গুৱাহাটীত স্থাপন হ’ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ণ গৱেষণাগাৰ

গুৱাহাটীত ক্রেতা-বিক্রেতা সন্মিলন উদ্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

0 20
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৩০ জুনঃ ৰাজ্য চৰকাৰ আৰু স্পাইছ বৰ্ডে যুটীয়াভাৱে মচলাখণ্ডত আন্তঃগাঠনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মচলা উদ্যেগৰ বিকাশৰ বাবে গুৱাহাটীত স্থাপন কৰা হ’ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ন কৰাৰ বাবে গৱেষণাগাৰ তথা পৰীক্ষাকেন্দ্ৰ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। গুৱাহাটীত বৃহস্পতিবাৰে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ক্রেতা-বিক্রেতা সন্মিলন উদ্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে মচলা উৎপাদনৰ মানদণ্ডৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। অসম হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। বৰ্তমান ৰাজ্যখনত উন্নত হৈছে যোগাযোগ ব্যৱস্থা আৰু বিকাশ হৈছে আন্তঃগাঁঠনি। মচলাকে আদি কৰি ৰাজ্য তথা উত্তৰ-পূব অঞ্চলত উৎপাদিত শস্য বহল প্ৰচাৰৰ লগতে এক ৰপ্তানিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই ক্ষেত্ৰত অসমে বিশেষ ভূমিকা গ্ৰহণ কৰিব। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ কৃষি, পশুপালন, মীন মন্ত্রী টেগ টাকীয়ে অংশ গ্ৰহণ কৰি কয় যে উত্তৰ-পূবত মচলা খণ্ডত বিকাশৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰযুক্তি আৰু আন্তঃগাঁঠনি উন্নয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই ক্ষেত্ৰত আমি সকলোৱে আগভাগ লোৱা উচিত। অনুষ্ঠানটোত আই এফ এছৰ সম্পাদক ডি সাথিয়াই আদৰণি ভাষণত কয় যা আন্তঃৰাষ্ট্ৰীয় ক্রেতা বিক্রেতা সন্মিলনৰ আয়োজন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মচলা খণ্ড অধিক প্ৰসাৰ কৰা আৰু মানদণ্ডৰ লগতে আন্তঃগাঠনি উন্নয়ন কৰা। ছিকিমত প্ৰচুৰ পৰিমাণে ইলাচী উৎপাদন হোৱাৰ লগতে অসমৰ কাৰ্বি আংলংত আদা, জলকীয়া, বার্থছ আইচিলি, হাথেই চিলি আৰু ডালে খুৰছানীৰ উৎপাদন সর্বাধিক। তেওঁ লগতে কয় যে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতা সকলৰ সৈতে অঞ্চলটোৰ থলুৱা, উচ্চ মানদণ্ডৰ মচলাৰ বাবে পোনপটীয়া বাণিজ্যিক সম্পর্ক গঢ়ি তোলা। এই সন্মিলন তথা প্ৰদৰ্শনীত অঞ্চলটোত উৎপাদিত শস্যসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিশেষভাৱে আলোকপাত কৰা হয়। স্পাইছ বৰ্ডে এই সন্মিলনৰ জড়িয়তে মচলাৰ ৰপ্তানিৰ এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। স্পাইছ বৰ্ডৰ সম্পাদক গৰাকীয়ে শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানতে স্পাইছ বৰ্ডে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ বাবে বৃহৎ ইলাচী উৎপাদনশীলতা বঁটা প্ৰদান কৰে। পদ্মশ্রী বঁটা প্ৰাপ্ত ট্রিনিটি চাইও, নানাদ্রো বি মাৰাককো সন্মানিত কৰা হয়। ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু এছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ ক্রেতা-বিক্রেতা সন্মিলনত ৫০ ৰো অধিক প্রতিনিধি উপস্থিত থকাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন সাতখন ৰাজ্যৰ মচলা বিক্রেতাই ভাগ লয়। কাইলৈ সামৰণি পৰিব এই সন্মিলনৰ। অনুষ্ঠানটোত কৃষি বিভাগৰ আয়ুক্ত সচিব ড° ওম প্রকাশ আৰু মচলা পৰিষদৰ সঞ্চালক ড° এ বি ৰেমাশ্ৰীয়ে অংশ গ্ৰহণ কৰা প্ৰতিনিধিসকলক সম্বধোন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More