‘গিৱন অভয়াৰণ্য’ বচাও আহক

বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজৰ আহ্বান

0 18

যোৰহাট জিলাৰ হোলোঙাপাৰত অৱস্থিত গিৱন অভয়াৰণ্য কিয় মহত্বপূৰ্ণ?

     যোৰহাট জিলাৰ গিৱন অভয়াৰণ্যত পৃথিৱীৰ বিলুপ্তপ্ৰায় ৩ বিধ বান্দৰ প্ৰজাতিয়ে বসবাস কৰি আহিছে। ইয়াৰে হলৌ বান্দৰ অৰ্থাৎ Hollok Gibbon বৰ্তমান ৭৮ টাহে আছেগৈ বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। দিনক দিনে এই প্ৰজাতি ক্ৰমে বিলুপ্তিৰ পথত। এই প্ৰজাতিটোৱে মানুহৰ দৰেই পৰিয়াল পাতি বাস কৰে। পৰিয়ালৰ নিজ নিজ এলেকাত বিচৰণ কৰে। ইহঁতৰ মতা-মাইকী হালৰ কোনোবা এটাৰ মৃত্যুৰ পিছত লগৰীটোৱে কাৰো লগত সংসাৰ নকৰাকৈ সন্তানক লগত লৈ অকলে থাকে। বাস কৰে হোলোং গছত। হোলোং গছৰ বাবেই যোৰহাটৰ এই অঞ্চলৰ নাম হোলোঙাপাৰ। গিবন অভয়াৰণ্যত হোলোং গছৰ হাবিৰ মাজেদি ৰে’ল লাইন যোৱা বাবে দুইপাৰৰ হলৌখিনি ভাগ ভাগ হৈ পৰিল।WhatsApp Image 2024 10 16 at 3.48.36 PM

     ইয়াৰ উপৰিও লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপিমুৰিয়া বান্দৰ, অসমীয়া স্থানীয় বান্দৰকে ধৰি ৬ বিধ বান্দৰ প্ৰজাতিৰ লগতে অন্যান্য বহু জীৱ-জন্তু যেনে হাতী, ঘোং, লতামাকৰী, নাহৰফুটুকী, হৰিণ, জহামালকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে এই অৰণ্যত বসবাস কৰে।

      বিশ্বৰ আটাইতকৈ ঘন জৈৱ বৈচিত্ৰ্যৰ বাবেও হোলোঙাপাৰ গিবন অভয়াৰণ্য বিখ্যাত। ২০.৯৮ বৰ্গ কিলোমিটাৰ সামৰি থকা এই অভয়াৰণ্যত জৈৱবস্তুৰ ঘনত্ব ভাৰতৰ ভিতৰতে সৰ্বাধিক, আৰু বিশ্বৰ ভিতৰতে অন্যতম। ইয়াৰ উপৰিও ই ২১৯ প্ৰজাতিৰ চৰাই, ২০০ৰো অধিক প্ৰজাতিৰ পখিলা আৰু কেইবাবিধো সৰীসৃপ, পোক, পতংগকে ধৰি উভচৰ জন্তু জানোৱাৰৰ দুৰ্গ হিচাপেও প্ৰখ্যাত‌৷ বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ উদ্ভিদ, গছ-গছনিৰে ভৰপূৰ অসমৰ গৌৰৱ এতিয়া বিপন্ন।

