গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা 

১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হব বিশাল প্ৰদৰ্শন

0 31

উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব।WhatsApp Image 2023 03 10 at 7.27.22 PM জাতীয় সংস্কৃতি বিহুক বিশ্ব দৰবাৰত তুলি ধৰা আৰু  বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱাকৈ দহ হেজাৰ ঢুলীয়া-নাচনীৰে একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক কেন্দ্ৰ কৰি লখিমপুৰ জিলাতো বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। লখিমপুৰ জিলাৰ চাৰিটা সমষ্টিৰ বিভিন্ন স্থান ক্ৰমে লখিমপুৰ ত্যাগ ক্ষেত্র, আৰু নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ১২ মাৰ্চত, ঢকুৱাখনা ফাটবিহুতলী আৰু নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় অহা ১৩ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা প্ৰাৰম্ভিক বাচনিৰ কাম আৰম্ভ কৰা হ’ব ৷ ১৪ এপ্ৰিলৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা আহৰণৰ বাবে ১৫ বছৰ বয়সৰ পৰা ৩৫ বছৰৰ বয়সৰ নাচনী আৰু ১৫ বছৰ বয়সৰ পৰা ৫৫ বছৰৰ ভিতৰৰ বিহুৱাই এই বাচনি শিৱিৰত অংশগ্ৰহণ কৰাৰ বাবে আৱেদন জনাব পাৰিব ৷ ইয়াৰোপৰি এই বয়সৰ ভিতৰৰ আন ইচ্ছুক বিহুৱা নাচনীয়ে লখিমপুৰৰ সদৰৰ প্ৰশিক্ষক ক্ৰমে নিপেন হাজৰিকা (৭৩৯৯৪৪১৩৫৪ ) দৰ্পণ গগৈ (৮৮৭৬৩০৪৪২২), নীলম দোলাকাষৰীয়া (৮৬৩৮৯৮৬৯৩৬), পাহাৰী বৰা (৯১০১৩২৭৩৩২), ঢকুৱাখনাৰ প্ৰশিক্ষক ক্ৰমে দীপক দাস (৯৯৫৭২৯৬৫২৮), বৰষা বুঢ়াগোহাঁই(৬০০২৪৮২৯৬০), প্ৰণৱ বৰুৱা (৭০৯৯৫৯৪৬৫১), ছায়াশ্ৰী চমুৱা (৬০০০১২১২৯৫), নাওবৈচা আৰু লালুকৰ প্ৰশিক্ষক ক্ৰমে ট্ৰিনিশা দেৱী (৬০০১৮৪৪৯৮৫), দীপাংকৰ সোণোৱাল (৬৮৬৪৬২৭৪৪৫), ভাস্বতী শইকীয়া (৮৪৮৬৩১৬১২১), নাৰায়ণপুৰৰ প্ৰশিক্ষক ক্ৰমে জেচিকা ভূঞা (৭০০২১৪৪৬২৬), মোহন দুৱৰা (৭০০২০৫৭১০৮), নিজৰা শইকীয়া (৬০০০৭৬৮৯২৩)ৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ বাচনি শিৱিৰত যোগ্য বুলি বিবেচিত হোৱা বিহুৱা-নাচনীক অহা ২৭ মাৰ্চৰ পৰা উক্ত স্থানসমূহতে প্ৰশিক্ষণ দিয়া হ’ব আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকে গুৱাহাটীত পাঁচদিনীয়া অনুশীলনৰ অন্তত সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিল, ২০২৩ তাৰিখে বিহুৰ মূল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাৰিব৷

আলোকচিত্ৰঃ দীপক দাস

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More