গীত-মাত-কথাৰে জীপাল তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত

স্মৃতি ৰোমন্থনেৰে নষ্টালজিকহৈ পৰিল প্ৰাক্তন ছাত্ৰঃ স্মৃতিগ্ৰন্থ ‘আমি ২০২২’ উন্মোচন

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ন-পুৰণি ছাত্ৰৰ সমাহাৰ আৰু সামাজিক-সাংস্কৃতিক বিষয়ৰ বৌদ্ধিক চিন্তাৰ প্ৰকাশে আজি তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দূৰ-দূৰণিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগ, মহাবিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত ‘আমি ২০২২’ নামৰে এখন তথ্যসমৃদ্ধ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰৰ স্মৃতি ৰোমন্থনেৰে নষ্টালজিক হৈ পৰা অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি বক্তব্য প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ অজয় কাণ্ডুলনাই৷ ১৯৭৭ চনতে জন্ম লাভ কৰা তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ে ইতিমধ্যে ৪৫টাকৈ গৌৰৱ উজ্বল সোণালী বৰ্ষৰ স’তে সাক্ষী হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সন্মিলনৰ সভাপতি বসন্ত ভট্টাচায্যৰ্ই অভিভাষণ প্ৰদান কৰাৰ পিছতেই স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷ প্ৰাক্তন ছাত্ৰ অজিত দত্তৰ সম্পাদনা আৰু সহকাৰী সম্পাদক শম্ভু বড়োৰ পৰিকল্পনাৰে প্ৰস্তুত কৰা স্মৃতিগ্ৰন্থ ‘আমি ২০২২’ উন্মোচন কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ্য কল্পনা বৈশ্যই৷ উন্মোচনী বক্তব্যত প্ৰাক্তন অধ্যক্ষা কল্পনা বৈশ্যই স্মৃতিগ্ৰন্থৰ প্ৰয়োজনীয়তাৰ লগতে শৈক্ষিক জীৱনৰ স্মৃতি ৰোমন্থন কৰে৷ ৰাজ্য তথা দেশৰ শৈক্ষিক ক্ষেত্ৰখনৰ এক উজ্বল নক্ষত্ৰ হিচাপে সদায়েই উজ্জীৱিত হৈ থকা তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিতব্য প্ৰথমখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ ‘অন্তৰংগ আলাপ’ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাক্তন অধ্যক্ষা জিনাবালা নাথে উদ্বোধনী বক্তব্য প্ৰদান কৰে৷ ইয়াৰ পিচতেই আৰম্ভ হয় বহু আকাংক্ষিত অন্তৰংগ আলাপ অনুষ্ঠান৷ প্ৰাক্তন ছাত্ৰ অনিল ভট্টাচায্য আৰু বাসৱ ভূঞাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত অধ্যক্ষ অজয় কাণ্ডুলনাই কবিতা পাঠ কৰে৷ সেইদৰে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংলাপ, বক্তব্য আৰু গীতেৰে জীপাল হৈ পৰা অনুষ্ঠানৰ আজিৰ প্ৰথম দিনটোত উপস্থিত থকা প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকেই মহাবিদ্যালয় আৰু সন্মিলনৰ তৰফৰ পৰা এখনকৈ বিশেষভাবে প্ৰস্তুত কৰা বস্ত্ৰৰে আদৰণি জনোৱা হয়৷ মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপিকা সন্মিলনৰ সমন্বয়ক মনময়ূৰী গোস্বামীৰ তদাৰক আৰু বৰ্ষা শইকীয়াই আঁত ধৰা সম্বৰ্ধনা কায্যৰ্সূচীত তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ, জ্যেষ্ঠ অধ্যাপিক শেৱালী গোস্বামী, মনময়ূৰী গোস্বমী, সুৰজিৎ মহন্ত, ড° অঞ্জুলা চহৰীয়া, ড° ৰুণজুন কলিতা, ৰেখামণি বৰুৱা, মনালিছা ফুকন, ৰস্মিৰেখা শৰ্মা, কৰ্মচাৰী জয়ন্ত শৰ্মা, প্ৰণৱ বৰা, বৰষা দাস, কাণিকা দাুলাগাপু, কৃষ্ণা ডেকা, বহাৰুল ইছলাম, নগেন দাস, ললিত দাস, হেমন্ত শইকীয়া আদিক সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয়খনত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা আৰু বিভিন্ন সময়ত অস্থায়ী হিচাপে সেৱা আগবঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰাক্তন অধ্যক্ষ জিনাবালা নাথ, কল্পনা বৈশ্য, গুনকান্ত বৰুৱা আদিক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰে অধ্যাপিকা মনময়ূৰী গোস্বামীয়ে৷ উল্লেখ্য যে, পুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ পতাকা উত্তোলন কৰে অধ্যক্ষ অজয় কাণ্ডুলনা আৰু বসন্ত ভট্টাচায্যৰ্ই৷ পতাকা উত্তোলনৰ লগে লগে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত ধ্বনিত হয় প্ৰাক্তন ছাত্ৰ বিশ্বজিৎ বড়ো আৰু জগদীশ শৰ্মা ৰচিত মহাবিদ্যালয়খনৰ শীৰ্ষ গীত৷ ইয়াৰ পিছতেই বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয়৷ বৃক্ষৰোপণ কৰে সন্মিলনৰ উপসভাপতি তথা প্ৰাক্তন ছাত্ৰ জগদীশ শৰ্মা আৰু অধ্যক্ষ কাণ্ডুলনাই৷ দিনান্তত প্ৰাক্তন ছাত্ৰ বিশ্বজিৎ বড়োৱে শলাগ জ্ঞাপন কৰাৰ পিছতেই সান্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়৷ প্ৰাক্তন ছাত্ৰ শম্ভু বড়োৱে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অঁনাতাৰ শিল্পী দুগাৰ্ময়ী বৰাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More