গুণাকৰ দেৱগোস্বামীক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান

তেজপুৰত প্ৰথম মৃত্যু বাৰ্ষিকীত সহস্ৰজনে অশ্ৰুসিক্ত নয়নেৰে স্মৰণ কৰিলে বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক

0 25

সোঁৱৰণী গ্ৰন্থ – “সব্যসাচী” উন্মোচন

অকতোভয় মানবীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাক চিৰস্মৰণীয় কৰি ৰখাৰ পদক্ষেপ প্ৰশংসনীয় – গুণাকৰ দেৱগোস্বামী

হেমন্ত কুমাৰ বৰুৱা তেজপুৰৰে নহয় ৰাজ্যখনৰে সম্পদ আছিল – পল্লৱ লোচন দাস
হেমন্ত কুমাৰ বৰুৱাৰ বহুমুখী প্ৰতিভাক কালে কেতিয়াও নি:শেষ কৰিব নোৱাৰে – পৃথ্বিৰাজ ৰাভা

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৯ অক্টোবৰ: মানুহক ভাল পোৱা, সমাজক ভাল পোৱা, জীৱনমুখী এগৰাকী কীৰ্তিমান ব্যক্তিক মৃত্যুৰ পিচত বৰ্ণাঢ্য ৰূপত স্মৰণ কৰাৰ পৰম্পৰা তেজপুৰৰ দৰে সুসংস্কৃতিবান মানুহৰ বাবেহে সম্ভব.। তেজপুৰ কেৱল জ্যোতি – বিষ্ণু বা ফণী শৰ্মাৰ কৰ্ম আৰু জন্মভূমি বাবেই পৃথক নহয় তেজপুৰ বাসীয়ে এগৰাকী সামাজিক ভাবে দায়বদ্ধ লোকক বৃহৎ আয়োজনৰে স্মৰণ কৰাৰ যি প্ৰয়াস সেয়া সামাজিক মূল্যবোধৰ প্ৰোজ্জ্বল চানেকী বুলি আজি তেজপুৰত “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” গ্ৰহণ কৰি এনেদৰে কয় সত্ৰীয়া নৃত্যৰ বিশিষ্ট শিল্পী, নাট্যকাৰ – অভিনেতা গুণাকৰ দেৱগোস্বামীয়ে ।উল্লেখ্য যে, যোৱা বছৰৰ আজিৰ দিনটোতে ক’ভিড ৰোগত আক্ৰান্ত হৈ কায়িক ভাবে আঁতৰি যোৱা বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ সোঁৱৰণত আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আয়োজন কৰা হয় দিনজোৰা এক বৰ্ণাঢ্য অনুষ্ঠান। হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে প্ৰথমবাৰৰ প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি তেজপুৰীয়া ৰাইজৰ এনে বৰ্ণাঢ্য প্ৰয়াসৰ শলাগ লৈ গুণাকৰ দেৱগোস্বামীয়ে ভাষণ প্ৰসংগত আৰু কয় – আজিৰ সমাজ-সংস্কৃতিৰ জগতখনত যান্ত্ৰিকতাৰ সূচনা হৈছে। হৃদয়ৰ পৰা সৃষ্ট শিল্প – সংস্কৃতিৰ ক্ষেত্ৰখনো যান্ত্ৰিকতাই গ্ৰাস কৰিছে। এই যান্ত্ৰিক চেতনাক গ্ৰাস কৰিবৰ বাবেই অকতোভয় মানৱীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাৰ দৰে ব্যক্তিক আমি চিৰস্মৰণীয় কৰি ৰাখিব লাগিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, যিসমূহ অনুষ্ঠানৰ লগত হেমন্ত কুমাৰ বৰুৱা ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল সেই অনুষ্ঠান সমূহৰ বিভিন্ন মুহূৰ্তৰ ফটোৰে নান্দনিক ৰূপত বাণ থিয়েটাৰ প্ৰাংগন সজাই তোলা পৰিৱেশৰ মাজতে আজি পুৱাই হেমন্ত কুমাৰ বৰুৱাৰ বিশাল প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আৰু কন্যা অংকিতা বৰুৱাই। গায়ন বায়নৰ খোল তাল বাদনেৰে শুভাৰম্ভ হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ বিষয়ববীয়া, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অবনী কুমাৰ শৰ্মা, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভূবন চন্দ্ৰ গগৈ,সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা,তৰুলতা দাস, অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা, বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য্য কাকতিকে ধৰি প্ৰায় একুৰি অনুষ্ঠানৰ প্ৰতিনিধিৰ লগতে বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা মূল অনুষ্ঠান আৰম্ভ হয় ত্ৰিবেণী ভট্টাচাৰ্য্যই পৰিৱেশন কৰা এটি বৰগীতেৰে।