গুজৰাটত আপৰ চৰকাৰ হ’লে মাহে ৩০ হাজাৰকৈ পাব সকলোৱে!

 নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ চাঞ্চল্যকৰ ঘোষণা

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰ : লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ আগতে সকলোৱে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফালে চকু দিছে। ভাৰতীয় জনতা পাৰ্টী গুজৰাটত ২৭ বছৰ ধৰি ক্ষমতাত আছে। আনহাতে অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। দিল্লী আৰু পঞ্জাৱৰ পিছত কেজৰিৱালে গুজৰাটক নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা কাঢ়ি নিব পাৰিবনে নাই, বৰ্তমান সকলো সেই প্ৰশ্নৰ উত্তৰ বিচৰাত ব্যস্ত। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এটা ডাঙৰ ঘোষণা কৰিছে গুজৰাট নিৰ্বাচনৰ উপলক্ষে। যদি তেওঁৰ দল অৰ্থাৎ আম আদমী পাৰ্টিয়ে গুজৰাটত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে প্ৰতিটো পৰিয়ালক ৩০ হাজাৰ টকাৰ সুবিধা প্ৰদান কৰা হ’ব। অৰবিন্দ কেজৰিৱালৰ এই প্ৰতিশ্ৰুতি ইতিমধ্যে সমগ্ৰ গুজৰাটতে বিয়পি পৰিছে। কি ক’লে কেজৰিৱালে? মন কৰিবলগীয়া যে দিল্লী আৰু পঞ্জাৱৰ পিছত বৰ্তমান গুজৰাট ৰাজ্যত বিজেপিৰ ঠাইত চৰকাৰ গঠন কৰাৰ বাবে আম আদমী পাৰ্টিয়ে চেষ্টা চলাই আছে। এনে অৱস্থাতে এখন জনসভাৰ সময়ত কেজৰিৱালে গুজৰাটবাসীক কয় যে অহা মাৰ্চ মাহৰ পৰা তেওঁলোকে বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগিব। ইয়াক ৰাজ্য চৰকাৰে পূৰণ কৰিব। একে সময়তে কেজৰিৱালে গুজৰাটত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হ’লে প্ৰতিমাহে ৩০০০ টকা নিবনুৱা ভাট্টা আৰু ১০০০ টকা মহিলা ভাট্টা দিয়াৰ কথা ঘোষণা কৰে। কেৱল সেয়াই নহয়, দিল্লীৰ মুখ্যমন্ত্রীয়ে ‘শিক্ষা খাটা’ত ১০ হাজাৰকৈ টকা দিয়াৰ প্রতিশ্রুতিও দিছে৷ ফলত মুঠ ধনৰ পৰিমাণ ৩০ হাজাৰত উপনীত হৈছে। আপৰ এই ঘোষণাৰ পিছতে বিজেপি আৰু কংগ্ৰেছ দলে আপৰ মুৰব্বীক ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিছে। বিশেষজ্ঞসকলৰ মতে, আপ প্ৰধানৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্যৰ বাজেটৰ প্ৰায় ৯০% খৰচ হ’ব। কিন্তু আনফালে এই সকলো প্ৰতিশ্ৰুতিকে কেজৰিৱালে টকাৰ জৰিয়তে চৰকাৰ কিনাৰ ষড়যন্ত্ৰ বুলি বিৰোধী দলসমূহে সমালোচনা কৰি আহিছে। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ শাসক দল বিজেপিও বৰ পিছ পৰি থকা নাই। শাসক দলৰ ঘোষণা অনুসৰি প্ৰতিটো পৰিয়ালক ক্ষমতালৈ অহাৰ পিছত বছৰি দুটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব। ফলত সকলো প্ৰতিশ্ৰুতিৰ ভিতৰত অৱশেষত কোনে গুজৰাট বিধানসভা দখল কৰিব সেইটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More