰত প্রস্রাৱ কৰাৰ আৰু এটা কাৰণ হ’ল, কুকুৰবোৰে টায়াৰৰ গোন্ধ বিশেষভাৱে পছন্দ কৰে। টায়াৰৰ গোন্ধৰ তীব্রতম আকর্ষণত কুকুৰবোৰে সেয়ে বাৰে বাৰে গাড়ীৰ টায়াৰত প্রস্রাৱ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More