স্মৃতি ৰক্ষা সমিতিৰ উপ সভাপতি জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ দিয়া অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই পংকজ বৰুৱা আৰু দ্বীজেন নাথ সম্পাদিত সোঁৱৰণী গ্ৰন্থ “সব্যসাচী” উন্মোচন কৰি ভাষণ প্ৰসংগত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিভাৰ বিষয়ে অৱগত হৈ তেওঁ যে বিশেষ সমাজ হিতৈষী ব্যক্তি আছিল সেই প্ৰসংগ আলোকপাত কৰি তেনে এগৰাকী ব্যক্তিৰ স্মৰণৰ গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। আনহাতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট ব্যক্তি সকলে গুণাকৰ দেৱগোস্বামীক গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, ফুলাম জাপী, স্মাৰক, প্ৰশস্তি আৰু নগদ ধনেৰে যুৱ বঁটা প্ৰদান কৰাৰ পিছত সাংসদ পল্লৱ লোচন দাসে স্মৃতিচাৰণ কৰি হেমন্ত কুমাৰ বৰুৱাই বিভিন্ন সময়ত প্ৰদান কৰা মাৰ্গদৰ্শনৰ প্ৰসংগ উত্থাপন কৰি কয় – হেমন্ত কুমাৰ বৰুৱা অকল তেজপুৰৰ বাবেই প্ৰতিভাবান সমাজ হিতৈষী সামাজিক – সংস্কৃতিক কৰ্মী নাছিল সমগ্ৰ ৰাজ্যখনৰে এগৰাকী সম্পদ আছিল আৰু সব্যসাচী ব্যক্তি সহজে আৰু জন্ম হবনে নহয় সেই কথাৰ নিশ্চিতি নহয় বুলি মন্তব্য কৰে। হেমন্ত কুমাৰ বৰুৱাৰ সুহৃদ, তথা বহু সামাজিক কৰ্মৰ ঘনিষ্ঠ সান্নিধ্যত থকা
তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই হেমন্ত কুমাৰ বৰুৱাক স্মৰণ কৰি গীত, নাটক, বক্তৃতা, কুইজ পৰিচালনাৰ পৰা সকলো দিশতে পাৰদৰ্শিতাৰ পৰিচয় দিয়া হেমন্ত কুমাৰ বৰুৱাৰ দৰে ব্যক্তি বৰ্তমান সময়ত পাবলৈ বিৰল বুলি মন্তব্য কৰি এনে প্ৰতিভাক কালে কেতিয়াও নি:শেষ কৰিব নোৱাৰে। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই স্মৰণ কৰি তেজপুৰ সাহিত্য সভাৰ সভাপতিৰ আসনত অধিস্থিত হৈ থকাৰ সময়ত তেজপুৰ সাহিত্য সভাক গতিশীলতা প্ৰদান কৰি অনুষ্ঠানটিক এক বৌদ্ধিক অনুষ্ঠানলৈ পৰিণত কৰাৰ প্ৰসংগ উত্থাপন কৰি হেমন্ত কুমাৰ বৰুৱাৰ প্ৰখৰ স্মৃতি শক্তি অতুলনীয় আছিল বুলি কয়। এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা প্ৰবীণ চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা জ্যোতি কলা কেন্দ্ৰ সংগীত সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই, শোণিতপুৰ শিল্পী সমাজৰ অপূৰ্ব শইকীয়াইও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত হেমন্ত কুমাৰ বৰুৱাৰ একমাত্ৰ কন্যা অংকিতা বৰুৱাইও পিতৃৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে মৃত্যুৰ কেইদিনমান পূৰ্বে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হেমন্ত কুমাৰ বৰুৱাই ৰচনা কৰা অন্তিম কবিতাটি এই অনুষ্ঠানতে আবৃত্তি কৰে ৰুবী বৰাই ।সভাপতিৰ আসনৰ বীৰেন্দ্ৰ কুমাৰ বৰাই স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More