গাৰুৰ মূল্য ৪৫ লাখ টকা !

কি কি সমস্যা দূৰ হ'ব এই গাৰুত মূৰ থ'লে?

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : কোটিপতিয়েহে কিনিব পাৰিব। একোটা সাধাৰণ গাৰুৰ মূল্য সাধাৰণ লোকৰ বাবে কল্পনাতীত। কাৰণ এয়া হ’ল বিশ্বৰ সকলোতকৈ দামী গাৰু। দাম ৪৫ লাখ টকা। অর্থাৎ দুজনৰ বাবে দুটা গাৰু কিনিলেই প্রায় কোটি টকা খৰচ হ’ব। কিন্তু ইমান দাম কিয় সেই গাৰুৰ? কি আছে তাত? নিজৰ সর্বস্ব বিক্রী কৰিও এই গাৰু কিনিব নোৱাৰিব অনেকে। অৱশ্যে ইয়াৰ বাবে ১৫ বছৰৰ শ্রম দিছে এজন ফিজিঅ’থেৰাপিষ্টে। নেদাৰলেণ্ডছৰ সেই ফিজিঅ’থেৰাপিষ্টজনে শান্তিৰ টোপনি অনাৰ বাবেই ইমান দিন ধৰি গৱেষণা চলাইছিল। সেয়ে এতিয়া বিশ্বজুৰি বিক্রী হৈছে ৫৭,০০০ ডলাৰত। ভাৰতীয় মুদ্রাত যাৰ মূল্য ৪৫ লক্ষ টকা। দামৰ কাৰণ জানিবলৈ গ’লে বুজিব লাগিব কি কি আছে গাৰুটোত। হীৰা, চুনি, নীলকান্তমণি— সকলো আছে এই গাৰুত। সোণো আছে যথেষ্ট পৰিমাণে। গাৰুটোত যি তুলা ভৰোৱা হৈছে, সেয়া এটা ৰবটিক যন্ত্রৰে ধূনা। গাৰুৰ চেইনত আছে চাৰি টুকুৰা হীৰা। তাৰ লগতেই নীলকান্ত মণি লগাই থোৱা হৈছে। অৱশ্যে যিকোনো ধৰণে বিক্রীও কৰা নহয় এই গাৰু। এইটো বন্ধ কৰা থাকে এটা সজ্জিত বাকচত। গাৰুটো যি তৈয়াৰ কৰিছে, সেইজন ফিজিঅ’থেৰাপিষ্টৰ দাবী— অনিদ্রাত ভুগিছে যিসকল, তেওঁলোকৰ সকলো সমস্যা দূৰ হ’ব এনে গাৰুত মূৰ থৈ শুলে। মনৰ শান্তি অন্য ধৰণৰ হ’ব। যদিও অনেকৰেই বক্তব্য— ইমান দামী গাৰু কিনাৰ পিছত আৰু টোপনি অহাটোৱেই হয়তো অসম্ভৱ!

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More