👉 গিৱন অভয়াৰণ্যলৈ নামি অহা সংকট

১) গিৱন অভয়াৰণ্যখন ৫টা ব্লকত ভাগ কৰা হৈছে৷ ইয়াৰে এটা ব্লক ডিব্ৰুগড়-মৰিয়নী ৰে’লপথটোৱে ভাগ কৰিছে। ফলস্বৰূপে ইয়াৰ ওপৰৰ চাতি স্বৰূপ ওখ গছবোৰ ৰে’লবিভাগে কাটি থকাৰ বাবে হলৌ বান্দৰৰ পৰিয়ালসমূহ বিভক্ত হৈ পৰে আৰু সিহঁত সামাজিক বান্ধোনৰ পৰা বিচ্ছিন্ন হৈ পৰে। লগতে সিহঁতৰ বিচ্ছিন্নতাই বংশ বৃদ্ধিত অন্যতম হেঙাৰ হৈ পৰিল এই ৰে’ললাইন। তাৰ লগতে এই মাত্ৰ ডেৰ কিলোমিটাৰ পথত নিতৌ হাতীকে ধৰি বিভিন্ন জীৱ-জন্তু সঘনে মৃত্যুমুখত পৰে। এতিয়া ৰে’ল বিভাগে বৈদ্যুতিকৰণ কৰিবলৈ লোৱাত বান্দৰ প্ৰজাতিৰ লগতে অন্যান্য জীৱ-জন্তুও মৃত্যুমুখত পৰাটো নিশ্চিত হৈ পৰিছে। দশক দশক জুৰি এই ৰে’ললাইনটোৱে বহু জীৱ-জন্তুৰ অনিষ্ট সাধন কৰি অহাৰ বাবে প্ৰকৃতিপ্ৰেমী ব্যক্তি, দল, সংগঠনে সময়ে সময়ে বিৰোধ কৰি আহিছে আৰু ৰে’ল লাইনটো অভয়াৰণ্যৰ বাহিৰেৰে নিয়াৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু চৰকাৰ তথা ৰে’ল বিভাগে অকণো কৰ্ণপাত নকৰি ৰাইজৰ আহ্বানক নেওচা দি ২৫ হাজাৰ ভল্টৰ বৈদ্যুতিক লাইন বহুৱাৰ লগতে ইয়াক দ্বৈতলাইন যুক্ত কৰিবলৈ উঠিপৰি লাগিছে। গতিকে বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে প্ৰকৃতি ৰক্ষাৰ এই আন্দোলন গঢ়ি তুলিছে।

২) হিমালয়ৰ পাদদেশত অৱস্থিত পাটকাই পৰ্বতমালাৰ অংগ দিচৈভেলী সংৰক্ষিত বনাঞ্চল এই অভয়াৰণ্যৰ লগত প্ৰায় সংলগ্ন হৈ আছে। এই দুয়োখন ঠাইৰ গভীৰ অৰণ্যলানিয়ে যোৰহাট জিলাৰ লগতে সমগ্ৰ অঞ্চলটোৰ জীৱকুলক অক্সিজেন যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দিচৈভেলী সংৰক্ষিত বনাঞ্চল তিৰু পৰ্বতৰ নামনিত থকা বাবে আৰু গিৱন অভয়াৰণ্যৰ কাষতে হোৱা বাবে হাতীকে ধৰি প্ৰায়বিলাক বন্যপ্ৰাণী অহা-যোৱা কৰা অন্যতম গুৰুত্বপূৰ্ণ পথ হিচাপে গণ্য কৰা হয়। এই অঞ্চলটো হাতীৰ অন্যতম বিচৰণস্থলী হোৱাৰ উপৰিও জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰাও অতিকে গুৰুত্বপূৰ্ণ বুলি বহু বিশেষজ্ঞৰ তথ্যত প্ৰকাশ পাইছে। যোৰহাটৰ এমাজন স্বৰূপ এই বনাঞ্চলখন সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিৰ ফলত জীৱকুলৰ লগতে সমগ্ৰ পৰিবেশ-তন্ত্ৰ বিনষ্ট হ’ব। ইয়াৰ প্ৰমাণ যোৱা ছেপেটম্বৰ মাহত ৬ ডিগ্ৰী পৰ্য্যন্ত উষ্ণতা বৃদ্ধিৰ অভাৱনীয় ঘটনা। যোৰহাটত সচৰাচৰ ২৯ ডিগ্ৰীৰ পৰা ৩৩ ডিগ্ৰী পৰ্য্যন্ত হোৱাৰ তথ্য পোৱা গৈছিল, কিন্তু এইবাৰ এনেধৰণৰ উষ্ণতাত জনসাধাৰণে কেনে অসহ্যকৰ গৰমৰ সন্মুখীন হ’ব লগা হ’ল সেয়া সকলোৰে জ্ঞাত।

