গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

0 17

শতাব্দ প্ৰতিনিধি গুৱাহাটী,১৩ জুনঃ নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰাক লৈ দেশজুৰি কংগ্ৰেছে আজি বিক্ষোভ প্ৰদৰ্শন কৰে। অসমতো প্ৰতিবাদত নামি পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সহিতে দলৰ নেতা-কৰ্মীসকল। বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ই ডিৰ দ্বাৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চমন জাৰি কৰি তলৱ কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ ই ডিৰ কাৰ্যালয়লৈ সমদল উলিয়ায়। কিন্তু প্ৰতিবাদকাৰীসকলক আদবাটতে বাধা দি আটক কৰে আৰক্ষীয়ে। এই কাৰ্যসূচীত অংশ লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰক ভৰিৰে মোহাৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম আৰক্ষীক গণতন্ত্ৰক ভৰিৰে মোহাৰিবলৈ অনুজ্ঞাপত্ৰ দিছে বুলি অভিযোগ কৰে শইকীয়াই। ই ডিৰ কাৰ্যালয়ে মনে সজা গোচৰত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক দিল্লীৰ ই ডিৰ কাৰ্যালয়লৈ সোমবাৰে তলব কৰিছে বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে। তেওঁ লগতে কয় যে আচলতে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত কোনো গোচৰেই নাই। ২০১৫ চনতে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত এটা গোচৰ ৰুজু হৈছিল। পৰৱৰ্তী সময়ত আদালতে এই গোচৰ খাৰিজ কৰে। ইয়াৰ বিৰুদ্ধে সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্দোলন কৰে। দেৱব্ৰত শইকীয়াই লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসন কালত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিজেপি চৰকাৰে ই ডি আৰু চি বি আইক ৰাজনৈতিক লিপ্সা পূৰণ কৰাৰ বাবে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে । তেওঁ কয় যে আমি বিজেপিক ভয় নকৰো। বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More