গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

অসম স্বাস্থ্যসেৱা আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্পক লৈ আলোচনা

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৪ এপ্ৰিল :WhatsApp Image 2023 04 24 at 8.37.42 PM জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা ‘অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প’ (এএইচআইডিপি) সন্দৰ্ভত টকিঅ’ৰ পৰা অসমলৈ অহা জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটাৰ সৈতে আজি নিশা গুৱাহাটীৰ হোটেল ন’ভ’টেলত এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। জাইকাৰ টকিঅ’স্থিত মুখ্য কাৰ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ সঞ্চালিকা মিছ চাট’ৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোত আছিল জাইকাৰ স্বাস্থ্যসেৱা বিশেষজ্ঞ ইছ’ন’, মানৱ সম্পদ বিভাগৰ বিষয়া মিছ আন্না ইনক্লেন, ভাৰতস্থ প্ৰতিনিধি মিছ ৰিঅ’ অ’হগুচি আৰু প্ৰধান উন্নয়ন বিশেষজ্ঞা অদিতি পুৰী। এই আলোচনাত স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব তথা অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্পৰ ব্যৱস্থাপনা সমিতিৰ সঞ্চালক ড০ সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, জাইকাৰ অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প প্ৰৱন্ধন গোটৰ টীম লীডাৰ মনোজ কুমাৰ ডেগুও উপস্থিত থাকে। জাইকাৰ পুঁজিৰে অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যসেৱা আন্তঃগাথঁনি শক্তিশালীকৰণৰ উদ্দ্যেশ্যে ৰূপায়ন কৰিবলৈ লোৱা এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ ছখন চিকিৎসা মহাবিদ্যালয় (শিলচৰ, তেজপুৰ, যোৰহাট, বৰপেটা, ডিফু আৰু লখিমপুৰ)ত নতুনকৈ এখনকৈ ছুপাৰস্পেচিয়েলিটী হস্পিতাল নিৰ্মাণৰ লগতে ছখন জিলা অসামৰিক চিকিৎসালয় (শিলচৰ, ওদালগুৰি, হোজাই, হাইলাকাণ্ডি, দৰং আৰু ডিমা হাচাও)ও অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আজিৰ আলোচনাত এই অত্যাধুনিক ছুপাৰস্পেচিয়েলিটি হস্পিতালকেইখনৰ লগতে জিলা চিকিৎসালয়কেইখনৰ আধুনিকিকৰণৰ বিষয়ত চৰ্চা কৰা হয়। উল্লেখ্য যে, টকিঅ’ আৰু নতুন দিল্লীৰ পৰা তিনি দিনীয়া ভ্ৰমণসূচীৰে অহা জাইকাৰ প্ৰতিনিধি দলটোৱে আজি আগবেলা গুৱাহাটীত উপস্থিত হোৱাৰ পাছত দুপৰীয়া ‘অসম স্বাস্থ্য আন্তঃগাঁঠনি সবলীকৰণ প্ৰকল ব্যৱস্থাপনা সমিতিৰ সৈতে বৈঠকত মিলিত হৈ প্ৰাৰম্ভিক ৰূপায়ণকাৰ্যৰ পৰ্যালোচনা কৰে। কাইলৈ দলটোৱে কামৰূপ (মহানগৰ) জিলাৰ একাধিক পাৰ্শ্বৱৰ্তী চিকিৎসালয় পৰিদৰ্শন কৰি ৰাজ্যৰ গ্ৰামীণ স্বাস্থ্য আন্তঃগাথঁনিৰ বিষয়েও বুজ ল’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More