এনে অৱস্থাত আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে এটা বেচৰকাৰী সংস্থাই তেল আৰু গেছৰ অনুসন্ধান চলাবলৈ অনুমতি লাভ কৰিছে। ৪.৫ হেক্টৰ অৰণ্যৰ মাটি আৱন্টন লাভ কৰা বেদান্তাৰ সহযোগী প্ৰতিষ্ঠান কেয়াৰ্ন অইল এণ্ড গেছে বনধ্বংসৰ লগতে সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশ ধ্বংস কৰিব। ৪.৫ হেক্টৰ মানে ৪৫০০০ বৰ্গমিটাৰ ( ৪,৮৪,২০০ বৰ্গফুট) অৰ্থাৎ ১৬৮ কঠা মাটি মানে ৩৩বিঘা ৩ কঠা মাটি চৰকাৰে স্থানীয় জনসাধাৰণৰ লগত কোনো আলোচনা বিলোচনা নকৰাকৈ, সংৰক্ষিত বনাঞ্চল খনক অবাধে ধ্বংসৰ মুখলৈ ঠেলি দি জনগণৰ লগতে সমগ্ৰ জীৱকুল আৰু পৰিবেশ তন্ত্ৰত আঘাত হানিবলৈ এৰি দিছে।

     চৰকাৰৰ এনে জনগণ আৰু প্ৰকৃতি বিৰুদ্ধ নীতি কোনো সচেতন প্ৰগতিশীল প্ৰকৃতিপ্ৰেমী ৰাইজে মানি ল’ব নোৱাৰে। সেয়ে বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে অসমৰ সমূহ প্ৰকৃতিপ্ৰেমী ব্যক্তি, সংগঠন তদুপৰি ৰাইজৰ প্ৰতি আহ্বান জনাব বিচাৰে যে

👉পৃথিবীখ্যাত, যোৰহাটৰ গৌৰৱ তথা একমাত্ৰ গিৱন অভয়াৰণ্যখনৰ ৰক্ষাৰ বাবে আপোনাৰ এষাৰ মাতেই হ’ব সুৰক্ষাৰ অমোঘ অস্ত্ৰ।

👉আহক গিৱন ৰক্ষাৰ আন্দোলনত অংশগ্ৰহণ কৰি আমাৰ প্ৰাণীকুলক সুৰক্ষিত ৰাখোঁ, ভৱিষ্যতক সুৰক্ষিত কৰোঁ।

👉আহক গিৱনৰ মাজেৰে যোৱা ৰেল পথচোৱা তৎকালীনভাৱে স্থানান্তৰ কৰাৰ দাবী জনাওঁ।

👉আহক আমাৰ উশাহ কাঢ়ি ল’ব বিচৰা চৰকাৰৰ হঠকাৰী নীতিৰ তীব্ৰ বিৰোধিতাৰে তেল গেছ অন্বেষণ কৰিব খোজা কাৰ্য তৎকালীনভাৱে বন্ধ কৰাৰ দাবী উত্থাপন কৰোঁ।

বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজৰ হৈ

ত্ৰিদিৱ দত্ত (সম্পাদক)
প্ৰমোদ মহন্ত (সভাপতি)
দ্বীপেন কাকতি, ৰাজীৱ বৰুৱা, কনক চন্দ্ৰ বৰা, দিলীপ কৰ্ণানী, কমল শৰ্মা (উপদেষ্টা), ডা০ গোলাপ ডেকা, মৃদুল কুমাৰ বৰা, মহেন্দ্ৰ খনিকৰ, মাখনলাল গট্টানী, বিপিন দোলাকাষৰীয়া (উপসভাপতি) দিলীপ বৰদলৈ (কোষাধ্যক্ষ) জিতু কলিতা, যামিনী বৰবৰুৱা(যুটীয়া সম্পাদক) দেৱব্ৰত দত্ত, নিৰঞ্জন মহন্ত, হেমেন শইকীয়া, জ্যোতি আগৰৱালা, তৌফিকুল হুছেইন, শিখা বৰা সন্দিকৈ, শিৱদাস ভট্টাচাৰ্য্য, দিব্যজ্যোতি বৰুৱা, পুলিন গোস্বামী, ড০ কুমুদ ঘোষ, ড০ দণ্ডেশ্বৰ দত্ত, বিকাশ বৰদলৈ, ড০ প্ৰশান্ত হাজৰিকা, পৰেশ মালাকাৰ

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More